ETV Bharat / state

হিংসাত্মক আন্দোলন : কৰিমগঞ্জ হৈ বাংলাদেশৰ পৰা নিৰাপদে উভতি আহিছে ভাৰতীয় ছাত্ৰ-ছাত্ৰী - Bangladesh violence

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:31 PM IST

Bangladesh Quota Agitation : বাংলাদেশৰ হিংসাত্মক আন্দোলনৰ প্ৰভাৱ পৰিছে দেশখনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৷ ভাৰতীয় উচ্চায়ুক্তই ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে নিয়মিতভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ আজিৰ দিনটোলৈকে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে মুঠ 48 গৰাকী ছাত্ৰ-ছাত্ৰী ভাৰতলৈ উভতি আহিছে ৷

Bangladesh Quota Agitation
কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতলৈ উভতিছে শীক্ষাৰ্থী (ETV Bharat Assam)

কৰিমগঞ্জ, 20 জুলাই : চৰকাৰী চাকৰিত কোটা সংৰক্ষণক লৈ হোৱা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশত ৷ দেশখনত হোৱা এই হিংসাত্মক আন্দোলনত কেবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে সমগ্ৰ দেশখনতে হাছিনা চৰকাৰে কাৰ্ফিউ ঘোষণা কৰিছে ৷ শান্তি-শৃংখলা বজাই ৰখাত সহায় কৰিবলৈ সামৰিক বাহিনী মোতায়েন কৰা হৈছে দেশখনত ৷

বাংলাদেশৰ পৰা নিৰাপদে উভতি আহিছে ভাৰতীয় ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)

ইফালে এই হিংসাত্মক আন্দোলনৰ প্ৰভাৱ পৰিছে দেশখনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৷ ইতিমধ্যে এই আন্দোলনৰ ফলত সূচনা হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে দেশখনৰ বহু অঞ্চলত কাৰ্ফিউৰ লগতে ইন্টাৰনেট পৰিসেৱাও বন্ধ হৈ আছে ৷ তাৰবাবে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ নিজ দেশৰ লগত তথা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

বাংলাদেশত উদ্ভৱ হোৱা এই পৰিস্থিতিত ভাৰতীয় উচ্চায়ুক্তই ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে নিয়মিতভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ ভাৰতীয় উচ্চায়ুক্তই এই সন্দৰ্ভত ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷ বাংলাদেশত সৃষ্টি হোৱা এই হিংসাত্মক পৰিস্থিতিৰ বাবে দেশখনত অধ্যয়নৰত কেবাগৰাকী ছাত্ৰ-ছাত্ৰী নিজ দেশলৈ উভতি আহিছে ৷ আজিৰ দিনটোলৈকে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে মুঠ 48 গৰাকী ছাত্ৰ-ছাত্ৰী ভাৰতলৈ উভতি আহিছে ৷ ইয়াৰে বেছিভাগ ছাত্ৰ-ছাত্ৰী বৰাক উপত্যকাৰ বাসিন্দা আৰু কিছু সংখ্যক ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ৷

লগতে পঢ়ক : প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

18 জুলাইৰ পৰাই ধাৰাবাহিকভাৱে কৰিমগঞ্জ সীমান্তইদি ভাৰতীয় ছাত্ৰ-ছাত্ৰী আহিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰে তিনিগৰাকী আহিছে কুশিয়াৰা নৈৰ জল পথেৰে ৷ আন ছাত্ৰ-ছাত্ৰীসকল সুতাৰকান্দি হৈ স্থলপথেৰে ভাৰতত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে ৷ কৰিমগঞ্জ জিলা প্ৰশাসনৰ জনোৱা অনুসৰি বাংলাদেশত অধ্যয়নৰত আৰু ছাত্ৰ-ছাত্ৰী আহিবলৈ বাকী আছে ৷ শনিবাৰে কৰিমগঞ্জ সীমান্ত হৈ মুঠ 7 গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল ভাৰতলৈ উভতি আহে ৷

লগতে পঢ়ক : শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ - Bangladesh violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.