ETV Bharat / state

ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল - MAJULI RAAS MAHOTSAV

মাজুলীত এতিয়া উৎসৱৰ বতৰ ৷ শিশুকৃষ্ণৰ জন্মলীলা লগতে সম্পূৰ্ণ মহাৰাস উপভোগ কৰিবলৈ মাজুলীলৈ আগমন ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ ৷

Majuli Raas Mahotsav
ৰাসৰ আখৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 9:32 AM IST

মাজুলী : ৰাস উৎসৱৰ মূৰ্চনাত বিলিন সত্ৰপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী । এই ৰাসৰ বাবে বান-বাৰিষাৰ দুৰ্যোগ দুৰ্ভাবনা পাহৰি পেলাইছে মাজুলীবাসীয়ে । অনুপম মাজুলীৰ প্ৰকৃতিয়ে হাত বাউল দি মাতিছে দেশী-বিদেশী পৰ্যটকক । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু মঞ্চসমূহো ।

১২ খন সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হ'ব এই ৰাস । অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলী ৷ গুৰু দুজনাৰ মিলনৰ মণিকাঞ্চন সংযোগস্থলী মাজুলী-ৰাস, পালনাম আৰু ভাওনাৰ বাবে বিখ্যাত । ব্যতিক্ৰমী মাজুলীত শৰৎকাল বুলিলেই ৰাসোৎসৱৰ কথাহে মনলৈ আহে ।

ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল (ETV Bharat Assam)

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ লৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীত । দিনৰ ভাগৰ পৰা নিশা দুপৰলৈক চলিছে ৰাসৰ আখৰা । মাজুলীৰ নৱজ্যোতি যুৱক সংঘ, আইদেউ সন্দিকৈ নাটঘৰৰ আখৰাৰ দৃশ্যই সকলোকে এতিয়া আকৰ্ষণ কৰিছে ।

উল্লেখ্য যে, এই আনন্দমুখৰ পৰিৱেশৰ মাজতে এই ৰংগমঞ্চটোলৈ আহিছে এক দুখৰ খবৰ । হয়তো এই বছৰেই এইটো ৰংঘৰত শেষবাৰৰ বাবে অনুষ্ঠিত হ’ব এই ৰাস ৷ কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে এই ৰংঘৰ থকা অংশও অধিগ্ৰহণ কৰা হৈছে ।

যিটো খবৰে এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকজন লোকৰ মনলৈ সুখৰ মাজতে দুখ কঢ়িয়াই আনিছে । সেয়ে মাজুলীৰ শিল্পীসকলৰ লগতে এই অনুষ্ঠানৰ লগত জড়িত সকলোৱে চৰকাৰলৈ এটাই আহ্বান জনাইছে, যাতে এই অনুষ্ঠানটো জীয়াই ৰাখিবলৈ চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ে ।

লগতে পঢ়ক : মাজুলীত পূৰ্ণ গতিত চলিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা

লগতে পঢ়ক : ৰাসলৈ বেছি দিন নাই; মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.