ETV Bharat / state

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড - FIRE BREAKS OUT in Jorhat - FIRE BREAKS OUT IN JORHAT

Fire In Jorhat : যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিসংযোগ হোৱা প্ৰতিষ্ঠানটোত বহু পলমকৈ বিদ্যুৎ কৰ্তনৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৷

massive-fire-breaks-out-in Jorhat
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 7:24 AM IST

যোৰহাট, 3 জুন : দেওবাৰৰ নিশা যোৰহাটৰ নিউ বালিবাটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে, নিউ বালিবাটত অৱস্থিত মেডিপ্লাছ নামৰ এটা প্ৰতিষ্ঠানত নিশা প্ৰায় 9.15 বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো । প্ৰতিষ্ঠানটোৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড (Etv bharat assam)

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ যত্ন কৰে । জুইৰ ফলত প্ৰতিষ্ঠানটোত মজুত কৰি ৰখা ঔষধ, লেপটপ আৰু গুৰুত্বপূৰ্ণ নথি নষ্ট হৈ যায় আৰু প্ৰায় 1 কোটি টকা মূল্যৰ সা-সম্পত্তি নষ্ট হয় । বাতৰি লিখাৰ সময়লৈকে জুই নিৰ্বাপন কৰিবলৈ আংশিকভাৱে সক্ষম হ’লেও প্ৰতিষ্ঠানটোৰ পৰা বৰ্তমানেও ধোঁৱা নিগৰি আছে বুলি জানিব পৰা গৈছে ।

জুইৰ কাৰণ কি বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । আনহাতে, জুই জ্বলি থকা প্ৰতিষ্ঠানটোত বিদ্যুত কৰ্তন কৰিবলৈ বিদ্যুৎ বিভাগক ফোন কৰা হয় যদিও ফোন নধৰাৰ অভিযোগ উঠিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে । বহু সময় পিচতহে বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ কৰ্তন কৰে ৷

উল্লেখ্য যে, প্ৰতিষ্ঠানটোৰ বিদুৎ সংযোগ কৰ্তন নকৰাৰ বাবেই জুই নিৰ্বাপনৰ ক্ষেত্ৰত অগ্নিনিৰ্বাপক বাহিনী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি স্থানীয় লোকে জনায় ৷ জনবসতিপূৰ্ণ তথা ব্যৱসায়িক এলেকাটোত জুইৰ সূত্ৰপাত হোৱা ঘটনাই অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী - Fire in Duliajan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.