ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ কেতিয়াৰ পৰা যাব পাৰিব পৰ্যটক ? কি কি সুবিধা আছে মানাহৰ ভিতৰত ? - Manas National Park

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 5:16 PM IST

Manas National Park: অহা ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ । এক জাননীযোগে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি. ৰমেশে সদৰী কৰিলে এই কথা । ২০ জুনত বাৰিষাৰ পৰিপ্ৰেক্ষিতত বন্ধ কৰা হৈছিল মানাহৰ প্ৰৱেশদ্বাৰ ।

Manas National Park to reopen for tourists on 1st October
পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

বাক্সা,১৮ ছেপ্টেম্বৰ: অচিৰেই পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য । এক জাননীযোগে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি. ৰমেশে সদৰী কৰিলে মানাহৰ দ্বাৰ কেতিয়া মুকলি কৰা হ'ব পৰ্যটকৰ বাবে । ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ বিধি অনুসৰি এই ঘোষণা মানাহ কৰ্তৃপক্ষৰ ।

মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে সদৰী কৰা অনুসৰি অহা ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ । ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে পুনৰ জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে খোলা থাকিব মানাহৰ প্ৰৱেশদ্বাৰ । উল্লেখ্য যে, যোৱা ২০ জুনত বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে বন্ধ কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে ১ অক্টোবৰত খুলিব বুলি জাননী জাৰি কৰাৰ লগে লগে প্ৰকৃতিপ্ৰেমীসকলৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ অহা ১ অক্টোবৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ পুনৰ মুকলিৰ পাচৰে পৰাই পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী, হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আদি উপভোগ কৰিব পাৰিব ।

২০২৪-২৫ বৰ্ষৰ বাবে পুনৰ জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে খোলা থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ । অৱশ্যে প্ৰতি মঙলবাৰে মানাহত পুৰ্বৰ দৰেই বন্ধ থাকিব পৰ্যটন সম্পৰ্কীয় কাৰ্যকলাপ । ইফালে পৰ্যটকক মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীসকলে ।

লগতে পঢ়ক: Firing at Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত আহত দুই চোৰাং চিকাৰী

১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.