ETV Bharat / state

ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে বান্ধি দিয়া সময়সীমা উকলিল; পুনৰাৰম্ভ ন’হল মাজুলীৰ দলং নিৰ্মাণৰ কাম - Majuli Jorhat connecting bridge

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 9:11 PM IST

Bridge to Majuli: কেতিয়ালৈ নিৰ্মাণ হ'ব দলং ? খুঁটা নিৰ্মাণতে লাগিল কেৰোণ । দুই নিৰ্মাণকাৰী সংস্থাৰ মাজত বিত্তীয় যুঁজ । ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ দলংখনৰ নিৰ্মাণকাৰ্য । ক্ষোভিত মাজুলীবাসী ।

Majuli Jorhat connecting bridge
কেতিয়ালৈ নিৰ্মাণ হ'ব দলং ? (ETV Bharat Assam)

মাজুলী, ১৭ ছেপ্টেম্বৰ: আজিও নিমাওমাও হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলী । মাজুলীবাসীৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলঙত লাগিছে কেনা । যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ দলংখনৰ নিৰ্মাণকাৰ্য । মাজুলীবাসীৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । এই সপোনৰ দলংখনৰ বাবে মাজুলীবাসীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছিল ।

মাজুলীবাসীৰ এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে যোৰহাট-মাজুলী সংযোগী দলঙৰ খুঁটাৰ কাম আৰম্ভ কৰিছিল । দলংখনৰ ৩০ শতাংশ কাম শেষ হোৱাৰ পাচত যোৱা ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণকাৰ্য । এই দলংখনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্ট্ৰেট ব্ৰীজ ক'ৰ্পৰেচনে, কিন্তু ইউ পি ষ্ট্ৰেট ব্ৰীজ ক'ৰ্পৰেচনৰ পৰা উপ-ঠিকা লাভ কৰিছিল বদ্ৰী ৰায় কোম্পানীয়ে ।

ৰাইজৰ অভিযোগ মতে, ইউ পি ষ্ট্ৰেট ব্ৰীজ ক'ৰ্পৰেচন আৰু বি আৰ চি কোম্পানীৰ মাজত লৈ চলিছে এতিয়া বিত্তীয় যুজঁ । যাৰ ফলত বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণৰ কাম । ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে দুয়োটা প্ৰতিষ্ঠানৰ মাজত চলা যুঁজৰ মীমাংসা কৰিবৰ বাবে ১০ দিনৰ সময়সীমা বান্ধি দিছিল । সোমবাৰেই উকলিল ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে বান্ধি দিয়া সময়সীমা ।

কিন্তু, আজিও অব্যাহত দুয়োটা কোম্পানীৰ মাজত যুদ্ধ । নিৰ্মাণকাৰ্য বন্ধ হোৱা ১১ দিন পাৰ হোৱাৰ পাচটো খবৰ নাপাই মাজুলী জিলা প্ৰশাসনে । এই সন্দৰ্ভত দল-সংগঠনেও আয়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও খবৰ নোপোৱা বুলি জনায় জিলা আয়ুক্তই । আনহাতে মাজুলীবাসীৰ আবেগ যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ শীঘ্ৰেই আৰম্ভ কৰিবলৈ দাবী জনোৱাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰ মিলি দুটা কোম্পানীৰ মাজত চলা কাজিয়া ওৰ পেলাবলৈ দাবী সত্ৰাধিকাৰৰ ।

দলঙৰ কাম বন্ধ হৈ থকাৰ মাজতে উত্থাপন হৈছে নিৰ্মাণকাৰী সংস্থাৰ কোনো লোকে বন্ধু-বান্ধৱক লৈ মাজুলীত সুৰাৰ পাৰ্টি চলোৱাৰ অভিযোগ । মাজুলীৰ সত্ৰাধিকাৰ দুখন ঐতিহাসিক সত্ৰৰ কাষত সুৰা নিষিদ্ধ মাজুলীত কাৰ সাহসত এনেদৰে সুৰাৰ পাৰ্টি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে সত্ৰাধিকাৰে ।

লগতে পঢ়ক: আশাহত মাজুলীবাসী, আধাতে সামৰিলে দলঙৰ কাম - Majuli Jorhat connecting bridge

মাজুলীয়ালৰ আশাত চেঁচাপানী: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম - Majuli Jorhat connecting bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.