তিনিচুকীয়া, ৩১ আগষ্ট : সাৱধান ! উঠি অহা যুৱচামৰ ওপৰত অলপ নজৰ ৰাখক ৷ কিয়নো ৰাজ্যৰ পৰা নিৰ্মূল হোৱাৰ নাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ একাংশ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী আৰু ব্যৱসায়ীয়ে উঠি অহা যুৱচামক লক্ষ্য কৰিয়েই চলাই গৈছে এই বেহা ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে নিশা মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিয়ান চলাই মাকুম আৰক্ষীয়ে দুখন বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে লাখ লাখ টকাৰ সন্দেহজনক হেৰ’ইন ৷ লগতে আৰক্ষীয়ে নগদ কেবাজাহাৰ টকাসহ তিনিজন যুৱকক আটক কৰে ৷
- তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ ভাষ্য মতে -
এক বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ভাস্কৰজ্যোতি বৰুৱাৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ এই অভিযানৰ সময়তে মাকুম ট্ৰেফিক পইণ্টৰ সমীপত আৰক্ষীৰ দলটোৱে তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
ধৃত তিনি ব্যক্তিৰ পৰা আৰক্ষীয়ে ৮ টা চাবোনৰ বাকচত সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্ৰায় ৯৪.২৫ গ্ৰাম আৰু ইয়াৰ আন্তজাতিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা । হেৰ’ইনৰ লগতে ধৃত তিনি ব্যক্তিৰ পৰা আৰক্ষীয়ে নগদ ধন ৬০,০০০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : প্ৰায় তিনি কোটি টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত - Operation against drugs
ধৃত তিনি সৰবৰাহকাৰীয়ে AS০৪E ৫৬৬৩ নম্বৰৰ এখন মাৰুটি চুজুকী চুইফ্ট ডিজায়াৰ আৰু AS২৩J০৯৭১ নম্বৰৰ এখন এষ্টীলো বাহনত ডিমাপুৰৰ পৰা মাকুমৰ দিশে আহি আছিল । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এই দুই বিলাসী বাহনো জব্দ কৰে৷ ধৃত লোককেইজন ক্ৰমে ডম্বৰু মৰাণ আৰু নৰোত্তম তামুলী আৰু লক্ষেশ্বৰ মৰাণ ৷
ডম্বৰু মৰাণ আৰু নৰোত্তম তামুলীৰ ঘৰ বৰডুমচাৰত আৰু লক্ষেশ্বৰ মৰাণৰ ঘৰ কাকপথাৰ কৈলাশপুৰত বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ বৰ্তমান ধৃত তিনিও আৰক্ষীৰ জিম্মাত আছে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিওকে সোধপোচ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : কৰিমগঞ্জত ১১৫ কোটি টকাৰ ড্ৰাগছ জব্দ : আটক ৪ সৰবৰাহকাৰী - Anti Drugs Mission