ETV Bharat / state

ছেপ্টেম্বৰত সম্পূৰ্ণ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অত্যাধুনিক নদী টাৰ্মিনেল গুৱাহাটী গেটৱে' ঘাট - Minister Keshab Mahanta - MINISTER KESHAB MAHANTA

Minister Keshab Mahanta: আভ্যন্তৰীণ জলপৰিবহণৰ কাম-কাজৰ পৰ্যালোচনা পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ ৷ বুজ ল'লে বিশ্ববেংক প্ৰকল্পৰ অগ্ৰগতিৰ ৷ নিৰ্মীয়মান গুৱাহাটী গেটৱে' ঘাট পৰিদৰ্শন মন্ত্ৰী মহন্তৰ ।

Minister Keshab Mahanta
ছেপ্টেম্বৰত সম্পূৰ্ণ হ’ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অত্যাধুনিক নদী টাৰ্মিনেল গুৱাহাটী গেটৱে' ঘাট (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:44 PM IST

গুৱাহাটী, ২৪ জুন: ৰাজ্যৰ আভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ আজি পৰ্যালোচনা কৰে পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই । দিছপুৰৰ জনতা ভৱনত সোমবাৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে পৰিবহণ বিভাগৰ অন্তৰ্গত আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হৈ সঞ্চালকালয়টোৰ কাম-কাজৰ সবিশেষ খতিয়ান লয় ।

এই বৈঠকত সুৰক্ষিত তথা অত্যাধুনিক সা-সুবিধাযুক্ত ফেৰী সেৱা ব্যৱস্থা সুনিশ্চিতকৰণেৰে ৰাজ্যখনত আভ্যন্তৰীণ জল পৰিবহণ সেৱাৰ মান উন্নীতকৰণৰ বাবে ৰূপায়ন কৰা বিশ্ববেংকৰ 'অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প'ৰ সবিশেষ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব তথা আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ প্ৰকল্প সঞ্চালক গৌৰৱ উপাধ্যায় আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালক হানিফ নুৰানীৰ পৰা বিতং বুজ লয় মন্ত্ৰী মহন্তই ।

Minister Keshab Mahanta
গুৱাহাটী গেটৱে' ঘাট পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ (ETV BHARAT ASSAM)

লগতে পঢ়ক: পৰিবহণ-আবকাৰী মহন্তক গতাই স্বাস্থ্যৰ দায়িত্ব নিজেই ল'লে মুখ্যমন্ত্ৰীয়ে - Changes is Assam Government

বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৭৭০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়িত এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিও পৰ্যালোচনা কৰে । অসমত জলপৰিবহণ খণ্ডক অধিক সুৰক্ষিত, সুচল আৰু গতিশীল কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জলপৰিবহন সেৱা ব্যৱস্থাটো উন্নতি সাধনৰ এই প্ৰয়াসত যাত্ৰীৰ সুৰক্ষা, পৰিৱেশ সুৰক্ষা, বহনক্ষম অৰ্থনৈতিক ব্যৱস্থাপনা আৰু যাত্ৰীভাৰা নিৰূপণৰ প্ৰতিটোৰে ক্ষেত্ৰতে উপযুক্ত নিয়ামক ব্যৱস্থাপনা সংযোজনৰো পোষকতা কৰে । ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি ৰাজ্যখনৰ প্ৰধান নদীসমূহত জলপৰিবহণ সেৱাৰে জড়িত হৈ থকা দেশীয় ইঞ্জিনচালিত নাৱক সুৰক্ষিত 'মেৰাইন ইঞ্জিন' সংযোজন আৰু লাইফজেকেট আদিৰে সুসজ্জিত ফেৰীলৈ উন্নীতকৰণৰ বাবে বিশ্ববেংকৰ প্ৰকল্পটোৰ অধীনত ৰূপায়ন কৰি থকা 'জীৱন-ডিঙা' আঁচনিখনৰ অগ্ৰগতিৰো বুজ লয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ইতিমধ্যে জীৱন-ডিঙা আঁচনিৰ অধীনত নিৰ্ধাৰিত লক্ষ্যৰ ৮৫০খন দেশীয় নাৱৰ ভিতৰৰে ৭৭৬খনত মেৰাইন ইঞ্জিন সংযোজন ঘটোৱা বুলি বৈঠকত পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব উপাধ্যায়ে মন্ত্ৰীগৰাকীক অৱগত কৰে । আনহাতে, নিশাৰ ভাগতো নিৰাপদ ফেৰীসেৱা ইতিমধ্যে গুৱাহাটীৰ লগতে মাজুলীত আৰম্ভ কৰাৰ পাচত অতি শীঘ্ৰে ধুবুৰীতো এই নৈশ ফেৰী সেৱা মুকলি কৰিবলৈ আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি বৈঠকত সদৰী কৰে ।

লগতে পঢ়ক: পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ - Minister Keshab Mahanta

নিৰ্মীয়মান গুৱাহাটী গেটৱে' ঘাট পৰিদৰ্শন

পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাৰ সবিশেষ পৰ্যালোচনাৰ পাচতে আজি বিয়লি গুৱাহাটীৰ ফাঁচীবজাৰৰ সমীপত বিশ্ব বেংকৰ পুঁজিৰে অতি অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা 'গুৱাহাটী প্ৰৱেশপথ ঘাট' (গুৱাহাটী গেটৱে' টাৰ্মিনেল) পৰিদৰ্শন কৰে । বিশ্ব বেংকৰ দ্বাৰা অনুমোদিত ৩০৪ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক সা-সুবিধাৰে আৰু বছৰৰ সকলো সময়তে ব্যৱহাৰ উপযোগীকৈ নিৰ্মাণ কৰি থকা এই টাৰ্মিনেলটোৰ নিৰ্মাণকাৰ্য অহা ছেপ্টেম্বৰত সম্পূৰ্ণ হৈ উঠিব বুলি বিভাগীয়ভাৱে আশা কৰা হৈছে । অতি দৃষ্টিনন্দন ৰূপত নিৰ্মাণ কৰি থকা গুৱাহাটী প্ৰৱেশপথ ঘাটৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.