ETV Bharat / state

লখিমপুৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 4:02 PM IST

Assam Flood 2024: ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়া অব্যাহত আছে । ইয়াক লৈ নৈপৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । লখিমপুৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি এই সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

Assam Flood 2024
লখিমপুৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat)

লখিমপুৰ,২১ জুন : ৰাজ্যৰ বিভিন্ন জিলা বানৰ কবলত পৰিছে । ইফালে ব্ৰহ্মপুত্ৰত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতিৰ লগতে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছে । আনহাতে শুকুৰবাৰে বিভিন্ন কাৰ্যসূচীৰে লখিমপুৰত উপস্থিত হৈ মন্ত্রী পীযুষ হাজৰীকাই জিলাখনৰ বধাকৰাত চলি থকা সোৱণশিৰিৰ খহনীয়া পৰিদৰ্শন কৰে । খহনীয়া পৰিদৰ্শন কৰি তেওঁ সাংসদ আৰু বিধায়কক NHPCৰ বিষয়াববীয়াৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে পুৱাই সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাসহ বিভাগীয় বিষয়াক লগত লৈ মন্ত্রীগৰাকীয়ে বধাকৰা অঞ্চলত সোৱণশিৰিৰ খহনীয়া পৰিদৰ্শন কৰে । খহনীয়া পৰিদৰ্শন কৰি তেওঁ কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান NHPCয়ে প্ৰকল্পৰ নামনিৰ দিশে খহনীয়া প্ৰতিৰোধকে ধৰি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আঁচনি লৈ তাৰে কিছু ইতিমধ্যে ৰূপায়ণ কৰিছে । প্ৰতিষ্ঠানটোৱে যিমানলৈকে সুৰক্ষামূলক ব্যৱস্থা ল'ব তাৰ পিচত বাকী থকা অংশ ৰাজ্য চৰকাৰে কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

খহনীয়া পৰিদৰ্শন কালতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাক এই সন্দৰ্ভত NHPCৰ সৈতে আলোচনা কৰি বিষয়টো মীমাংসা কৰিবলৈ তেওঁ আহ্বান জনায় । বান-খহনীয়া জৰুৰীকালীন প্ৰতিৰোধৰ বাবে সা-সামগ্ৰী তথা অৰ্থৰ অভাৱ নাই বুলিও তেও উল্লেখ কৰে । বাৰিষাৰ অন্ত পৰিলেই লখিমপুৰৰ বিভিন্ন স্থানৰ খহনীয়া প্ৰতিৰোধৰ কাম আগুৱাই লৈ যোৱা হ'ব বুলিও তেওঁ লখিমপুৰৰ ৰাইজক আশ্বাস প্ৰদান কৰে ।

তেওঁ কয় যে লখিমপুৰৰ ৰাইজক বানত পৰিবলৈ দিয়া নহ'ব । লক্ষণীয়ভাৱে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত এনে মন্তব্য কৰিলেও লখিমপুৰত সোৱণশিৰিৰ খহনীয়াত বিভিন্ন স্থানত বহু পৰিয়ালে ইতিমধ্যে ঘৰ-মাটি হেৰুৱাইছে । বিভিন্ন ৰাজহ গাঁও, কৃষিভূমি নিতৌ নৈৰ বুকুত জাহ গৈছে । এনে পৰিস্থিতিত বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছে । কিছু কিছু স্থানত প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিলেও বিজ্ঞানসম্মত নোহোৱাৰ বাবে লাখ লাখ টকা অপচয় হোৱাৰো অভিযোগ উঠিছে ।

লগতে পঢ়ক :বৰলীয়াৰ বানত বিপৰ্যস্ত উদিয়ানাবাসী, জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ নাই আহৰি - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.