ETV Bharat / state

আশ্ৰয় ল’বলৈ গছৰ অভাৱ; পক্ষীৰ ভৰ সহিব নোৱাৰি ভাগি পৰিল গছৰ ডাল - Mass Death of Birds in Lakhimpur

Migratory birds die: লখিমপুৰৰ ঢকুৱাখনাত গছৰ ডাল ভাগি পৰি পোৱালিসহ ৫০ৰো অধিক পক্ষীৰ মৃত্যু । আঘাতপ্ৰাপ্ত পক্ষীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Migratory birds die
ভাগি পৰিল গছৰ ডাল; অৰ্ধশতাধিক পক্ষীৰ কৰুণ মৃত্যু (ETV Bharat)

লখিমপুৰ,৭ অক্টোবৰ : লখিমপুৰ জিলাৰ ঢকুৱাখনাত মৰ্মান্তিক ঘটনা । গছৰ ডাল ভাগি মৃত্যু ৫০ৰো অধিক পক্ষীৰ । ১০ ৰো অধিক পক্ষী আঘাতপ্ৰাপ্ত হৈছে । এই ঘটনাৰ পিচতে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী লোকসকল উদ্বিগ্ন হৈ পৰিছে ।

পক্ষীৰ কৰুণ মৃত্যু

উল্লেখ্য যে অসমত বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীকে ধৰি বিভিন্ন প্ৰকাৰৰ চৰাই আৰু জন্তু নিধন হৈ আহিছে । চোৰাং চিকাৰীৰ লক্ষ্য হৈ আহিছে পৰিভ্ৰমী পক্ষীবোৰ । অৱশ্যে এইবাৰ লখিমপুৰত প্ৰকৃতিৰ ৰোষত পৰি অৰ্ধশতাধিক পক্ষীৰ মৃত্যু হয় । ঢকুৱাখনা উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপত ঘুনাসুঁতি সংযোগী গড়কাপ্তানি পথৰ খজুৱাত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় । বিভিন্ন কাৰণত অঞ্চলটোৰ বৃহৎ আকাৰৰ গছসমূহ কটাৰ ফলত এজোপা গছত কেইবা বছৰ ধৰি পৰিভ্ৰমী পক্ষীয়ে আশ্ৰয় লৈছিল । কিন্তু দেওবাৰে হঠাৎ গছজোপাৰ এটা ডাল ভাগি পৰে । ডালটোত বাহ সাজি থকা বগলী, শামুকভঙা, পানী কাউৰী আদি তলত সৰি পৰে । ফলস্বৰূপে পোৱালিসহ প্ৰায় ৫০ টাকৈ পক্ষীৰ মৃত্যু হয় । ইফালে ১০ৰো অধিক পক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

পৰৱৰ্তী সময়ত বন বিভাগ আৰু ঢকুৱাখনাৰ এটা স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনৰ এগৰাকী সদস্য উপস্থিত হয় আৰু আঘাতপ্ৰাপ্ত পক্ষীকেইটাক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে ।

কিয় হ'ল এই ঘটনা ?

স্থানীয় লোকে জনোৱা মতে এই এলেকাত থকা ভালেখিনি গছত বছৰ বছৰ ধৰি থলুৱা আৰু পৰিভ্রমী পক্ষীয়ে আশ্ৰয় লৈ আহিছে । বিশেষকৈ পক্ষীবোৰে বাহ সাজি এই গছত পোৱালি জগায় । কিন্তু বিভিন্ন কাৰণত এলেকাটোৰ গছবোৰ কাটি পেলোৱাত এতিয়া বাসস্থানৰ অভাৱ হৈছে পক্ষীবোৰৰ । যাৰ বাবে এজোপা গছতে শ শ পক্ষীয়ে একেলগে আশ্ৰয় ল'বলগীয়া হৈছে । ইফালে কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত গছৰ গুৰি কোমল হৈছে আৰু ডালৰ ভৰ বৃদ্ধি হোৱাৰ ফলত গছ উভালি পৰিছে বা ডাল ভাগি পৰিছে । এনে ধৰণৰ ঘটনা অঞ্চলটোত কেইবাটাও সংঘটিত হৈছে বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে । সেয়ে বন বিভাগ তথা স্থানীয় প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক :অৰুণাচলীয়ে আৰু দখল কৰিব নোৱাৰে অসমৰ ভূমি; কিয় ক'লে জোনাইৰ বিধায়কে ? - Assam Arunachal border dispute

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.