ETV Bharat / state

অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ: অশোক সিংহল - Rape in Tezpur

ঢেকীয়াজুলিৰ কিশোৰী নিগ্ৰহৰ ঘটনাৰ বুজ ল'লে মন্ত্ৰী অশোক সিংহলে । মানৱ সমাজক লজ্জানত কৰা এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে সিংহলে । লগতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:04 PM IST

Minister Ashok Singhal takes stock of the incident of teenage cruelty in Dhekiajuli
কিশোৰী নিগ্ৰহৰ ঘটনাৰ বুজ ল'লে মন্ত্ৰী অশোক সিংহলে (ETV Bharat Assam)

তেজপুৰ,২৬ জুন: ওদালগুৰি জিলাৰ মাজবাটৰ ধৰ্ষণকাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ সময়তে পুনৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত সংঘটিত হয় আন এক ধৰ্ষণৰ ঘটনা । ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত অৰুণ চাহ বাগিচাত সংঘটিত হয় এই ধৰ্ষণৰ ঘটনা । অভিযোগ অনুসৰি অৰুণ চাহ বাগিচাৰ মাজত দশম শ্ৰেণীৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীক এটা নৰপিশাচে ধৰ্ষণ কৰি পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ৷

ঘটনাৰ বিৱৰণী অনুসৰি ২৪ জুনৰ সন্ধিয়া প্রায় ৬:৩০ মান বজাত টিউচনৰ পৰা উভতি অহাৰ পথত দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক চাইকেলৰ পৰা জোৰকৈ নমাই অৰুণ চাহ বাগিচাৰ মাজলৈ টানি নি এই জঘন্য কাণ্ড সংঘটিত কৰে ঢেকীয়াজুলিৰ ১ নং পলাশবস্তি গাঁৱৰ ছহিদুল ইছলাম নামৰ এজন লোকে ৷ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰী ছহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

উক্ত ঘটনাৰ পিচতে বুধবাৰে মন্ত্ৰী অশোক সিংহলে ঘটনা সন্দৰ্ভত তেজপুৰৰ আৰক্ষী অধীক্ষকৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয় । বৈঠকৰ পিচত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঢেকীয়াজুলিত সংঘটিত এই ঘটনাই মানৱ সমাজক লজ্জানত কৰিছে । সামাজিক ব্যাধিস্বৰূপ এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ স্বাৰ্থত এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে একগোট হ'বলৈ তেওঁ ৰাইজলৈ আহ্বান জনায় ।

সমিলমিলেৰে বাস কৰি থকা ঢেকীয়াজুলিৰ সুন্দৰ সমাজখনে এনে অপশক্তিক উভালি পেলাবলৈ সদায় ঐক্যবদ্ধ হৈ থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে । ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যেই তৎপৰতাৰে কৰায়ত্ত কৰিছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে অতি সোনকালেই ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰি কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । অভিযুক্তক আইন অনুসৰি কঠোৰতম তথা দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে কেইবাটাও ঘটনাত উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে এই দিশত বিশেষ দৃষ্টি ৰাখিছে আৰু অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ । এনে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ প্ৰশাসনে সজাগতা অভিযান চলাব বুলি জানিবলৈ দি তেওঁ কয় যে প্ৰতিখন থানা, আৰক্ষী চকীত নাগৰিক সভাৰ আয়োজন কৰি ৰাইজৰ মতামত লোৱা হ'ব । স্পৰ্শকাতৰ অঞ্চলবোৰত আৰক্ষীৰ টহল বৃদ্ধি কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস মন্ত্ৰী ব্ৰহ্মৰ - UG Brahma in Dudhnoi

ফাষ্ট ট্ৰেক আদালতত যুৱক হত্যা-কিশোৰী ধৰ্ষণৰ বিচাৰৰ দাবীত এবছুৰ জোঁৰ সমদল - ABSU protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.