নিউজ ডেস্ক, 19 মাৰ্চ : কা বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ কা বাতিলৰ দাবীত সোমবাৰে ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰহণ কৰা হয় বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৷ সোমবাৰৰ দুপৰীয়া বিহপুৰীয়াৰ ৰাজপথ কঁপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বিহপুৰীয়াত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় । চৰকাৰ বিৰোধী শ্ল’গান সম্বলিত বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদী সমদলত অংশ লয় প্ৰতিবাদকাৰীসকলে ।
সমান্তৰালভাৱে, বৰপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যৌথ উদ্যোগত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ সংগঠনকেইটাৰ কেইবাজনো নেতা কৰ্মীৰ উপস্থিতিত বৰপথাৰ নগৰৰ মাজমজিয়াস্থিত হাইস্কুল তিনিআলিত কা-ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ।
আনহাতে, কা বাতিলৰ দাবীত ধেমাজিত শুকুৰবাৰৰ নিশা বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদস্থলীত কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷
- " class="align-text-top noRightClick twitterSection" data="">
সৰুপথাৰ নগৰতো কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । ধনশিৰিৰ দল-সংগঠনৰ লগতে সচেতন ৰাইজৰ যুতীয়া উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷ প্ৰতিবাদকাৰীসকলে কয়, "বিজেপি চৰকাৰে অসমীয়া জাতি আৰু অসমীয়া ভাষা নিঃশেষ কৰাৰ স্বাৰ্থত এই কা আইন জাপি দিছে ৷ গতিকে এই কা আইন অসমীয়া জাতিয়ে কোনো কাৰণত মানিব নোৱাৰে । প্ৰয়োজন হ’লে আমি প্ৰাণ আহুতি দিবলৈও সাজু আছো ।"
লগতে পঢ়ক: উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়, ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত