ETV Bharat / state

ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব: শৃংখল চলিহা - Minister Ronoj Pegu hold meeting - MINISTER RONOJ PEGU HOLD MEETING

Player attack case in Sivasagar: ১৩ আগষ্টত সংঘটিত হোৱা ঘটনাৰ উচিত বিচাৰৰ দাবীত আজিও বন্ধ সদৃশ পৰিৱেশ শিৱসাগৰত । দল-সংগঠনৰ সৈতে আলোচনাত মিলিত মন্ত্ৰী ৰণোজ পেগু । ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী শৃংখল চলিহা ।

Minister Ronoj Pegu holds meeting with 30 organisations in sivsagar over panja player attack case
৩০ সংগঠনৰ সৈতে মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 5:11 PM IST

শিৱসাগৰ,২০ আগষ্ট: অসমীয়া যুৱতীক অনাঅসমীয়াই প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত শিৱসাগৰত । যোৱা ১৩ আগষ্টত সংঘটিত হোৱা ঘটনাৰ উচিত বিচাৰ নোহোৱাৰ বাবে শিৱসাগৰ জিলাৰ ৩০ সংগঠনে ৰাইজৰ সহযোগত শিৱসাগৰ নগৰত সোমবাৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত মঙলবাৰে শিৱসাগৰ নগৰত বন্ধসদৃশ পৰিৱেশ । নগৰৰ অধিকাংশ বহিৰাগত ব্যৱসায়ীৰ প্ৰতিষ্ঠানসমূহ মঙলবাৰে নগৰখনত স্বতঃস্ফূৰ্তভাৱে বন্ধ থকা দেখা যায় ।

৩০ সংগঠনৰ সৈতে মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক (ETV Bharat Assam)

উল্লেখযোগ্য যে শিৱসাগৰ নগৰৰ তিনি ৰাজস্থানী ব্যৱসায়ীৰ দলবদ্ধ আক্ৰমনৰ বলি হৈ শাৰিৰীক মানসিকভাৱে অপদস্থ হোৱা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাস যোৱা ১৩ আগষ্টত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে । এই ঘটনাৰ বিৰুদ্ধে সোমবাৰৰ কাৰ্যসূচীত শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপৱৰ্তী এলেকাৰ কেইবাহাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰি বহিৰাগত ব্যৱসায়ীৰ অতপালি ৰোধ কৰাৰ বাবে দাবী জনাইছিল ।

ইফালে এই ঘটনা সন্দৰ্ভত মঙলবাৰে শিৱসাগৰ জিলাৰ ৩০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগত জিলাখনৰ অভিভাৱক মন্ত্ৰী ড৹ ৰণোজ পেগু আলোচনাত মিলিত হয় । শিৱসাগৰ নগৰৰ যুৱদলত অনুষ্ঠিত হোৱা এই আলোচনালৈ জিলাখনৰ ৩০ দল-সংগঠন, সাংবাদিকৰ লগতে জিলাখনৰ সচেতন ৰাইজক জিলা প্ৰশাসনৰ ফালৰ পৰা নিমন্ত্ৰণ জনায় ।

উক্ত আলোচনাত মিলিত হোৱাৰ পূৰ্বে জাতীয়তাবাদী যুৱনেতা শৃংখল চলিহাই কয়,"কালিৰ যি প্ৰতিবাদ সেই প্ৰতিবাদক অন্যান্য জিলাক অনুকৰণ কৰিবলৈ আহ্বান জনাইছো । অনাগত দিনত বহিৰাগত মানুহৰ বিৰুদ্ধে এই সংগ্ৰাম অব্যাহত থাকিব । আমাক ভূমিৰ অধিকাৰ দিব লাগিব । ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব । আমাক অধিকাৰ ৰণোজ পেগুৱে দি যাব লাগিব । অধিকাৰ নিদিলে আকৌ সংগ্ৰাম হ'ব ।"

লগতে পঢ়ক: খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ গৌৰৱ সোমানীৰ: দেহৰক্ষী প্ৰদান সোমানীক - FIR against Shrinkhal Chaliha

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.