মৰাণ, ১৯ আগষ্ট : কলকতাৰ অভয়াকাণ্ডৰ উত্তেজনা মাৰ নৌযাওতেই শনিবাৰে নিশা ডিব্ৰুগড়ত সংঘটিত হয় তেনে এক অনুৰূপ ঘটনা ৷ ডিব্ৰুগড় চহৰত এগৰাকী মহিলাক অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে দুই যুৱকৰ বিৰুদ্ধে । ডিব্ৰুগড়ৰ মিলন নগৰত সংঘটিত হৈছে এই অঘটনটো ।
ভুক্তভোগীয়ে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে সন্ধিয়া এখন দোকানত কৰ্মৰত মহিলাগৰাকীয়ে নিজ কৰ্মস্থলীৰ পৰা ঘৰ অভিমুখে গৈ আছিল ৷ কিন্তু তেনে সময়তে দুই যুৱকে মহিলাগৰাকীক আগচি ধৰি তেওঁৰ শৰীৰৰ ভিন্ন স্থানত স্পৰ্শ কৰে ৷ আনকি দুই যুৱকে মহিলাগৰাকীক হাতত ধৰি অন্ধকাৰ ৰাস্তাৰ ফালে টানি নিবলৈ চেষ্টা কৰে ৷ কিন্তু কথমপি মহিলাগৰাকীয়ে নিজকে দুই যুৱকৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷
শনিবাৰে বিয়লি সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দেওবাৰে সন্ধিয়াহে মিলন নগৰ আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে দুই অভিযুক্তক আৰক্ষীয়ে দেওবাৰে ৰাতি সোধ-পোছৰ বাবে আটক কৰি থানালৈ লৈ আনে । কিন্তু আৰক্ষীয়ে এই সম্পৰ্কত সংবাদ মাধ্যমক কোনো তথ্য জানিবলৈ দিয়া নাই ।
লগতে পঢ়ক : অভয়াৰ পিচত এইবাৰ যাত্ৰীবাহী বাছত কিশোৰীক দলবদ্ধ ধৰ্ষণ - Dehradun Gang Rape Case
আনকি থানালৈ অনা যুৱক কেইজনে এই ঘটনা সংঘটিত কৰিছে নে নাই সেই কথাও নিশ্চিত কৰা নাই আৰক্ষীয়ে । লগতে আৰক্ষীয়ে আটক কৰা দুই যুৱকৰ পৰিচয় বা তেওঁলোকৰ বিষয়ে কোনো তথ্য সংবাদ মাধ্যমত প্ৰচাৰ কৰাত বাধা আৰোপ কৰে ৷ আৰক্ষীৰ এই স্থিতিত ৰহস্যৰ গোন্ধ পাইছে ডিব্ৰুগড়ৰৰ একাংশ সংগঠনৰ লোকে ৷
ইফালে সংবাদ মাধ্যমে এই ঘটনাৰ বিষয়ে জ্ঞাত হৈ দেওবাৰে নিশা মিলন নগৰ আৰক্ষী চকীত উপস্থিত হয় ৷ তেতিয়া মিলন নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিব্ৰুগড়ৰৰ একাংশ সংগঠনে ৷ আনহাতে, ডিব্ৰুগড়ৰ এই ঘটনাৰ প্ৰকৃত ৰহস্য কি সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