ETV Bharat / state

কয়লাখনিত নিহত লোকৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 7:39 PM IST

Updated : Jan 26, 2024, 9:02 PM IST

Nagaland Coal Mine Accident: কয়লাখনিত নিহত শ্ৰমিকৰ পৰিয়ালৰ কাষত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ পৰিয়ালকেইটাক পাৰ্যমানে সহায়ৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ৷

Nagaland Coal Mine Accident
নাগালেণ্ড কয়লাখনি

কয়লাখনিত নিহত লোকৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

সৰুপথাৰ, ২৬ জানুৱাৰী : বৃহস্পতিবাৰে অসম-নাগালেণ্ড সীমান্তৰ এটা কয়লাখনিত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ উক্ত ঘটনাত মৃত্যুক সাৱটি লৈছিল অসমৰ ছয়গৰাকী শ্ৰমিকে ৷ ইয়াৰোপৰি আন চাৰিগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয় ৷

শোকাৱহ ঘটনাটোত মৃত্যু আৰু আহত হোৱা শ্ৰমিককেইজন অসমৰ গোলাঘাট জিলাৰ উৰিয়ামঘাট অঞ্চলৰ ৷ মৃত্যু হোৱা আৰু চিকিৎসাধীন অৱস্থাত থকা শ্ৰমিকসকলৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ।

মন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে । যিহেতু সীমান্তৱৰ্তী বিবদমান এলেকাত ঘটনাটো সংঘটিত হয়, সেয়েহে তাৎক্ষণিকভাৱে সাহায্য প্ৰদান অথবা কোনো সিদ্ধান্ত গ্ৰহণ কৰাত কিছু অসুবিধা আছে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । অৱশ্যে মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে সীমান্তৰ্তী সমস্যাসমূহ দূৰ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি অথবা অন্য পুঁজিৰ জৰিয়তে সাহায্য প্ৰদান কৰা হ’ব । এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কেও সহায় কৰিব বুলি মন্তব্য কৰে জয়ন্ত মল্লবৰুৱাই ৷

উল্লেখ্য যে উৰিয়ামঘাট অঞ্চলটোত কৃষি নোহোৱাৰ বাবেই বহিঃৰাজ্যত উপাৰ্জন কৰিবলৈ গৈ শ্ৰমিককেইগৰাকীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি একাংশই মন্তব্য কৰিছে ৷ বিশেষকৈ কৃষিপ্ৰধান অঞ্চলটোত বিগত সময়ছোৱাত খেতি নোহোৱাৰ বাবেই পৰিয়াল পোহ-পালৰ বাবে বহিঃৰাজ্যত কাম কৰিবলৈ যায় অঞ্চলটোৰ লোকসকল ।

মৰণোত্তৰ পৰীক্ষাৰ পিচত ইতিমধ্যে মৃতদেহকেইটা নিজা বাসগৃহ পাইছেহি আৰু সৎকাৰৰ ব্যৱস্থা কৰা হয় ৷ আনহাতে উপাৰ্জনৰ মূল ব্যক্তিসকলৰ মৃত্যু হোৱাত পৰিয়ালসমূহত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড: ছয় শ্ৰমিক নিহত, আহত চাৰিজন

Last Updated : Jan 26, 2024, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.