ETV Bharat / state

ৰাজ্যৰ আৰক্ষী বিভাগত ব্যাপক সালসলনি; সলনি হ’ল কেবাগৰাকীও বিষয়াৰ দায়িত্ব - Assam Police

author img

By ETV Bharat Assamese Team

Published : 22 hours ago

Reshuffle in Assam Police: ৰাজ্যৰ আৰক্ষী বিভাগত বৃহৎ ৰহ-বদল কৰা হৈছে ৷ কেবাগৰাকীও বিষয়াক কৰা হৈছে বদলি ৷ বুধবাৰে এই সন্দৰ্ভত গৃহ বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হয় ৷

Reshuffle in Assam Police
অসম আৰক্ষীৰ প্ৰতীকচিহ্ন (ETV Bharat Assam)

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: ৰাজ্যৰ আৰক্ষী বিভাগত পুনৰ ব্যাপক ৰদ-বদল কৰা হৈছে । সেই অনুসৰি চি আই ডিৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে ।

সেইদৰে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) অমিতাভ সিনহাক চি আই ডিৰ আৰক্ষী অধীক্ষকৰ (সংগঠিত অপৰাধ) পদলৈ বদলি কৰা হৈছে । ইফালে মৰিগাঁৱৰ বৰমণিপুৰস্থিত ১৬নং অসম ‍আৰক্ষী বাহিনীৰ অধিনায়ক সত্যজিৎ নাথক মানকাচৰৰ ২৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । আনহাতে চি আই ডিৰ আৰক্ষী অধীক্ষক ডম্বৰুধৰ হাজৰিকাক লামডিঙৰ ১৮ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

Reshuffle in Assam Police
ৰাজ্যৰ আৰক্ষী বিভাগত ব্যাপক সালসলনি (ETV Bharat Assam)

আনহাতে ২৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক ডাঃ মানৱেন্দ্ৰ গগৈক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (এ পি) পদত উলুবাৰী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে । ১৮ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক জাকিৰ হুছেইনক ১৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক পদলৈ বদলি কৰা হৈছে । ১৯ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক গীতাশ্ৰী কোঁৱৰক তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে তিতাবৰলৈ বদলি কৰা হৈছে ।

তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক নিত্য ৰঞ্জন চুতীয়াক টেঙাখাতৰ ১৯ নং আৰক্ষী বেটিলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । সেইদৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) ইফটাখেৰ আলীক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি (প্ৰ'টকল) হিচাপে বদলি কৰা হৈছে ।

ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি এই বৃহৎ ৰদ-বদল সন্দ্ভত বুধবাৰে গৃহ বিভাগে এক জাননী জাৰি কৰে ৷

লগতে পঢ়ক : তালাচীৰ সময়তে কিয় কৰা নাছিল শ্লীলতা হানিৰ অভিযোগ ? ক’লে নলবাৰীৰ অভিযোগকাৰীয়ে

আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক

চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.