ETV Bharat / state

অসমত ধোঁৱাচাঙত এম জি এনৰেগা আঁচনি : ৩৮.৪৯ লাখ জাবকার্ডধাৰীৰ ১৯,৬৬৫ জনেহে পাইছে এশ দিনৰ কাম - MGNREGA In Assam

MGNREGA : অসমত প্ৰহসনত পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি । এক শতাংশ জবকার্ডধাৰীয়েও এশ দিনৰ কাম পোৱা নাই । কাম দিয়াৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব চৰকাৰৰ ।

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 8:04 PM IST

MGNREGA Implementation In Assam
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি (ETV Bharat Assam)

গুৱাহাটী, ১৩ আগষ্ট : কৰ্মসংস্থাপনৰ অভাৱত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ যোৱাটো নতুন কথা নহয় । কিন্তু সংস্থাপনৰ ব্যৱস্থা কৰি এই গমন ৰোধ কৰাৰ ক্ষেত্রত চৰকাৰখনৰ বিশেষ কোনো উদ্যোগ পৰিলক্ষিত হোৱা নাই । কেৱল হিতাধিকাৰী সৃষ্টিতহে চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি আহিছে । আনহাতে, চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবে কেতবোৰ অভিলাষী আঁচনিও নোহোৱা হোৱাৰ উপক্ৰম হৈছে । তেনে এখন আঁচনি হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি অৰ্থাৎ এম জি এনৰেগা ।

এই আঁচনিখনৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো লাখ লাখ লোকে জীৱিকাৰ সন্ধান কৰিবলৈ সক্ষম হৈছিল । কিন্তু বৰ্ত্তমান অসমত এই আঁচনিখন ধোঁৱাচাঙত উঠিছে । আঁচনিখনৰ অধীনত কাম নাপাই বহু লোকে ত্যাগ কৰিছে জবকাৰ্ড । অসমত এই অভিলাষী আঁচনিখন নোহোৱা হোৱাৰ উপক্ৰম হৈছে । আচলতে হিতাধিকাৰী সৃষ্টিৰে মানুহক অকর্মণ্যতাৰ মুখলৈ নি থকা চৰকাৰৰ এনে উৎপাদনশীল আঁচনিৰ প্ৰতি কোনো গুৰুত্ব নাই । কেৱল নামতেহে চৰকাৰখনে আঁচনিখন জীয়াই ৰাখিছে । ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্রালয়ৰ প'ৰ্টেলৰ তথ্যই অসমত আঁচনিখনৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে ।

অসমত এম জি এনৰেগাৰ ৰূপৰেখা :

ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্রালয়ৰ তথ্য অনুসৰি, অসমত জবকাৰ্ডধাৰী লোকৰ সংখ্যা ৩৮.৪৯ লাখ । আইন অনুসৰি এই জবকাৰ্ডধাৰী লোকসকলে বছৰি ১০০ দিনৰ কাম পাব লাগে । ১০০ দিনৰ কাম পালেহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন জবকাৰ্ডধাৰীয়ে বছৰত ২৩,৪০০ টকা লাভ কৰিব । কিন্তু অসমৰ ৩৮.৪৯ লাখ জাবকার্ডধাৰীৰ ভিতৰত মাত্র ১৯,৬৬৫ জনেহে ২০২৩-২৪ বৰ্ষত এশ দিনৰ কাম পাইছে । সেই অনুসৰি এক শতাংশ জবকার্ডধাৰীয়েও এশ দিনৰ কাম পোৱা নাই । তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত ৭১,২৬৮ জনে, ২০২১-২২ বৰ্ষত ৫১, ৯৫৬ জনে, ২০২২-২৩ বৰ্ষত২১,৪৭৮ জনে আৰু ২০২৩-২৪ বৰ্ষত ১৯,৬৬৫ জনে অসমত এনৰেগাৰ ১০০ দিনৰ কাম লাভ কৰিছিল । ইয়াৰ দ্বাৰা আঁচনিখনৰ ক্ষেত্রত অসমত চৰকাৰৰ অবহেলাৰ দিশটোৱে প্ৰতিফলিত হয় ।

কংগ্ৰেছৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল এম জি এনৰেগা :

