ETV Bharat / state

কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়ত অম্বুবাচীৰ প্ৰবৃত্তি; বন্ধ হ'ল মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ - Ambubachi 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:52 AM IST

Instinct in Silghat Kamakhya Devalaya : অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি বন্ধ হ’ল মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ । মুকলি হ'ব ২৫ জুনত ।

Instinct in Silghat Kamakhya Devalaya
শিলঘাট কামাখ্যা দেৱালয়ত অম্বুবাচীৰ প্ৰবৃত্তি (ETV Bharat Assam)

কলিয়াবৰ, ২২ জুন : শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে কামাখ্য়া মন্দিৰৰ অম্বুবাচীৰ প্ৰবৃত্তি । যাৰ বাবে বন্ধ কৰা হৈছে মা কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ । এই সময়ছোৱাত ভক্তৰ বাবে বন্ধ থাকিব দেৱী দৰ্শন ।

বন্ধ হ'ল শিলঘাট কামাখ্যা দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰ (ETV Bharat Assam)

একেদৰে অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে খ্যাত কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি বন্ধ হ’ল মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ । অসমীয়া কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা অনুসৰি শনিবাৰে পুৱা ৮ বাজি ৩৫ মিনিট ১৪ ছেকেণ্ডত আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি ।

আনহাতে, অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো দুৱাৰ খোল খাব । এইবাৰৰ অম্বুবাচীৰ ‘নিবৃত্তি সময়’ ২৫ জুনৰ নিশা ৯.০৮ বজা ।

উল্লেখ্য যে, অম্বুবাচীৰ সময়ছোৱাত নীলাচল পাহাৰত থকা কামাখ্যা দেৱালয়লৈ যিদৰে দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হয়, তাৰ বিপৰীতে কিন্তু শিলঘাটৰ কামাখ্যা দেৱালয়ত নিমাওমাও পৰিৱেশে বিৰাজ কৰে । এই দেৱালয়ত এই সময়ছোৱাত ভক্তৰ উপস্থিতি তেনেই সেৰেঙা হয় ।

ইয়াৰ উপৰি নাথাকে কোনো মেলামুখী পৰিৱেশ । তাৰ পৰিৱৰ্তে এক আধ্যাত্মিক পৰিৱেশত কেৱল অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তি পালন কৰা হয় ।অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি শনিবাৰে বন্ধ কৰা হৈছে মন্দিৰৰ মূল দুৱাৰ ।

লগতে পঢ়ক : কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি ? - Ambubachi Mela 2024

উল্লেখ্য যে, কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত সাত বা ষাঁঠৰ এই সময়ছোৱাত মন্দিৰ স্থাপনৰ পৰা আজি পৰ্যন্ত অম্বুবাচী মেলা অনুষ্ঠিত হোৱা নাই । আনহাতে, নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা দেৱালয়লৈ যিদৰে বহু ভক্তৰ সমাগম হয়, কিন্তু শিলঘাটৰ কামাখ্যা দেৱালয়ত ভক্তৰ উপস্থিতি তেনেই সেৰেঙা হোৱা দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক মনোৰম স্থানত অৱস্থিত এই কামাখ্যা দেৱালয় উন্নয়নৰ বাবে অসম দৰ্শন আঁচনিৰ অধীনত প্ৰকল্প ৰূপায়ণ কৰা হৈছে । এই আঁচনিৰ অধীনত নিৰ্মাণ কৰা প্ৰাকৃতিক পৰিৱেশেৰে পৰিৱেষ্টিত সৰ্পিল সুন্দৰ পথৰে শিলঘাটৰ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়লৈ আহিব পৰা সু-ব্যৱস্থা আছে ।

লগতে পঢ়ক : অম্বুবাচী মেলালৈ কোন সময়ত কিদৰে যাব পাৰিব- ক'লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.