ETV Bharat / state

মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:15 PM IST

Miya row: মিঞা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ৷ বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত অসম টুকুৰা টুকুৰ কৰিব বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈকো সমালোচনা ৷

Miya row
আমিনুল ইছলাম (ETV Bharat Assam)

গুৱাহাটী, ২৯ আগষ্ট: শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিৰ লগতে বিভিন্ন মহলত সৰৱ চৰ্চা লাভ কৰা এটা বিষয় হৈছে মিঞা ৷ আনকি অসম বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনতো এই বিষয়টোক লৈ তীব্ৰ বিতৰ্ক হোৱা দেখা গৈছে ৷ তাৰ মাজতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰা এক মন্তব্যক লৈ সাংসদগৰাকীক উভতি ধৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ।

আমিনুল ইছলাম (ETV Bharat Assam)

নিকৃষ্ট ৰাজনীতি কৰিছে:

বিধানসভাৰ বাহিৰত বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি তেওঁ কয়, ‘‘নগাঁৱৰ পৰা উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ ক্ষেত্ৰত মোৰ হাত আছে বুলি প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰিছিল । প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে মোৰ উচটনিত মাছ ব্যৱসায়ীসকলে এনেকৈ কৈছে । তেনে কোনো মাছ ব্যৱসায়ীৰ লগত মোৰ কোনো চিনাকী নাই । কোনো পৰিচয় নাই । বৰদলৈয়ে এক বিভাজনৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে । অসমত শান্তি হ'ব লাগে । তেওঁৰ বক্তব্যক গৰিহণা দিছো ৷ তেওঁ নিৰ্যাতিত সংখ্যালঘু মানুহৰ বাবে ক'ব লাগিছিল । বৰদলৈয়ে নিকৃষ্ট ৰাজনীতি কৰিছে ।’’

ক্ষমা খোজক প্ৰদ্য়ুৎ বৰদলৈয়ে:

বিধায়ক আমিনুল ইছলামে লগতে কয়, ‘‘প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ নিৰ্বাচিত হোৱাৰ‌ পিছত নগাঁৱৰ ৰাইজৰ খবৰ লোৱা নাই । বাঘৰ আক্ৰমণৰ খবৰ লোৱা নাই । বানত ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বলৈ যোৱা নাই । কোনো মাত মতা নাই । সহায় কৰিবলৈ অহা নাই । বৰদলৈ ইমান অহংকাৰী হ'ব নালাগে । তেওঁ নগাঁৱৰ ৰাইজক ক্ষমা খোজক ।’’

মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে:

আমিনুল ইছলামে লগতে কয়, ‘‘যিসকল লোকক মিঞা বুলি কোৱা হৈছে তেওঁলোকে মিঞা বুলি ক’লে বেয়া পায় । তেওঁলোক অসমীয়া জাতি সত্বাৰ লগত বিলীন হ’ব বিচাৰে । কিন্তু একাংশই বাৰে বাৰে এনে কথা কৈ তেওঁলোকৰ মনত দুখ দি থাকে । বিজেপি দলে ৰাজনৈতিক স্বাৰ্থৰ বাবে এনেবোৰ কথা কৈ আছে । বিজেপিয়ে এইসকল লোকক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে । বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত অসমীয়া জাতিক টুকুৰা-টুকুৰ কৰিব খুজিছে ।

লগতে পঢ়ক: শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

একাংশ লোকৰ পৰোক্ষ উচটনিত উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে ! - Fish Supply Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.