কংগ্ৰেছ নেতৃত্বৰ ইউ পি এ চৰকাৰৰ দিনত ২০০৫ চনত অভিলাষী এম জি এনৰেগা আঁচনিখন গ্ৰহণ কৰা হৈছিল । ২০০৫ চনৰ ২৩ আগষ্টত আঁচনিখন গৃহীত হোৱাৰ পাছত ২০০৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা আঁচনিখন কাৰ্যকৰী কৰা হৈছিল । এই আঁচনিখনৰ উদ্দেশ্য আছিল কামৰ বিনিময়ত মজুৰি প্ৰদান কৰা আৰু উৎপাদনশীলতা বৃদ্ধি কৰা । আঁচনিখনৰ জৰিয়তে গ্রাম্য অঞ্চলৰ জীৱিকা সুৰক্ষা বৃদ্ধি কৰি যিবোৰ পৰিয়ালত প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ শাৰীৰিক শ্ৰমত নিয়োগ হ'ব বিচাৰে তেনে পৰিয়ালৰ সদস্যক ১০০ দিনৰ মজুৰিসহ নিয়োগ প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰা । ইয়াৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত আছিল ।

গ্ৰামাঞ্চলৰ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাপ্তবয়স্ক লোকক তেওঁলোকৰ নাম,বয়স,ঠিকনা,ফটোসহ পঞ্চায়ত বা উন্নয়ন খণ্ড কার্যালয়ত জমা দিয়াৰ পাছত নথি-পত্ৰ চালি-জাৰি চাই জবকাৰ্ডপ্ৰদান কৰা হয় । আন জবকার্ডধাৰীয়ে কামৰ বাবে আবেদন কৰি এপষেক ভিতৰত কাম নাপালে তেওঁলোকক ভাট্টা প্রদানৰো ব্যৱস্থা আছে । আঁচনিখনৰ জৰিয়তে গ্রামাঞ্চলত পুখুৰী খন্দা, ক্ষুদ্র জলসিনৰ কাম, নলা চাফা কৰা, খেলপথাৰৰ উন্নয়ন, গছপুলি ৰোপণ, ভিতৰুৱা পথ মেৰামতি, গৰাখহনীয়া ৰোধ আদি বিভিন্ন কাম সামৰি লোৱা হৈছিল । এই আঁচনিখনৰ জৰিয়তে গ্রামাঞ্চলৰ উন্নয়নৰ লগতে আর্থিক অসমতা প্রতিৰোধ, নাৰী সবলীকৰণ, কাম বিচাৰি গাঁৱৰ পৰা ঘটা প্ৰব্ৰজন ৰোধ কৰাৰ লক্ষ্য লোৱা হৈছিল ।

সফল হৈয়ো বিফল হ'ল অসমত :

প্রথম অৱস্থাত অসমত এম জি এনৰেগা আঁচনিখনে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল । তেতিয়া গ্ৰাম্য অঞ্চলত ৰূপায়িত এম জি এনৰেগাৰ বহু প্ৰকল্পৰ সুফল আজিও পৰিলক্ষিত হৈছে । আৰম্ভণিতে কাম কৰিবৰ বাবে পুৰুষৰ সমানে মহিলা সকলো ওলাই আহিছিল । আঁচনিখনৰ বাবে বহুতে উৎসাহেৰে জবকার্ডৰ বাবে আবেদন কৰিছিল । প্রতি গাঁৱতে বছৰত কমেও তিনি-চাৰিটা আঁচনিৰ প্ৰকল্পৰ কাম হৈছিল । ঠায়ে ঠায়ে কিছু অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছিল যদিও প্রায়সংখ্যক জবকার্ডধাৰীয়ে ৮০-১০০ দিনৰ কাম পাইছিল । বৰ্তমান ৰাজ্যখনত আঁচনিখনৰ অৱস্থা শোচনীয় হৈ পৰিছে যদিও ভাৰতৰ কেইবাখনো ৰাজ্যত আঁচনিখনৰ কাম পূর্ণোদ্যমে চলি আছে আৰু কর্মসংস্থাপনৰ জৰিয়তে সম্পদ সৃষ্টি হৈছে । কিন্তু পৰিতাপৰ কথা যে অসমত কর্মসংস্থাপনৰ জৰিয়তে সম্পদ সৃষ্টিৰ এই অভিলাষী আঁচনিখন ৰাজ্য চৰকাৰৰ অবহেলাত একপ্রকাৰ স্তব্ধ হৈ পৰিছে ।

