ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ১১ মাহেই হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ ব্যস্ত থাকে : অখিল গগৈ - Assam Flood 2024

Akhil Gogoi Visits Laokhowa: বানত আক্ৰান্ত লাওখোৱা-ভূৰবন্ধাৰ কেইবা শতাধিক পৰিয়াল । ভূৰবন্ধাৰ বন্যাৰ্তৰ কাষত ৰাইজৰ দলৰ নেতা অখিল গগৈ । বুজ ললে বান পৰিস্থিতিৰ । চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে বিধায়কগৰাকীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 8:50 PM IST

MLA Akhil Gogoi inspects the situation of flood-affected Laokhowa-Bhurbandha people
ভূৰবন্ধাৰ বন্যাৰ্তৰ কাষত অখিল গগৈ (ETV Bharat Assam)

চামগুৰি,১১ জুলাই: বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ লাওখোৱা-ভূৰবন্ধাৰ বানাক্ৰান্তৰ কাষত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । ভূৰবন্ধাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অব্যাহত থকা গৰাখহনীয়াৰো বুজ লয় বিধায়কগৰাকীয়ে । ভূৰবন্ধাৰ বান গৰাখহনীয়াৰ বুজ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে ।

সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক অখিল গগৈৰ মন্তব্য, "হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ১১ মাহেই হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ ব্যস্ত থাকে, বাকী এমাহহে বানপানীৰ কথা পাতে । যাৰ ফলত অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব পৰা নাই । বছৰি চাৰি হাজাৰ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি ইতিমধ্যেই অসমৰ ৭ শতাংশ ভূমি লুইতৰ বুকুত জাহ গৈছে ।"

শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয়, "অসমত নিৰ্মাণ হ'বলগীয়া নদী গৱেষণা কেন্দ্ৰৰ ঠাইত বিজেপিৰ ৰাজপ্ৰসাদ অট্টালিকাহে নিৰ্মাণ কৰিছে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক মূল সমস্যা হিচাপে লোৱা নাই ।" ২৪ লাখ লোক বানৰ কবলত পৰিছে, ৭৮ জন মানুহৰ মৃত্যু হোৱাৰ পিচতো অমিত শ্বাহে বানপানীৰ সমস্যাক লৈ কৰা মন্তব্যক সমালোচনা বিধায়কগৰাকীৰ ।

লগতে তেওঁ কয়, "A For Assam হ'ব বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমৰ বান পৰিস্থিতিৰ বুজ লোৱা নাই ।" আনকি কোনো কেন্দ্ৰীয় মন্ত্ৰীয়েও অসমৰ বান পৰিস্থিতি চোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহি চেল্ফী লোৱা প্ৰধানমন্ত্ৰীগৰাকীক কাজিৰঙাৰ সংকটৰ সময়ত চাই যাবলৈ আহ্বান জনাই বিধায়ক শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: ধিঙত বানাক্ৰান্তৰ মাজত অখিল গগৈ : ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দাবী - Assam Flood 2024

বানৰ সময়ত কেন্দ্ৰীয় মন্ত্রীৰ বিলাসিতা অসমীয়া জাতিৰ প্ৰতি অপমান: অখিল গগৈ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.