ETV Bharat / state

প্ৰসংগ নাৰী নিৰ্যাতন : মুখ্যমন্ত্রীক ধৃতৰ‍াষ্ট্ৰ সজাই বিধায়ক অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 11:37 AM IST

Assam Assembly autumn session: অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনাও বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে । নাৰী নিৰ্যাতন প্ৰসংগত বিধায়কগৰাকী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

Assam Assembly autumn session
মুখ্যমন্ত্রীক ধৃতৰ‍াষ্ট্ৰ সজাই বিধায়ক অখিল গগৈৰ প্ৰতিবাদ (ETV Bharat)

গুৱাহাটী, ২৭ আগষ্ট : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰ সজালে বিধায়ক অখিল গগৈয়ে । অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ মঙলবাৰে দ্বিতীয় দিনা পুৱাই বিধানসভা চৌহদত প্ৰতিবাদমুখৰ হৈ পৰে বিধায়ক অখিল গগৈ । এইবাৰৰ প্ৰসংগ হৈছে নাৰী নিৰ্যাতন ।

অখিল গগৈৰ প্ৰতিবাদ

ৰাজ্যত নাৰীৰ ওপৰত চলা অত্যাচাৰৰ প্ৰসংগক লৈ বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । হাতত এখন বিশাল পোষ্টাৰ লৈ অখিল গগৈয়ে ৰাজ্যত চলি থকা নাৰী নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্রত চৰকাৰৰ ব্যৰ্থতা উদঙাই প্ৰতিবাদ সাব্যস্ত কৰে । পোষ্টাৰখনত অখিল গগৈয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰ সজাই উল্লেখ কৰে, "ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্রহৰণ ! নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্তবিশ্ব ! নাৰীয়ে নিৰাপত্তা পাব কেতিয়া ?"

চৰকাৰৰ ব্যৰ্থতা উদঙালে অখিল গগৈয়ে

বিধায়কগৰাকীয়ে চিত্রৰ মাজেৰে দ্ৰৌপদীৰ বস্ত্রহৰণৰ বিষয়টো দাঙি ধৰে । নিজৰ প্ৰতিক্ৰিয়াত বিধায়ক অখিল গগৈয়ে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰীয়া কাৰ্যকালত দৈনিক গড়ে ৩.৫৪ গৰাকী নাৰী ধৰ্ষিতা হৈছে । অৰ্থাৎ দৈনিক চাৰে তিনি গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে । বিজেপি চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালত ১৭,৭০৪ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । শেহতীয়া দুটা মাহত ২২ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । অৰ্থাৎ ৰাজ্যত আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । সকলো জাতি-ধৰ্মৰ লোক জড়িত হৈছে এনে অপকৰ্মত । কিন্তু ধৰ্ষণৰ ঘটনাক লৈ বিজেপিয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে । বিজেপি চৰকাৰৰ দিনত কোনো কাৰণত নাৰী সুৰক্ষিত নহয় । নাৰীৰ সুৰক্ষাক লৈ অসমৰ ৰাইজে কঠোৰ আইন আনিবলৈ দাবী কৰিছে । কিন্তু চৰকাৰে এনে আইনৰ পৰিৱৰ্তে এনকাউণ্টাৰেৰে দমন কৰিবলৈ চেষ্টা কৰিছে ।"

ধৰ্ষণক লৈ ৰাজনীতি

অখিল গগৈয়ে লগতে কয়, "ধৰ্ষণৰ ঘটনাত ধৰ্মৰ ৰাজনীতি কৰিছে । বিজেপিয়ে অসমত হিন্দু-মুছলমানৰ ৰাজনীতি কৰি ৰাজ্যখনক অস্থিৰ কৰিব বিচাৰিছে । নাৰী নিৰ্যাতনৰ বিষয়টোক লৈ বিধানসভাত আলোচনা হ'ব লাগে ।"

লগতে পঢ়ক :অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি দ্বিতীয় দিন LIVE - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.