ETV Bharat / state

দৰমহা বঢ়াব নালাগে বিধায়কৰ; এয়া জনবিৰোধী বুলি ক’লে অখিল গগৈয়ে - MLA Akhil Gogoi

Akhil Gogoi Press Meet: জাতি-মাটি-ভেটিৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে ‘‘অসমীয়া মানুহ হ'লেহে অসমত চাকৰি পাব’’ এই স্বত্বৰ বিলুপ্তি সাধন কৰিছে, এই কথা মানি লোৱা নহ'ব । কলেজ শিক্ষক তথা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কেৱল অসমৰ মানুহৰ বাবেহে বাধ্যতামূলক কৰিবলৈ দাবী ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । ইয়াৰ লগতে বিধায়কৰ দৰমহা বঢ়াবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা গগৈৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 2:19 PM IST

Akhil Gogoi Press Meet
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল (ETV BHARAT ASSAM)

শিৱসাগৰ, ১০ জুলাই: অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়া ভাষা আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অৰ্থাৎ পি আৰ চি বাধ্যতামূলক নহয় বুলি উচ্চ শিক্ষা সঞ্চালকালয়ে কৰা ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে ৷ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাৰ বিৰোধিতা কৰে ৷ তেওঁ শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰি এইটো অসমীয়া জাতিটোক গ্ৰাস কৰাৰ দলটোৰ এটা প্ৰচেষ্টা বুলি মন্তব্য কৰে ৷

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল (Akhil Gogoi Press Meet)

তেওঁ লগতে কয় যে জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ একমাত্ৰ আদৰ্শ হৈছে এক দেশ এক জাতি, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা ৷ তেওঁলোকে এতিয়া এনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ভাষা, বিভিন্ন জাতি-জনগোষ্ঠীক বৈচিত্ৰ্যক অস্বীকাৰ কৰা নীতিক প্ৰতিফলিত কৰি অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়া মানুহ তথা স্থায়ী বাসিন্দাক চাকৰি দিয়া নীতি বিলুপ্ত কৰি দিছে ৷

লগতে পঢ়ক: বহিৰাগতলৈ ৰঙা দলিচা ! নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজন নহ’ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ - DIRECTORATE OF HIGHER EDUCATION

এইয়া ঐতিহাসিক অন্যায় বুলি উল্লেখ কৰি এই কথা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি ৪৮ ঘন্টাৰ ভিতৰত এই নিৰ্দেশনা সলনি কৰাৰ বাবে চৰকাৰক দাবী জনায় । অসমীয়া মানুহৰ মূৰত মাধমাৰ দিবলৈ লোৱা এই সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বিৰুদ্ধে অসম বিধানসভাত প্ৰৱল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

অৱশ্যে বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশৰ পিচতেই উচ্চ শিক্ষা সঞ্চালকালয়ে উক্ত নিৰ্দেশনাটো বাতিল কৰিছে ৷

লগতে বিধায়কৰ দৰমহা বঢ়াবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন নকৰে বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ঘোষণা কৰে । ইয়াক জনবিৰোধী বুলি উল্লেখ কৰে গগৈয়ে । তেওঁ নিজৰ পে’ শ্লিপৰ বিষয়ে বিশদভাৱে দাঙি ধৰে । বৰ্তমান বিধায়কসকলে লাভ কৰা দৰমহা আৰু অন্যান্য সা-সুবিধাকে ধৰি লাভ কৰা ১,৭৩,০০০ টকা পৰ্যাপ্ত বুলি উল্লেখ কৰে । চৰকাৰে যদি দৰমহা বৃদ্ধি কৰিব বিচাৰিছে তেন্তে কমকৈ দৰমহা পোৱা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনায় অখিল গগৈয়ে ।

লগতে পঢ়ক: বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা : ৫০ শতাংশ দৰমহা বৃদ্ধিৰ সম্ভাৱনা - SALARIES OF MINISTERS AND MLAS

ইফালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ম'বাইলৰ টৰ্চ জ্বলাই নাৰ্চে চিকিৎসা কৰিবলগা হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । চিকিৎসালয়খনত থাকিবলগীয়া ২৬ জন চিকিৎসকৰ বিপৰীতে ১৮ জন চিকিৎসকহে থকাৰ কথা উল্লেখ কৰি বাকী ৮ জন চিকিৎসকক শীঘ্ৰে নিযুক্তি দিবৰ বাবেও দাবী অখিল গগৈয়ে ।

আনহাতে শিৱসাগৰ জলসিঞ্চন বিভাগত সংঘটিত হোৱা ১৯ কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত সৰৱ অখিল গগৈ । তেওঁ এই কেলেংকাৰী সন্দৰ্ভত চি বি আই তদন্তৰ দাবী জনায় ।

লগতে পঢ়ক: অসমত কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব: শংকৰজ্যোতি বৰুৱা - Chakma Hajong Issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.