ETV Bharat / state

অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয়; কিয় ক'লে মুখ্যমন্ত্রীয়ে - Himanta Biswa Sarma Facebook live

Assamese language: অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰাৰ পিছত অৱসান ঘটিল এটা বিতৰ্কৰ । সামাজিক মাধ্যমযোগে বিভিন্ন প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Himanta Biswa Sarma
Himanta Biswa Sarma Facebook live (X handle Assam CM)

গুৱাহাটী, ৪ অক্টোবৰ: কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়- ‘‘অসমীয়া আৰু বাংলা ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যদা প্ৰদান কৰাৰ পিছত এটা বিতৰ্কৰ অৱসান ঘটিল । অসমীয়া ভাষা বাংলা ভাষাৰ পৰা উৎপত্তি হৈছিল বুলি থকা বিতৰ্কৰ ওৰ পৰিল । অৰ্থাৎ দুয়োটা ভাষাই স্বাধীন আৰু দুয়োটা ভাষাই ১৫০০ৰ পৰা ২০০০ বছৰ পুৰণি । এই দিনটো অসমীয়াৰ বাবে ডাঙৰ প্ৰাপ্তি । ভাষা আন্দোলন হৈছিল অসমত অসমীয়া ৰাজ্য ভাষা হ'ব লাগে ।’’

‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল । আগতে ছটা ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা লাভ কৰিছিল আৰু এতিয়া পাঁচটা ভাষাই লাভ কৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি অসমীয়া ৰাইজৰ হৈ ধন্যবাদ আগবঢ়াইছিলো । কোনো আন্দোলন নাই আৰু কোনো দাবী নাই, মাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইখনমান পত্ৰৰ আদান-প্ৰদান । বৰাক উপত্যকাৰ ৰাইজে বাংলা ভাষা ব্যৱহাৰ কৰে, আজিৰ এই দিনটোত বাংলা ভাষায়ো ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা লাভ কৰা বাবে মই তেখেত সকলকো ধন্যবাদ জনাইছো ।" এইদৰে কৈ মুখ্যমন্ত্ৰীয়ে সকলোকে সামাজিক মাধ্যমযোগে এই প্ৰাপ্তিৰ বাবে প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ দি এষাৰ লিখাৰ বাবে আহ্বান জনায় ।

নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী:

ADRE ৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ‘‘সুন্দৰভাৱে ADRE ৰ পৰীক্ষা হৈ গ'ল । আজিৰ পৰা আৰক্ষীৰ নিযুক্তি পৰীক্ষা আৰম্ভ হ'ল । ২৯ অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব । তাৰ পিছত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব । ADRE ৰ প্ৰথম পৰীক্ষাৰ প্ৰায় ৮০ হাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰি OMR Sheet সংগ্ৰহ কৰিলে । দ্বিতীয়টো পৰীক্ষাৰ OMR Sheet দিয়াৰ ব্যৱস্থা কৰাৰ লগতে প্ৰশ্নৰ উত্তৰ আপলোড কৰাৰ বাবে ছেবাক কোৱা হৈছে । স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটোক এটা নতুন দিগন্তলৈ লৈ গৈছো ।’’

‘‘মই ভাবো যে ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাকলৈ খেলা কৰিব নোৱাৰে । অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয় । কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিন বিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক-যুৱতীসকলৰ মনত আৰু বুকুত যি আশাৰ বন্তি জ্বলাইছিলো সি যেন কোনোদিনে নুমাই নাযায়, তাৰ বাবে স্বচ্ছতাৰ নতুন নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছো ।’’ মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷

নিযুত মইনা আঁচনি:

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ‘‘নিযুত মইনা আঁচনিৰ ধন ৬ অক্টোবৰৰ পৰা বিতৰণৰ কাম আমি আৰম্ভ কৰিম । প্ৰতিটো বিধানসভা সমষ্টিত সভা অনুষ্ঠিত কৰি আঁচনিখনৰ শুভাৰম্ভ কৰিম । এই মাহত সকলো ছাত্ৰীক আমি একোখনকৈ ড্ৰাফট দিম । নৱেম্বৰ মাহৰ পৰা এই ধন প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বেংক একাউণ্টত সোমাব ।’’

দুৰ্গা পূজা সমিতিলৈ আৰ্থিক অনুদান:

দুৰ্গা পূজাৰ আয়োজক সমিতিলৈ অসম চৰকাৰে আগবঢ়োৱা আৰ্থিক অনুদান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ‘‘পূজা সমিতিসমূহে ৮ আৰু ৯ অক্টোবৰৰ ভিতৰত আৰ্থিক অনুদান লাভ কৰাৰ বাবে আমি নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিম ৷’’

সমজিলাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ ভাষ্য:

সমজিলা গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ‘‘অসমত আমি এতিয়া মহকুমাৰ ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ । শুকুৰবাৰৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব । মহকুমাক আমি সমজিলা বুলি জানিম । সমজিলা মানে জিলাৰ প্ৰায় সমান । প্ৰথম পৰ্যায়ত ৩৯ টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে সমজিলা স্থাপন কৰিম । দ্বিতীয় পৰ্যায়ত আৰু ৩৫ টা বিধানসভা সমষ্টিত সমজিলাৰ কাৰ্যালয় স্থাপন কৰা হ'ব । ৪ আৰু ৫ অক্টোবৰত মন্ত্ৰীসকলে সমজিলা সমূহ মুকলি কৰিব । ইয়াৰ ফলত জিলা সদৰলৈ নোযোৱাকৈ বহু সেৱাৰ সুবিধা ল'ব পৰা যাব । ১২৬ টা বিধানসভা সমষ্টিতে সমজিলা স্থাপন কৰা হ'ব ।’’

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান:

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সন্দৰ্ভত ড৹ শৰ্মাই কয়- ‘‘প্ৰথম পৰ্যায়ত ২৫ হাজাৰ যুৱক-যুৱতীলৈ আমি আৰ্থিক সাহায্য আগবঢ়াম । এই আঁচনিত যুৱকৰ সংখ্যা বেছি । অহা ৫ অক্টোবৰৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আৰম্ভ কৰিম । প্ৰথমতে এক লাখ টকা দিয়া হ'ব আৰু এই টকাৰ সদব্যৱহাৰ হ'লে আৰু এক লাখ টকা দিয়া হ'ব ।’’

বুজাবুজিৰ বদলিকৰণ:

বুজাবুজিৰ বদলিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ‘‘অহা দুই-চাৰি দিনৰ ভিতৰত মই প'ৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম । যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি বুজাবুজিৰ বদলিকৰণৰ কাম আৰম্ভ কৰিব পাৰো ।’’

কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ:

বিজেপি চৰকাৰে কৰা কামবোৰ কংগ্ৰেছৰ দিনত নকৰাকলৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ‘‘আমি কৰা কামবোৰ কংগ্ৰেছে কৰিব পাৰিলহেঁতেন । কিন্তু অকল ৰাজনীতি কৰিলে নহ'ব । ৰাজনীতি সমাজৰ বাবে কৰিব লাগিব । ৰাজনীতি মানুহৰ বাবে কৰিব লাগিব ।’’

লগতে পঢ়ক: অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition

সমজিলা : ইয়াৰ বৈশিষ্ট্য আৰু নাগৰিকে লাভ কৰিবলগীয়া সেৱাসমূহ - Equal District in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.