ETV Bharat / state

মহানগৰীৰ কৃত্ৰিম বানগ্ৰস্ত বিভিন্ন স্থান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ - Ashok Singhal Visited Flash Floods

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:37 PM IST

Ashok Singhal visited flash flood areas : গুৱাহাটী মহানগৰী এতিয়াও কৃত্ৰিম বানৰ পৰা মুক্ত হ'ব পৰা নাই । এই কৃত্ৰিম বানৰ সমস্যা কমাটো দূৰৈৰ কথা, দিনক দিনে মহানগৰীৰ ন ন অঞ্চল কৃত্ৰিম বানত ডুব গৈ আছে । আনহাতে, বিগত সপ্তাহত হোৱা বৰষুণৰ ফলত এতিয়াও মহানগীৰৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলৰ পৰা মুক্ত হোৱা নাই । ইয়াৰ মাজতে কৃত্ৰিম বানত ডুব গৈ থকা মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহলে ।

Ashok Singhal Visited Flash Flood Areas
কৃত্ৰিম বানগ্ৰস্ত অঞ্চলত মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুন : এটা সময়ত মহানগৰীত কৃত্ৰিম বান বুলিলে অনিল নগৰ, নবীন নগৰ বুলি জনাজাত আছিল ৷ কিন্তু বৰ্তমান সেই কৃত্ৰিম বান মহানগৰীৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে । মহানগৰীৰ চানমাৰি, বামুণীমৈদাম, ৰাজগড়, হাতীগাঁও, সিজুবাৰী, ডাউন টাউন, পাঞ্জাবাৰী, বেলতলা, ৱায়াৰলেছকে ধৰি বিভিন্ন অঞ্চলত এতিয়া এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ ।

গুৱাহাটীত কৃত্ৰিম বান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ (ETV Bharat Assam)

এইক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও পৰিকল্পনাৰ অভাৱত সফল হ’ব পৰা নাই । তাৰ মাজতে বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত দুৰ্ভোগ ভুগিছে মহানগৰীৰ বিভিন্ন ঠাইৰ সাধাৰণ জনতাই । সেয়েহে সোমবাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে কৃত্ৰিম বানৰ কবলত পৰা মহানগৰীৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে ।

মন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বান সৃষ্টি হোৱা মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিবলৈ প্ৰথমে উপস্থিত হয় সৰুমটৰীয়াত । তেওঁৰ লগত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী মহানগৰৰ অতিৰিক্ত আয়ুক্ত, পৌৰ আয়ুক্তসহ বিভিন্ন বিভাগৰ বিষয়াসকল ।

উল্লেখ্য যে বিগত এসপ্তাহে কৃত্ৰিম বানত বুৰি থকা অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়াৰ পাইপ লাইনো পৰিদৰ্শন কৰে মন্ত্ৰী সিংহলে ৷ তাৰ পৰা পোনে পোনে ৰুক্মিণীগাঁও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । পিচলৈ বেলতলা হৈ বশিষ্ঠ চাৰিআলিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ।

আনহাতে, কৃত্ৰিম বানৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমস্যা সমাধানৰ বাবে যি ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব । প্ৰয়োজনত নলাসমূহ মুক্ত কৰিবলৈ উচ্ছেদ চলাবলগা হ’লে উচ্ছেদ চলোৱাৰ কথাও উল্লেখ কৰে আৰু ইয়াৰ বাবে ইতিমধ্যে জিলা আয়ুক্তৰ লগত কথা পতা বুলিও কয় ।

উল্লেখ্য, পাহাৰৰ পৰা বৈ অহা বাহিনী নদীৰ পানী ভৰলুত লগ হৈ ব্ৰহ্মপুত্ৰত মিলিত হয় । কিন্তু বাহিনীত অধিক পানী হোৱাৰ বাবে ভৰলুৱে কঢ়িয়াব নোৱৰা হৈছে । এইক্ষেত্ৰত বাহিনী নৈ নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ পুৰণি সমস্যাসমূহ দূৰ হৈছে, কিন্তু পুনৰ নতুন সমস্যাৰ সৃষ্টি হৈছে । সেয়েহে তেওঁ ৰাইজক নলাসমূহত জাবৰ-জোঁথৰ নেপেলাবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :কৃত্ৰিম বানত বুৰিল বিলাসী আৱাসিক এলেকা; জলবন্দী ১৫৩ টা পৰিয়াল - Artificial flood

লগতে পঢ়ক :এজাক বৰষুণতে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ, যাত্ৰীৰ হাহাকাৰ - Artificial Flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.