ETV Bharat / state

মহানগৰীত এইবাৰ মহঙা হ’ল গাখীৰ - price hike of essential commodities

Milk Price Hike In Guwahati :অত্যাৱশ্যকীয় সামগ্ৰীৰ পিচতে এইবাৰ বৃদ্ধি হ’ল গাখীৰৰ মূল্য ৷ মহানগৰীত 9 টকাকৈ গাখীৰৰ দাম বৃৃৃদ্ধি ৷ 65 টকা হ’লগৈ এক লিটাৰ গাখীৰৰ দাম ৷

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 2:09 PM IST

price hike of essential commodities
মহানগৰীত এইবাৰ মহঙা হ’ল গাখীৰ (Etv bharat)

গুৱাহাটী, 1 জুন : মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সৰ্বসাধাৰণ জনতাৰ মূৰত । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক । সকলোবোৰ সামগ্ৰীৰ মূল্যবৃ্দ্ধি অব্যাহত থকাৰ মাজতে পুনৰ আহিল আন এবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰ ।

বৃদ্ধি হ’ল গাখীৰৰ মূল্য :

এইবাৰ পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য । গুৱাহাটীত গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই । প্ৰতিলিটাৰ গাখীৰত 9 টকাকৈ বৃদ্ধি কৰাৰ দাবী কৰিছে গো-পালক সন্থাই । আন আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পশুখাদ্যৰ মূল্যবৃদ্ধি হোৱাৰ বাবে গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সন্থাৰ মালিগাঁও শাখাৰ সাধাৰণ সম্পাদক নাৰায়ণ ভাণ্ডাৰীয়ে ।

পূৰ্বৰ মূল্য :

মহানগৰীত বৰ্তমান গাখীৰৰ পাইকাৰী মূল্য আছিল 56 টকা । গৰুৰ খুঁটিৰ পৰা দুগ্ধ ব্যৱসায়ীসকলে ক্ৰয় কৰি আনি বজাৰত 60-70 টকা পৰ্যন্ত বিক্ৰী কৰিছিল । বিগত তিনি মাহ ধৰি দুগ্ধ ব্যৱসায়ীসকলৰ লগত আলোচনা কৰি গাখীৰৰ পাইকাৰী মূল্য 65 টকা পৰ্যন্ত বৃদ্ধি কৰাৰ দাবী জনায় আহিছিল । কেবাবাৰো আলোচনাত মিলিত হৈছিল দুগ্ধ ব্যৱসায়ী আৰু গোপালকসকল ।

বৰ্ধিত মূল্য :

কিন্তু গো-পালকসকলৰ এই দাবী মানি লোৱা নাছিল দুগ্ধ ব্যৱসায়ীসকলে । যাৰ বাবে আজিৰে পৰা বজাৰত নিজাববীয়াকৈ 65 টকা প্ৰতিলিটাৰ গাখীৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে গোপালকসকলে । যদি পৰৱৰ্তী সময়ত গোপালকসকলে এই দাবী মানি লয় তেতিয়া হ'লে ব্যৱসায়ীসকলক গাখীৰ দিব ।

উল্লেখ্য যে, লকডাউনৰ পূৰ্বে প্ৰতিলিটাৰ গাখীৰ 48 টকা হোৱাৰ পিছত লকডাউনৰ অন্তত দুই-টকা বৃদ্ধি হৈ 50 টকা হৈছিল ৷2022 ত তিনি টকা বৃদ্ধি হৈ 53 টকা পৰ্যন্ত বৃদ্ধি হৈছে । ইয়াৰ পিছত 2023 বৰ্ষত প্ৰতিলিটাৰ গাখীৰৰ 3 টকা মূল্য বৃদ্ধি কৰি 56 টকালৈ বৃদ্ধি কৰা হৈছিল ।

লগতে পঢ়ক: ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Dhemaji KMSS protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.