ETV Bharat / state

চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হৈছে: জিতু গোস্বামী

চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাক লৈ বিধায়ক জিতু গোস্বামী, বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাৰ বিস্ফোৰণ । চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হৈছে । মন্তব্য জিতু গোস্বামীৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 7:29 PM IST

MLA Jitu Goswami reacts to election-related violence in Samguri
চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হৈছে: জিতু গোস্বামী (ETV Bharat Assam)

নগাঁও,১৫ অক্টোবৰ: ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনটোতে চামগুৰি সমষ্টিত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী হিংসা । মঙলবাৰে সমষ্টিটোৰ শিঙিমাৰীত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী-সমৰ্থকৰ মাজত হোৱা সংঘাতক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত ঘটনাক লৈ মন্তব্য কৰিছে বিজেপি বিধায়ক জিতু গোস্বামীৰ লগতে বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ।

চামগুৰি সমষ্টিত ৰাজনৈতিক হিংসা কোনো নতুন কথা নহয় বুলি উল্লেখ কৰি বিধায়ক জিতু গোস্বামীৰ মন্তব্য, "কংগ্ৰেছৰ শাসনকালৰ পৰাই চামগুৰি সমষ্টিত চলি আহিছে মাৰপিট, আক্ৰমণৰ দৰে ঘটনা । আনকি ২০০৬ চনত কংগ্ৰেছৰ বিৰুদ্ধে এ আই ইউ ডি এফ দলক সমৰ্থন কৰা বাবেই এগৰাকী মৌলবীৰ দাড়ি ছিঙি দিয়াৰ দৰে ঘটনা কংগ্ৰেছৰ একাংশই সংঘটিত কৰা বুলিও মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে । লগতে চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হোৱা বুলিও উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল হুছেইনক বিধায়ক জিতু গোস্বামীয়ে কটাক্ষ কৰে ।"

বিধায়ক জিতু গোস্বামীৰ দাবী- কংগ্ৰেছৰ দিনতে চামগুৰি সমষ্টিত ভয়-ভাবুকিৰ ৰাজনীতি আৰম্ভ হৈছে । ইয়াৰ বিপৰীতে বিজেপিয়ে কেৱল উন্নয়নৰ ৰাজনীতি কৰাৰ স্বাৰ্থত চামগুৰিৰ ভোটাৰৰ সমৰ্থন বিচাৰি অহা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে । মঙলবাৰে চামগুৰি সমষ্টিত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত সমষ্টিটোৰ বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মায়ো কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক ।

পুত্ৰৰ পৰাজয়ৰ আশংকাত এতিয়া ৰকিবুল হুছেইন অসমৰ আটাইতকৈ হতাশগ্ৰস্ত হৈ পৰা ব্যক্তি বুলিও কটাক্ষ কৰে দিপ্লুৰঞ্জন শৰ্মাই । ৰকিবুল হুছেইনে ধুবুৰী, গোৱালপাৰা, ধিং, ৰূপহী আদি এলেকাৰ পৰা একাংশ গুণ্ডা প্ৰকৃতিৰ লোকক আনি চামগুৰি সমষ্টিৰ বিজেপি কৰ্মীক প্ৰথমে আক্ৰমণৰ ঘটনা সংঘটিত কৰোৱা বুলিও মন্তব্য কৰে বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাই ।

লগতে পঢ়ক: বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল; কাক কি ক’ব খুজিছে দেৱব্ৰত শইকীয়াই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.