ETV Bharat / state

বীৰ লাচিত মৈদাম পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - লাখপতি বাইদেউ আঁচনি

Jorhat Bir Lachit Maidam : লাহদৈগড়স্থিত বীৰ লাচিত মৈদামত অসম চৰকাৰে নিৰ্মাণ কৰা লাচিত প্ৰকল্পৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিৰ উন্মোচন কৰাৰ লগতে মেলেং পথাৰত আয়োজিত এখনি বিশাল জনসভাৰ প্ৰস্তুতিথলী পৰিদৰ্শন কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

Jorhat Bir Lachit Maidam
বীৰ লাচিত মৈদাম পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 5:30 PM IST

বীৰ লাচিত মৈদাম পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

টীয়ক, ৩ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ সমষ্টিয়ে সমষ্টিয়ে ৰণডংকা বজাইছে প্ৰতিটো ৰাজনৈতিক দল সংগঠনে ৷ অহা ৯ মাৰ্চত যোৰহাটলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লাহদৈগড়স্থিত বীৰ লাচিত মৈদামত অসম চৰকাৰে নিৰ্মাণ কৰা লাচিত প্ৰকল্পৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিৰ উন্মোচন কৰাৰ লগতে মেলেং পথাৰত আয়োজিত এখনি বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ পিচতে দেওবাৰে মেলেং পথাৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে । লগতে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, অহা ৯ মাৰ্চৰ দিনটোত প্ৰধানমন্ত্ৰীয়ে প্ৰায় পাঁচ লাখ পয়ত্তৰ হাজাৰ চৰকাৰী আৱাস গৃহ একেলগে উন্মোচন কৰি গৃহ প্ৰৱেশ কৰাব ৷ এই পদক্ষেপে সমগ্ৰ দেশতে অভিলেখ স্থাপন কৰিব ৷

মন্ত্ৰী দাসে কোৱা অনুসৰি এই সভাতে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে ঘোষণা কৰা অন্যতম জনপ্ৰিয় আঁচনি লাখপতি বাইদেউ আঁচনি সন্দৰ্ভতো মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ইফালে মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত কয় যে, দলে যাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাত কোনো কাৰো দ্বিমত নাই আৰু প্ৰতিখন আসনতে ৰাইজে সেইসকল প্ৰাৰ্থীক বিপুল ভোটত জয়লাভ কৰাব ৷

উল্লেখ্য যে যোৰহাটৰ হোলোঙাপাৰত থকা মহাবীৰ লাচিত মৈদামত অসম চৰকাৰে ১৫০ কোটি টকা ব্যয়ৰে নির্মাণ কৰিছে ১২৫ ফুট উচ্চতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷ ব্ৰঞ্জৰে নিৰ্মিত প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰিছিল ২০২২ চনত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ইপিনে, নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনে উৎফুল্লিত কৰিছে বিশেষকৈ বিজেপিৰ দলীয় নেতা-কৰ্মীক ।

লগতে পঢ়ক: ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.