ETV Bharat / state

আহাৰমহীয়া বানৰ বিভীষিকা: ক্ষতিগ্ৰস্ত 11,34,446 লোক, মৃতকৰ সংখ্যা 38 লৈ বৃদ্ধি - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:37 AM IST

Flood situation in Assam : ৰাজ্যত বাৰিষাৰ দ্বিতীয়টো বানত প্লাৱিত হৈছে 28 খন জিলা । অসহায় জনতা । বান আশ্রয় শিবিৰ আৰু সাহায্য কেন্দ্ৰত আশ্ৰয় 2.87 লাখ লোকৰ ।

Flood situation in Assam
বানত প্লাৱিত ২৮ খন জিলা (ETV BHARAT ASSAM)

গুৱাহাটী, ৩ জুলাই: ৰাজ্যৰ কেইবাখনো জিলাত বানে প্রলয়ংকৰী ৰূপ লৈছে । নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । ঘৰ-বাৰী এৰি ওখ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্রান্তই । মঙলবাৰে বানত পৰি ধেমাজিৰ এজন আৰু তিনিচুকীয়াৰ দুজন লোকে প্রাণ হেৰুৱাইছে । ইয়াকে লৈ এই বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 38 গৰাকীলৈ বৃদ্ধি পালে । আনহাতে, বিশ্বনাথত বানত পৰি এজন লোক এইপৰ্যন্ত সন্ধানহীন হৈ আছে ।

ইপিনে, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ 28 খন জিলা বানৰ কবলত পৰিছে । কামৰূপ, তামলপুৰ, চিৰাং, মৰিগাঁও, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, ওদালগুৰি, নগাঁও, বঙাইগাঁও, শোণিতপুৰ, গোলাঘাট, হোজাই, দৰং, চৰাইদেউ, নলবাৰী, যোৰহাট, শিৱসাগৰ, কাৰ্বি আংলং, গোৱালপাৰা, ধেমাজি, মাজুলী, তিনিচুকীয়া, কোকৰাঝাৰ, বৰপেটা, কাছাৰ আৰু কামৰূপ(ম) জিলা বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

লগতে পঢ়ক: বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

28 খন জিলাৰ 84 টা ৰাজহ চক্ৰৰ 2,208 খন গাঁও বনত বুৰ গৈছে । এতিয়ালৈকে বানৰ ফলত প্ৰভাৱিত হৈছে 11 লাখ 34 হেজাৰ 446 গৰাকী লোক । 42,476 হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে । 481 টা বান আশ্রয় শিবিৰ আৰু সাহায্য কেন্দ্ৰত আশ্ৰয় লৈ আছে 2.87 লাখ বানাক্ৰান্ত ৷

কেন্দ্রীয় জল আয়োগৰ তথ্য:

কেন্দ্রীয় জল আয়োগে মঙলবাৰে সন্ধিয়া সদৰী কৰা তথ্য মতে, ৰাজ্যৰ 11 খন নৈ 14 খন জিলাত বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে 10 খন নৈয়ে 11 খন জিলাত সতর্কতাৰ সীমা অতিক্ৰম কৰিছে । কৰিমগঞ্জৰ বদৰপুৰ ঘাটত বৰাক, লখিমপুৰৰ বদতি ঘাটত সোৱণশিৰি, বৰপেটাৰোডত বেঁকী, ডিব্ৰুগড়ৰ চেনিমাৰীত বুঢ়ীদিহিং, ধুবুৰী, গুৱাহাটী, যোৰহাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ, নগাঁৱৰ কামপুৰত কপিলী, কৰিমগঞ্জত কুশিয়াৰা, হাইলাকান্দিত কাটাখাল, শিৱসাগৰৰ নঙলামূৰাঘাটত দিচাং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শিৱসাগৰত দিখৌ নৈ মঙলবাৰে বিয়লি পৰলৈকে বিপদসীমাৰ ওপৰেৰে বৈ আছিল ।

লগতে পঢ়ক: বানাক্ৰান্তৰ চকুলো মচিবলৈ নাই কোনো : আজানপীৰ দৰগাহলৈ বানে আনিছে ভাবুকি - ASSAM FLOOD 2024

আনহাতে, কাছাৰৰ অন্নপূর্ণা ঘাটত বৰাক, মৰিগাঁৱৰ ধৰমতুলত কপিলী, ডিব্ৰুগড় আৰু গোৱালপাৰাত ব্ৰহ্মপুত্ৰ, ধুবুৰী আৰু গোলোকগঞ্জত সোণকোষ, কোকৰাঝাৰৰ গৌৰাং, শোণিতপুৰৰ জীয়াভলী, এন টি বোড ক্রহিঙত জীয়াভৰলী, নাহৰকটীয়াত বুঢ়ীদিহিং, নলবাৰী-সন্ধা ৰোডত পাগলাদিয়া, কামৰূপৰ পুঠিমাৰী এইচ ৰোড ক্ৰচিত আৰু লখিমপুৰত ৰঙানদীয়ে সতর্কতাৰ সীমা অতিক্রম কৰিছে যদিও বিপদসীমাৰ তলেৰে বৈ আছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ বতৰৰ আগলি বতৰা:

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই 6 জুলাইলৈকে প্রকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি এই সময়ছোৱাত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মজলীয়া বৰষুণ অব্যাহত থাকিব । কোনো কোনো অঞ্চলত প্ৰবলৰপৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

সমুদ্রপৃষ্ঠৰ 3.1 কিল’মিটাৰৰ ওপৰত অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এটা ঘূর্ণী বতাহ অৱস্থান কৰি আছে । ইয়াৰ প্রভাৱতে অহা দিনকেইটাতো ৰাজ্যজুৰি বৰষুণ অব্যাহত থাকিব । যোৱা 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল— ধুবুৰী 19.2 মিলিমিটাৰ, গোৱালপাৰা 64 মিলিমিটাৰ, গোলাঘাট 32 মিলিমিটাৰ, লামডিং 20 মিলিমিটাৰ, মাজবাট 14 মিলিমিটাৰ, উত্তৰ লখিমপুৰ 13 মিলিমিটাৰ, শিলচৰ 63 মিলিমিটাৰ, তেজপুৰ 5 মিলিমিটাৰ, দুধনৈ 5.5 মিলিমিটাৰ আৰু গুৱাহাটী 8 মিলিমিটাৰ ।

লগতে পঢ়ক: গোলাঘাটত জলবন্দী ৰাইজৰ হাহাকাৰ; ছিগিল মথাউৰি-উটুৱাই নিলে পথ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.