বিফলতাৰ বাবে এম জি এনৰেগাৰ আবণ্টিত ধন কৰ্তন কেন্দ্ৰৰ :

অসমত ৰূপায়িত হৈ থকা এম জি এনৰেগা আঁচনিৰ কামত সন্তুষ্ট নহয় কেন্দ্রীয় গ্ৰামীণ বিকাশ মন্ত্রালয় । বিগত পাঁচ বছৰত অসমত এম জি এনৰেগাৰ অধীনৰ বহু কাম অসম্পূৰ্ণ অৱস্থাত আছে । অসমত পাঁচ বছৰত হাতত লোৱা কামৰ মাত্ৰ ২০ শতাংশ কামহে সম্পূৰ্ণ কৰিব পৰা গৈছে । আনহাতে, অসমৰ জবকাৰ্ডধাৰীয়ে বছৰি গড়ে ত্রিশ দিনৰো কাম পোৱা নাই । প্ৰতিখন জিলাতে বহু আঁচনি অসম্পূৰ্ণ হৈ থকাত কেন্দ্ৰীয় চৰকাৰে অসমলৈ আবণ্টিত এম জি এনৰেগাৰ আবণ্টিত ধন কৰ্তন কৰি আহিছে ।

২০২০-২১ বৰ্ষত এম জি এনৰেগা আঁচনিৰ নামত ৩৮৫.৬৭ কোটি টকা আবণ্টনৰ বিপৰীতে ২০২১-২২ বৰ্ষত ৩৩৭.৭৬ কোটি টকা, ২০১২-২০১৩ বৰ্ষত ১৭৫.৭৬ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ১৯০.৩৭ কোটি টকা আবণ্টন দিয়া হৈছে । ইফালে, চলিত বৰ্ষত এম জি এনৰেগাৰ নতুন মজুৰি সংশোধনতো অসমক বঞ্চনা কৰা হ'ল । নতুন মজুৰি নিৰিখ মতে কর্ণাটকত ৩৪৯ টকা, হাৰিয়ানত৩৭৪ টকা, গোৱাত ৩৬৫ টকা কৰাৰ বিপৰীতে অসমত মঞ্জুৰি হ'ল মাত্র ২৩৮ টকা । দেশৰ প্ৰায়কেইখন ৰাজ্যতএনৰেগাৰ মজুৰি তিনিশ টকাৰ ওপৰত হোৱাৰ বিপৰীতে অসমত যথেষ্ট কম ।

আনহাতে, অসমত বিচৰা ধৰণে কাম নাপায়, নিম্ন মজুৰি আদি বিভিন্ন কাৰণত ২০২২-২৩ বিত্তীয় বৰ্ষত ৫.৯৬ লাখ লোকে জবকাৰ্ড ঘূৰাই দিছে । অসমত ইতিমধ্যে এনেদৰে জবকাৰ্ড এৰা লোকৰ সংখ্যা দহ লাখৰো অধিক । অসম চৰকাৰৰ আঁচনিখনৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে আজি এখন অভিলাষী আঁচনিৰ এই অৱস্থা হৈছে । এই আঁচনিখনত গুৰুত্ব দিয়া হ'লে গ্ৰামাঞ্চলৰ বহু পৰিয়ালে আর্থিক সকাহ পোৱাৰ লগতে বহু উন্নয়নমুখী কামো হ'লহেঁতেন । কিন্তু হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়া চৰকাৰখনৰ অবহেলাৰ বাবে জনকল্যাণমূলক আঁচনিখন নোহোৱা হোৱাৰ উপক্ৰম হৈছে ।

লগতে পঢ়ক:অসমত কেনেদৰে চলিছে কংগ্ৰেছৰ দিনৰ অভিলাষী এম জি এনৰেগা আঁচনি ? - MG NREGA in Assam

জোনাইত এম জি এনৰেগা আঁচনিৰ ধন কুক্ষিগত কৰাৰ প্ৰতিযোগিতা ! - Scam in MGNREGA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.