ETV Bharat / state

কংক্ৰিটৰ মহানগৰীত কাতি বিহু পালনৰ ব্যাপক প্ৰস্তুতি

কংক্ৰিটৰ মহানগৰীত কাতি বিহুৰ আয়োজন । প্ৰতীকী আৰ্হিত সাজি উলিওৱা হৈছে এখন গাঁও ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Massive preparations for Kati Bihu in Guwahati city
কাতি বিহুক লৈ কংক্ৰিটৰ মহানগৰীত ব্যাপক প্ৰস্তুতি (ETV Bharat Assam)

গুৱাহাটী,১৬ অক্টোবৰ: তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে... ৷ কাইলৈ কাতি বিহু । ৰাজ্যজুৰি কৃষিপ্ৰধান উৎসৱ কাতি বিহুৰ আয়োজন চলিছে । দিনে দিনে সংকুচিত হৈ অহা কাতি বিহুক লৈ কংক্ৰিটৰ মহানগৰী গুৱাহাটীতো চলিছে ব্যাপক প্ৰস্তুতি । কংক্ৰিটৰ মহানগৰীত এক বিশেষ স্থানত গাঁৱলীয়া পৰিৱেশত উদযাপন কৰা হ'ব কাতি বিহু । উদ্দেশ্যে এটাই- নৱপ্ৰজন্মক কাতি বিহুৰ পৰম্পৰাৰ লগত চিনাকী কৰাই দিয়া ।

সেই উদ্দেশ্যে প্ৰতীকী আৰ্হিত ধাননি পথাৰৰ লগতে গ্ৰাম্য জীৱনকো প্ৰতীকী ৰূপত সজাই তোলা হৈছে । অসমৰ গ্ৰামাঞ্চলত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰী, কৃষিকৰ্মত ব্যৱহৃত সজুলি নাঙল-জুৱলি, জাপি, মৈৰ লগতে অসমীয়া গ্ৰাম্য জীৱনত ব্যৱহৃত সজুলি জাল, জাকৈ, খালৈ, পল',চেপা আদি প্ৰদৰ্শনৰ দিহা কৰা হৈছে । উদ্যোক্তাসকলে জনোৱা অনুসৰি, নৱপ্ৰজন্মক কাতি বিহুৰ লগত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে কাতি বিহু ।

বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিয়ে বিগত তিনি বছৰ ধৰি কাতি বিহুৰ আয়োজন কৰি আহিছে । এইবাৰ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ উদ্যোগত আৰু খাৰঘুলি বিহু সন্মিলনৰ সহযোগত কাতি বিহুটি খাৰঘুলি বিহুতলীত বৃহস্পতিবাৰে উদযাপন কৰা হ'ব । দিনৰ ভাগত প্ৰাৰ্থনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

সন্ধিয়া ৬ বজাত তুলসীৰ তলত বন্তি প্ৰজ্বলনৰে কাতি বিহুৰ শুভাৰাম্ভ কৰিব বৃহত্তৰ বিহু সমন্বয় সমিতিৰ সভাপতি ৰঞ্জন বৰাই । অনুষ্ঠানত গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়া, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰদুষণ পৰিষদৰ অধ্যক্ষ অৰূপ মিশ্ৰ আৰু সদস্য সচিব শান্তনু দত্ত, বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিব ।

আনহাতে এইবেলি প্ৰথমবাৰৰ বাবে বিহুতলীৰ বাকৰিত কামৰূপ জিলাৰ হাজো ৰামদিয়াৰ আদৰ্শবান খেতিয়ক কনক ডেকাক প্ৰাক্তন সাংসদ ধীৰেশ্বৰ কলিতা সোৱৰণী বঁটাৰে সন্মানিত কৰা হ'ব ।

লগতে পঢ়ক: কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য

লক্ষ্মীপূজা-কাতি বিহুৰ উচাহৰ পৰা বঞ্চিত ধেমাজিৰ এইসকল লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.