ETV Bharat / state

সোৱনশিৰিৰ খহনীয়াই বিপদ মাতিছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজলৈ - Assam River Bank Erosion Problem

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 1:26 PM IST

Erosion Problem in Lakhimpur : লখিমপুৰত সোৱণশিৰিৰ তীব্র খহনীয়া । ইতিমধ্যে ভালেমান গাঁও, শস্য ক্ষেত্র নদীৰ বুকুত জাহ যোৱাৰ পাছত পুনৰ এক বৃহৎ অঞ্চললৈ আহিছে ভাবুকি । অঞ্চলটোৰ খহনীয়া ৰোধত গুৰুত্ব নিদিয়াৰ বাবে স্থানীয় বিধায়কৰ বিৰুদ্ধে চৰম ক্ষোভ নৈ পৰীয়া ৰাইজৰ ।

Subansiri erosion threatens people in vast areas of Lakhimpur
সোৱনশিৰিৰ খহনীয়াই বিপদ মাতিছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজলৈ (ETV Bharat Assam)

লখিমপুৰ, ৮ জুন : লখিমপুৰত চপৰা চপৰে খহিছে সোৱণশিৰি গৰা । সমানে খহিছে বিধায়কৰ জনপ্ৰিয়তা । বাৰিষা বান আৰু খৰালিত খহনীয়া । এইবোৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যেন কেতিয়াও উদ্ধাৰ নহ'ব লখিমপুৰ জিলাৰ ৰাইজ । বাৰিষাৰ বানৰ পাচত খৰালি কালচোৱাত জিলাখনৰ বিভিন্ন স্থানত খহনীয়াৰ তাণ্ডৱ প্ৰতিবছৰে অব্যাহত আছে ।

বিশেষকৈ সোৱণশিৰিৰ খহনীয়াই বহু শস্য ক্ষেত্র, গাঁও আদি উচন কৰিছে ৷ শেহতীয়া কৈ ঘাগৰঘাটত তীব্র ৰূপ ধাৰণ কৰিছে খহনীয়াই । খহনীয়াই কালৰূপ ধৰিছে ন-আলি-ঘাগৰঘাট-বালিগাঁৱত । সোৱণশিৰিৰ এনে গড়াখহনীয়াত ত্ৰস্তমান জনতা ৷

খহনীয়াত ঘৰ-বাৰী হেৰুৱাই মুকলি আকাশৰ তলতে অন্ন-বাসস্থানৰ ব্যৱস্থা কৰিবলগীয়া হৈছে ৰাইজে । সম্প্রতি নিঃশেষ হোৱাৰ পথত অঞ্চলটোৰ দুই শতাধিক পৰিয়ালৰ বাসগৃহ । সোৱণশিৰিৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ন-আলি ঘাগৰমুখ বালিগাঁওবাসীয়ে প্ৰতিবাদ কৰি আছে যদিও কাণসাৰ নাই সংশ্লিষ্ট বিভাগ, চৰকাৰ, অথবা জনপ্রতিনিধিৰ ।

উল্লেখ্য ইতিমধ্যে অঞ্চলটোত সোৱণশিৰিত জাহ গৈছে দুই শতাধিক পৰিয়ালৰ বাসগৃহ । খহনীয়াৰ প্ৰকোপত নিজে সজা ঘৰখন আজি নিজে ভাঙিছে নৈ পৰীয়াই । অসমৰ মানচিত্রৰ পৰা নিঃশেষ হোৱাৰ পথত সোৱণশিৰি নদীপৰীয়া এক বৃহৎ অঞ্চল । যাৰ ফলত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ ।

বিধায়ক মানৱ ডেকা আৰু নৱনির্বাচিত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱালৈ ৰাইজৰ আহ্বান যে বিজ্ঞানসন্মতভাৱে খহনীয়াৰ স্থায়ী সমাধান নকৰিলে আগন্তুক ২৬ ৰ নিৰ্বাচনত ফল ভুগিব বিজেপিয়ে । মানৱ ডেকাক ২০২৬ ত প্ৰাক্তন বিধায়কৰ শাৰীলৈ পৰ্যৱেসিত কৰিব বুলিও নৈ পৰীয়া ৰাইজে সকীয়াই দিয়ে ।

লগতে পঢ়ক: কেতিয়া সমাধান হ'ব তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চলৰ খহনীয়া সমস্যাৰ ? - Assam River Bank Erosion Problem

কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ গঠন কৰো: পীযুষ হাজৰীকা - Lok Sabha Election 2024

হঠাতেই জোনাইৰ বিভিন্ন অঞ্চল কিয় পৰিদৰ্শন কৰিলে বিধায়ক ভূৱন পেগুৱে ! - MLA Bhubon Pegu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.