ETV Bharat / state

পানী শুকালেই আৰম্ভ কৰা হ'ব খহনীয়া ৰোধৰ কাম: পীযুষ হাজৰীকা - Assam Flood 2024

Flood in Morigaon: শনিবাৰে মৰিগাঁও জিলা মায়ং ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত লোকসকলৰ সৈতে মতবিনিময় কৰে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । মায়ং ৰাজহ চক্ৰৰ বহু কেইটা অঞ্চলত বান আৰু গৰাখহনীয়াৰ পৰিদৰ্শন কৰি পানী শুকুৱাৰ লগে লগে কাম আৰম্ভ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৰাইজক ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:42 AM IST

Minister Pijush Hazarika arrives in Morigaon to take stock of the flood situation
পানী শুকালেই আৰম্ভ কৰা হ'ব খৰাখহনীয়া ৰোধৰ কাম (ETV Bharat Assam)

মৰিগাঁও,৭ জুলাই: ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ জিলা জিলাই ভ্ৰমণ কৰিছে অসম চৰকাৰৰ মন্ত্ৰীসকলে । সমান্তৰালকৈ শনিবাৰে মায়ঙৰ বান আৰু গৰাখনীয়া বিধ্বস্ত অঞ্চলত পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । শনিবাৰে মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ মায়ং, চনকা আৰু এক নং মূৰকাটাত বান আৰু গৰাখনীয়া বুজ ল’বলৈ উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷ বান বিধ্বস্ত চনকা অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জল সম্পদ বিভাগৰ কাৰ্লযবাহী অভিযন্তা লোচন চৌধুৰীসহ বিষয়-কৰ্মচাৰীক লগত লৈ বানাক্ৰান্ত আৰু গৰাখহনীয়া অঞ্চলৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । মায়ং ৰাজহ চক্ৰৰ তথা জাগীৰোড বিধানসভাৰ সমষ্টিৰ বানাক্ৰান্ত লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত মতবিনিময় কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । মায়ং অঞ্চলৰ বহুকেইটা অঞ্চলত বানপ্ৰীড়িত লোকসকলৰ সৈতেও মত বিনিময় কৰি মন্ত্ৰী পীযুষ হাজৰীকাই জিলা আয়ুক্তৰ দেবাশীষ শৰ্মাক সকলো ধৰণৰ বানসাহায্য উপযুক্তভাৱে আগবঢ়োৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ।

ইয়াৰ বিপৰীতে জাগীৰোড সমষ্টিৰ চনকা অঞ্চলত শেহতীয়াকৈ পথ আৰু দলং খহনীয়াৰ কবলত পৰা স্থানসমূহত উপস্থিত হৈ বান শুকুৱাৰ পিচতে সকলো কাম কৰা হ'ব বুলি সদৰী কৰে । বিশেষকৈ জিলাখনৰ মায়ং ৰাজহ চক্ৰৰ ১ নং মূৰকাটাত ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া খহনীয়া পৰ্যবেক্ষণ কৰি অতি শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত তথা তেওঁ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হোৱাৰ সময়ত বিধায়ক হিচাপে উক্ত অঞ্চলৰ বাটপথ, দলং নিৰ্মাণ কৰি যাতায়তৰ সমস্যা নোহোৱা কৰিছিল । ইফালে মায়ং অঞ্চলত তেতিয়া খহনীয়াও হোৱা নাছিল । হোৱা হ'লে খহনীয়া ৰোধৰ চেষ্টা কৰিলোহেঁতেন । সেয়ে এইবাৰ খহনীয়া আৰু বানৰ কবলত পৰা বাট-পথবোৰ পানী শুকালে শীঘ্ৰে মেৰামতি তথা নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি সদৰী কৰে মন্ত্ৰী হাজৰীকাই ।

লগতে পঢ়ক: সমষ্টিবাসী ককবকাইছে বানত, সাংসদ পুত্ৰ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত - Bye Election in Assam

বছৰৰ দ্বিতীয়তো বানত কাজিৰঙাত ১১৪ টা জন্তুৰ মৃত্যু - ASSAM FLOOD 2024

বানাক্ৰান্ত দুৰ্গতসকলৰ দুখৰ বুজ ল'বলৈ অসমলৈ আহক প্ৰধানমন্ত্ৰী : আছু - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.