লখিমপুৰ, ১৮ ফ্ৰেব্ৰুৱাৰী : শনিবাৰৰ নিশা লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক । নিহত যুৱক দুজন চিয়াজুলি মাজগাঁৱৰ বিষ্ণু শইকীয়া (২৮) আৰু আনজন কদম টেঙাবস্তিৰ মৃদুল গোপাল (২১) বুলি চিনাক্ত কৰা হৈছে । এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় ।
জানিব পৰা মতে, চৰাইমৰীয়াত থকা দোকান সামৰি নিশা প্ৰায় দহ মান বজাত দুয়ো যুৱকে AS০৭L ৮৮১০ নম্বৰৰ গ্লেমাৰ বাইকেৰে ঘৰলৈ বুলি গৈ আছিল ৷ তেনে সময়তে চৰাইমৰীয়া বাইপাছত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে দুয়ো যুৱক । এই ঘটনাৰ পাচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজেও শোক প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, লখিমপুৰৰ বাইপাছটো কিলাৰ পথ হিচাপে পৰিগণিত হৈছে । সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই বাইপাচটোত । এনে দুৰ্ঘটনাসমূহত ইতিমধ্যে বহুজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে । বহুতৰ জীৱন অকালতে ঘূণীয়া হৈ পৰিছে । লগতে অসংখ্য যান বাহন চূৰমাৰ হৈ গৈছে ।
অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা অনুসৰি, বাইপাছটোত একাংশ চালকৰ মইমতালিৰ বাবে এনে দুৰ্ঘটনাসমূহ ঘটিব ধৰিছে । আনকি বাইপাছটোত একাংশ যান বাহনৰ তীব্ৰ গতিৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহি বুলি অভিযোগ উত্থাপন হৈছে একাংশ ট্ৰাক চালকৰ মইমতালিও ইয়াৰ বাবে দায়ী ।
কিছু দিনৰ পূৰ্বে উদণ্ড ট্ৰাক চালকে আনকি টহলদাৰী আৰক্ষীৰ বাহনকো মহটিয়াই নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে । এক প্ৰকাৰ মৃত্যুদূত লৈ পৰিণত হোৱা লখিমপুৰৰ এই বাইপাছটোত কেনেকৈ দুৰ্ঘটনা ৰোধ কৰিব পাৰি এই লৈ ৰাইজ উদ্বিগ্ন হৈ পৰিছে । ৰাইজে আৰক্ষীক এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক : ৰে’লে মহতিয়ালে এল্ট’ বাহন: থিতাতে নিহত চালক