ETV Bharat / state

আমগুৰি-গৌৰীসাগৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি, সঘনাই চুৰিকাণ্ড - Theft Incident In Sivasagar

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:21 AM IST

Thieves terror in Amguri : অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি আৰু গৌৰীসাগৰ । দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে চুৰি কাৰ্য । এইবাৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ো নেৰিলে চোৰে ।

Thieves terror in Amguri
আমগুৰি-গৌৰীসাগৰত চুৰি (ETV BHARAT ASSAM)

আমগুৰি, ২৬ জুন: শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰভেঁটি গাঁৱত মঙলবাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে সংঘটিত কৰিলে চুৰিকাৰ্য । ঘটনাৰ বিৱৰণী মতে, বৰভেঁটি গাঁৱৰ বন্তি চুতীয়াৰ পৰিয়ালৰ গৃহত চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰি ১০ টাৰো অধিক গডৰেজৰ লকাৰ ভাঙে চোৰে । কাপোৰ-কানি লণ্ড-ভণ্ড কৰাৰ লগতে বহু মূল্যৱান সামগ্ৰীও চোৰে চুৰি কৰি নিয়ে । কৰ্মসূত্ৰে গুৱাহাটীত থকা বন্তি চুতীয়াই ঘৰটোৰ এটা অংশ নৱজ্যোতি তামুলী নামৰ এজন ব্যক্তিক ভাৰালৈ দিছিল । উক্ত ভাড়াতীয়া পৰিয়ালটো নথকা অৱস্থাতে চোৰে চলায় লুটপাট ।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে ভাড়াতীয়া নৱজ্যোতি তামুলীয়ে আমগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । পিচত ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা আমগুৰিৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ ।

লগতে পঢ়ক: মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক - Theft Incident In Mangaldoi

আনহাতে, যোৱা সোমবাৰে নিশা গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপতে অৱস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়তো চোৰে চুৰিকাৰ্য সংঘটিত কৰে । চোৰে কাৰ্যালয়টোৰ পৰা কম্পিউটাৰৰ বহুকেইটা বেটাৰী চুৰি কৰি নিয়ে ।

গৌৰীসাগৰ আৰক্ষী থানাৰ পৰা কেৱল ২০০ মিটাৰ দূৰত্বত গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত থকা আমগুৰি শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়টোৰ পৰা চোৰে কম্পিউটাৰৰ ১৭ টা বেটাৰী, এটা ডাঙৰ বেটাৰী আৰু এটা মাল্টিমিডিয়া স্পীকাৰ চুৰ কৰে । ইতিমধ্যে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীয়ে গৌৰীসাগৰ আৰক্ষী থানাত চুৰিকাৰ্য সংঘটিত হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: স্কুটীসহ দুই কুখ্যাত চোৰক গ্ৰেপ্তাৰ নুনমাটি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.