ETV Bharat / state

দুধনৈত অপহৰণকাৰীক লক্ষ্য কৰি মেঘালয় আৰক্ষীৰ গুলীচালনা - Firing Incident - FIRING INCIDENT

Meghalaya Police : দুধনৈৰ ৰাজপথত দুই অপহৰণকাৰীক লক্ষ্য কৰি মেঘালয় আৰক্ষীয়ে 6 জাঁই গুলী চলায় ৷ জানিব পৰা মতে মেঘালয় আৰক্ষীয়ে গুলী চালনা কৰা দুই দুৰ্বৃত্ত অপহৰণকাৰী আছিল ৷

FIRING INCIDENT AT DUDHNOI
গোৱালপাৰাৰ দুধনৈত গুলীচালনাৰ ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:54 PM IST

গোৱালপাৰা, 18 আগষ্ট : গোৱালপাৰাৰ দুধনৈত গুলীচালনাৰ ঘটনা ৷ অপহৰণকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা ৷ আজি সন্ধিয়া দুধনৈ নগৰত সংঘটিত এই ঘটনা ৷ দুধনৈৰ ৰাজপথত দুই অপহৰণকাৰীক লক্ষ্য কৰি মেঘালয় আৰক্ষীয়ে 6 জাঁই গুলী চলায় ৷

দুৰ্বৃত্তক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা (ETV Bharat Assam)

জানিব পৰা মতে মেঘালয় আৰক্ষীয়ে গুলীচালনা কৰা দুই দুৰ্বৃত্ত অপহৰণকাৰী আছিল ৷ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ হাটশিঙিমাৰীৰ পৰা এজন লোকক অপহৰণ কৰিছিল দুৰ্বৃত্তকেইটাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে অপহৰণকাৰীয়ে বকোৰ মেঘালয় এলেকাত হাত ভৰি বান্ধি পানীত পেলাই দিছিল অপহৃতক ৷ কিন্তু সৌভাগ্যক্ৰমে অপহৃদত ব্যক্তিজন মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ৷

ইফালে মেঘালয় আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে আজি সন্ধিয়া দাবী কৰা ধন নিবলৈ আহে অপহৰণকাৰী ৷ দাবী কৰা ধন নিবলৈ আহোতেই মেঘালয় আৰক্ষীয়ে দুই অপহৰণকাৰীৰ ওপৰত 6 জাঁই গুলী চালনা কৰে ৷ কিন্তু ঘটনাস্থলীৰ পৰা অপহৰণকাৰী পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ হাটশিঙিমাৰীৰ এগৰাকী ব্যক্তিক অপৰহৰণ কৰি ধনদাবী কৰিছিল অপহৰণকাৰীয়ে ৷ পৰৱৰ্তী সময়ত অসমৰ কামৰূপ জিলাৰ বকো এলেকাত অপহৃত ব্যক্তিজনক হাত ভৰিত বান্ধি নৈত পেলাই দিছিল ৷

তাৰ পাছতে ব্যক্তিজনক উদ্ধাৰ কৰি তীব্ৰ অভিযান চলোৱাৰ লগতে ধন দাবী কৰা টকা দিবলৈ আহোতেই দুধনৈত মেঘালয় আৰক্ষীয়ে স্কুটীত উঠি অহা দুই অপহৰণকাৰী পলায়নৰ চেষ্টা কৰোতে গুলী চালনা কৰে ৷ এই ঘটনাৰ পাছতে দুধনৈত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে অভিযান চলাই আছে যদিও দুই অপহৰকাৰীক বৰ্তমানলৈকে আটক কৰিব পৰা নাই ৷ অৱশ্যে স্কুটীখন জব্দ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ গুণ্ডাগিৰি, ভাঙিলে দোকান - Assam Nagaland Border

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.