ETV Bharat / state

জনজাতিকৰণৰ দাবীত উজনিত প্ৰতিবাদ মটক জনগোষ্ঠীয় সংগঠনৰ - Demanding tribalisation

Demand for ST status: জনজাতিকৰণৰ দাবীত সৰৱ মটক জনগোষ্ঠীয় সংগঠনসমূহ । জনগোষ্ঠীটোৰ কেউটা সংগঠন একত্ৰিত হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । তিনিচুকীয়া-ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ১১ টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীসকলৰ ।

Matok tribal organisations protest demanding tribalisation in Upper Assam
জনজাতিকৰণৰ দাবীত উজনিত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:12 PM IST

তিনিচুকীয়া/ডিব্ৰুগড়,১৬ আগষ্ট: অসমৰ আদিম জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম জনগোষ্ঠী হ'ল মটক জনগোষ্ঠী । এই মটক জনগোষ্ঠীৰ ৰাইজে দীৰ্ঘদিনৰ পৰা জনগোষ্ঠীটোক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে । প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতিৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও সেয়া কাৰ্যকৰী নকৰিলে । ফলত ৰাজ্যত পুনৰ আৰম্ভ হৈছে জনজাতিকৰণক লৈ প্ৰতিবাদ ।

জনজাতিকৰণৰ দাবীত উজনিত প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়াত মটক জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ:

শুকুৰবাৰে মটক জনগোষ্ঠীৰ কেউটা সংগঠনে একত্রিত হৈ তিনিচুকীয়াৰ থানা চাৰিআলিত মটক জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত যৌথভাবে ৰূপায়ণ কৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক মহিলা পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

১১ টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ:

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ১১ টাকৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ দাবীসমূহ ক্ৰমে-

  • মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ সংবিধানিক স্বীকৃতি প্রদান কৰা ৷
  • মটক জনগোষ্ঠীক পূর্ণ স্বায়ত্ত শাসন প্রদানেৰে এখন পূর্ণাংগ মটক স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা ৷
  • অত্যাধুনিক বিজ্ঞান-প্রযুক্তিৰে তথা বিজ্ঞানসন্মতভাৱে প্রতিবছৰে অসমত সৃষ্টি হোৱা ভয়াবহ কৃত্রিম বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা ৷
  • অসমত যাতে এজনো হিন্দু অথবা মুছলমান বাংলাদেশী অনুপ্রবেশকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে ৷
  • তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে তাৎক্ষণিকভাবে যাবতীয় ব্যৱস্থা গ্রহণ কৰা ৷
  • অসম চৰকাৰৰ অধীনস্থ নিকায় নিগমসমূহত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্রাধিকাৰ দিয়া ৷
  • মটক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস ২৪ মে' তাৰিখটো স্থায়ীভাৱে ৰাজ্যিক বন্ধদিন হিচাপে ঘোষণা কৰা ৷
  • মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল খেলৰ শিতানত প্ৰতি বছৰে ৫০,০০,০০০/- (পঞ্চাশ লাখ) টকা ধাৰ্য কৰা ৷
  • ডিব্ৰুগড়-যোৰহাট সংলগ্ন ৩৭ নং জৰাজীৰ্ণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথছোৱাৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে সমাপন কৰিবলৈ যাৱতীয় ব্যবস্থা গ্ৰহণৰ বাৰে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰা ৷
  • অসমত ছানি ধৰা মাৰাত্মক ড্ৰাগছৰ পয়োভৰ (বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত) অতি শীঘ্রে নির্মূল কৰণার্থে যাবতীয় বিহিত ব্যৱস্থা গ্রহণ কৰি উঠি অহা নৰ-প্ৰজন্মক সম্ভাব্য ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা ৷
  • বি, ফার্ম (B. Pharm) পাঠ্যক্রমত মটক জনগোষ্ঠীৰ শিক্ষার্থীৰ বাবে যথোপযুক্ত আসন সংৰক্ষণ কৰা ৷
  • মটক জনগোষ্ঠীৰ ঐতিহাসিক কীর্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন কৰাৰ লগতে বেদখলমুক্ত কৰা ৷

ডিব্ৰুগড়ত মটক জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ:

মটক জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিংগীৰ চাৰিআলিত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে প্ৰতিবাদ সাব্যস্ত কৰিলে মটক জনগোষ্ঠীয় সংগঠনকেইটাই । এই প্ৰতিবাদস্থলীৰ পৰাই অসমৰ মটক জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে । যদি বৰ্তমান বিজেপিৰ চৰকাৰে এই প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰে উজনি অসম বিজেপিৰ চৰকাৰৰ উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

আনহাতে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে জনজাতিকৰণ দাবীত ২২ আগষ্টত গুৱাহাটীৰ চচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট, ২৬ আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, ৬ ছেপ্টেম্বৰত নতুন দিল্লীত ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ, ১৩ ছেপ্তেম্বৰত ৰে'ল অৱৰোধ, ২৭ ছেপ্তেম্বৰত বিমান অৱৰোধ, ৪ অক্টোবৰত ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ইতিমধ্য ঘোষণা কৰিছে ।

লগতে পঢ়ক: মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা - MATAK DEMAND ST STATUS

কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবীত উত্তাল চচল - Demanding tribalisation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.