ETV Bharat / state

সকলোকে ঠগিলে ! কুকৰ্মত সিদ্ধহস্ত দৃষ্টিহীন মাধৱৰ ক’লা অধ্যায় ফাদিল - Noonmati Police

Teen Girl Kidnap Guwahati: ৰে’ল ষ্টেচনত জুবিন গাৰ্গৰ গীত গাই সকলোৰে মৰম-চেনেহ লাভ কৰিছিল দৃষ্টিহীন মাধৱ দাসে ৷ কিন্তু ৰাইজে কল্পনাও কৰিব নোৱৰা জঘন্য কাম কৰি এইবাৰ খবৰৰ শিৰোনাম দখল কৰিছে মাধৱে ৷ দৃষ্টিহীন হ’লেও প্ৰেমৰ জাল পাতি ব্লেকমেইলিং, অপহৰণ কৰাত সিদ্ধহস্ত বিশেষভাৱে সক্ষম মাধৱ ৷

Teen Girl Kidnap Guwahati
গুৱাহাটী অপহৰণ
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 8:36 PM IST

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : ৰে’ল ষ্টেচন, ফুটপাথ অথবা টিভি ষ্টুডিঅ’ ৷ বিশেষভাৱে সক্ষম তথা দৃষ্টিশক্তিহীন কোনো লোকক দেখিলে সাধাৰণতে সকলোৰে সহমৰ্মিতা ওপজে ৷ সেয়া স্বাভাৱিক ৷ তাতে যদি লোকজন প্ৰতিভাৱান হয়, তেন্তে সকলোৱে তেওঁক পাৰ্যমানে সহায়ৰ বাবে আগবাঢ়ি যায় ৷ কিন্তু মাধৱে যেন সেই মানসিকতাত একপ্ৰকাৰে তলা মাৰিলে ৷

দৃষ্টিহীন বাবে ৰঙীণ পৃথিৱীখন নেদেখিলেও, আন্ধাৰ জগতৰ কৰ্ম-কাণ্ডবোৰৰ বিষয়ে বাৰুকৈয়ে জ্ঞাত মাধৱ দাস ৷ নুনমাটিৰ কিশোৰী অপহৰণৰ ঘটনাৰ সন্দৰ্ভত পোহৰলৈ অহা কেতবোৰ তথ্যই ৰাইজৰ মনৰ পৰা যেন মচি দিছে বিশেষভাৱে সক্ষম লোকৰ প্ৰতি থকা বহু ধাৰণা ৷ দুচকুৰে নেদেখিলেও কিদৰে কিশোৰী-যুৱতীক ফুচুলাই প্ৰেমত পেলাব পাৰি, অপহৰণ কৰিব পাৰি সেয়াও যে এগৰাকী দৃষ্টিহীন লোকে জানে সেই কথা প্ৰমাণ কৰিলে মাধৱ দাসে ৷

এসময়ত জুবিন গাৰ্গৰ গীত গাই ৰাইজৰ মনত স্থান লোৱা মাধৱ এইবাৰ কুখ্যাত হৈ পৰিল কিশোৰী অপহৰণ কৰি ৷ প্ৰথম অৱস্থাত এই কথা বহুতেই বিশ্বাসত ল’ব পৰা নাছিল যদিও আৰক্ষীৰ তদন্তই পোহৰলৈ অনা ন-ন তথ্যই আচৰিত কৰি তুলিছে সকলোকে ৷ আশ্বৰ্যজনকভাৱে 14 ফেব্ৰুৱাৰীত গুৱাহাটীৰ নুনমাটিৰ দুই কিশোৰী অপহৰণৰ অন্যতম অভিযুক্ত দৃষ্টিহীন মাধৱ দাস ৷

ব্লেকমেইলিঙত সিদ্ধহস্ত মাধৱে কিশোৰী দুগৰাকীৰ গোপন ফটো দেখুৱাই অপহৰণ কৰা কাণ্ডত চকু কপালত উঠিছে সকলোৰে ৷ ব্লেকমেইলিং কৰি গুৱাহাটীৰ পৰা কিশোৰী দুগৰাকীক টিহুলৈ লৈ গৈছিল মাধৱে ৷ এই ক্ষেত্ৰত মাধৱক সহায় কৰিছিল বুদ্ধজিৎ কলিতা আৰু অৰুণ দাসে ৷ শিশু কল্যাণ ন্যাসে অপহৃত কিশোৰী দুগৰাকীৰ ভাষ্য গ্ৰহণ কৰাৰ পিচতে POCSOৰ অধীনত নুনমাটি আৰক্ষীয়ে ২৬/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰিছে তিনি অপহৰণকাৰীৰ বিৰুদ্ধে ৷ উক্ত গোচৰত সংযোজন কৰা হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ একাধিক ধাৰা ৷ ইতিমধ্যে আৰক্ষীয়ে পুনৰ 7 দিনৰ জিম্মাত লৈছে তিনিও অভিযুক্তক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে 14 ফেব্ৰুৱাৰীৰ দিনা দীঘলীপুখুৰীৰ পাৰৰ পৰা চক্ৰটোৰ লগত যাবলৈ অমান্তি হৈছিল দুই কিশোৰী । কিন্তু মাধৱ দাসৰ সহযোগী অৰুণ দাস আৰু বুদ্ধজিতে ভয়-ভাবুকিৰে লৈ গৈছিল কিশোৰী দুগৰাকীক ৷ ইয়াৰে এগৰাকী কিশোৰী মাধৱ দাসৰ প্ৰেমত পৰিছিল যদিও কোনোদিনে ইজনে সিজনৰ সাক্ষাৎ হোৱা নাছিল বুলি জানিব পৰা গৈছে ৷

ইমানতে অন্ত পৰা নাই দৃষ্টিহীন মাধৱৰ আখ্যান ৷ অপহৰণৰ ঘটনা নতুন নহয় যদিও এগৰাকী দৃষ্টিহীন হৈয়ো যুৱতীক প্ৰেমৰ জালত পেলাই, ব্লেকমেলিঙেৰে অপহৰণ কৰা ঘটনা হয়তো সকলোৰে বাবে নতুন ৷ পোহৰলৈ আহিছে মাধৱৰ আন এক ক’লা অধ্যায় ৷ পূৰ্বেও মাধৱে আন এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ অৱশ্যে মাধৱ এগৰাকী দৃষ্টিহীন বাবে গোচৰ দাখিল কৰা নাছিল ভুক্তভোগীয়ে ৷

যিয়েই নহওক, দৃষ্টিহীন মাধৱৰ এনেধৰণৰ চতুৰালিয়ে চকু কপালত উঠাইছে ৰাইজৰ ৷ আৰক্ষীৰ অধিক অনুসন্ধানত ওলাবলগীয়া তথ্যলৈ বাট চাইছে সকলোৱে ৷ সমান্তৰালকৈ বিগত সময়ত হৃদয়বানসকলে মাধৱক কৰা মৰম-চেনেহবোৰলৈও সকলোৱে মনত পেলাইছে ৷

লগতে পঢ়ক: পাণবজাৰ মহিলা আৰক্ষীৰ জিম্মাত নুনমাটিৰ পৰা সন্ধানহীন দুই ছাত্ৰী; গ্ৰেপ্তাৰ ৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.