ETV Bharat / state

শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 4:15 PM IST

MLA protest in Assam Legislative Assembly : ‘‘ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰ কৰক ৷’’ শিৱসাগৰ জিলা বিজেপিৰ সভাপতিক গ্ৰেপ্তাৰৰ দাবীত উত্তাল হ’ল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনটো ৷ সদনৰ ভিতৰত প্ৰতিবাদ কৰাৰ বাবে নিলম্বিত হ’ব লগা হ’ল বিধায়ক শ্বেৰমান আলীও ।

Assam Legislative Assembly
শিৱসাগৰ জিলা বিজেপি সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী উত্তাল বিধানসভাৰ চৌহদ (ETV Bharat)

গুৱাহাটী, ২৮ আগষ্ট : “শ্ৰমিক অত্যাচাৰী বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰ কৰক ।” হাতত এইদৰে প্লে-কাৰ্ড লৈ শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে উত্তাল হ’ল অসম বিধানসভা চৌহদ । হাতত প্লে' কাৰ্ড লৈ বিধানসভা চৌহদত এ আই ইউ ডি এফৰ প্ৰতিবাদ ৷ এ আই ইউ ডি এফৰ লগতে প্ৰতিবাদত নামিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীও ।

শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী উত্তাল বিধানসভাৰ চৌহদ (ETV Bharat)

বিধানসভাৰ শূন্যকালীন ঘণ্টাত আজি শ্বেৰমান আলী আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে শিৱসাগৰ জিলা বিজেপি সভাপতি ময়ুৰ বৰগোঁহায়ে একাংশ সতীৰ্থক লৈ ১৩ গৰাকী শ্ৰমিকক প্ৰাপ্য ১৫ লাখ টকা নিদি প্ৰহাৰ কৰি পঠিয়াই দিয়া বিতৰ্ক প্ৰসংগত সদনত আলোচনাৰ বাবে প্ৰস্তাৱ আনিছিল । কিন্তু সদনত আলোচনাৰ বাবে অগ্ৰাহ্য কৰিলে বিধানসভাৰ অধ্যক্ষই ৷

অধ্যক্ষৰ ভূমিকাত ক্ষুন্ন হৈ শ্বেৰমান আলী আৰু এ আই ইউ ডি এফে সদন ত্যাগ কৰি সদনৰ বাহিৰত বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী জনায় ৷

  • বিধায়ক শ্বেৰমান আলীয়ে কি ক’লে ?

শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী তুলি শ্বেৰমান আলীৰ মন্তব্য, “নাজিৰাত ১৫ লাখ অনাদায় বকেয়া প্ৰদান নকৰি ময়ূৰ বৰগোঁহায়ে একাংশ সতীৰ্থক লৈ শ্ৰমিকসকলক প্ৰহাৰ কৰিছিল ৷ নিৰ্যাতিত শ্ৰমিকসকলক ময়ূৰ বৰগোঁহায়ে আছু জিন্দাবাদ ধ্বনি দিবলৈ কৈছিল ৷ পৰৱৰ্তী সময়ত আছু আৰু আমছুৱে এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছিল । বৰপেটাত গোচৰ তৰাৰ পিছতো কালিলৈকে গোচৰ লোৱা নাছিল আৰক্ষীয়ে । ২৪ ঘন্টাৰ ভিতৰত ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰ কৰক আৰক্ষীয়ে ।”

লগতে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবী জনালে শ্বেৰমান আলীয়ে ।

  • শিৱসাগৰৰ DC, SP এ বিষয়টো পুৰণা ভিডিঅ’ ক্লিপ বুলি কৈ এৰাই চলিব বিচাৰিছিল : আমিনুল ইছলাম

“ময়ূৰ বৰগোঁহাইৰ প্ৰসংগটো সদনত শূন্যকালীন ঘন্টাত উত্থাপন কৰিব খোজোতে মোক উত্থাপন কৰিবলৈ দিয়া নহ’ল ৷ বৰ্বৰভাৱে শ্ৰমিকসকলক প্ৰহাৰ কৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ কিন্তু শিৱসাগৰৰ DC, SP এ বিষয়টো পুৰণা ভিডিঅ' বুলি কৈ এৰাই চলিব বিচাৰিছিল ৷ জি পি এছৰ লোকেচন আৰু সময়ৰ ভিত্তিত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।” সদন ত্যাগ কৰাৰ পিছত এই মন্তব্যৰে শিৱসাগৰৰ DC, SPৰ বিৰুদ্ধে সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম ৷

ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী কৰি আমিনুল ইছলামে ক’লে, “ময়ুৰ বৰগোঁহায়ে শ্ৰমিকসকলক প্ৰহাৰ কৰি এসপ্তাহৰ ভিতৰত শিৱসাগৰ এৰিবলৈ ধমকি দিছিল । এইদৰে বিজেপি নেতাই খাটিখোৱা লোকক ব্যৱহাৰ কৰি টকা দিয়াৰ সময়ত প্ৰহাৰ কৰি খেদি পঠিয়ায় ৷ সেয়ে আৰক্ষী-প্ৰশাসনে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে । অনতি পলমে ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী জনালো ৷”

লগতে পঢ়ক : ২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

লগতে পঢ়ক : হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন - ASSAM ASSEMBLY AUTUMN SESSION

লগতে পঢ়ক : অসমত হিন্দু-মুছলমানৰ সংঘৰ্ষ সৃষ্টিৰ চক্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে : অভিযোগ শ্বেৰমান আলীৰ - MLA Sherman Ali

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.