ETV Bharat / state

ডুমডুমাৰ গান্ধীমূৰ্তি বিতৰ্ক : তুষাৰ গান্ধীৰ টুইটৰ পিচতহে যেন সাৰ পালে মুখ্যমন্ত্ৰীয়ে ! - Gandhi’s Statue in Doom Dooma

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:23 PM IST

Clock tower construction in Doom Dooma : জাতিৰ পিতাক অৱমাননা ডুমডুমা পৌৰসভাৰ ৷ জাতিৰ পিতাৰ নাতিয়ে X যোগে প্ৰতিক্ৰিয়া প্ৰকাশৰ পাচতহে বিষয়টো সন্দৰ্ভত অৱগত হ’ল বুলি দায়সৰা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ পূৰ্বৰ স্থানতেই স-সন্মানে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পত্ৰযোগে মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ সৰ্বসাধাৰণৰ মাজত সৃষ্টি প্ৰতিক্ৰিয়াৰ ৷

mahatma-gandhis-statue-removed-in-assam-chief-minister-says-not-aware
গান্ধীমূৰ্তি বিতৰ্ক : তুষাৰ গান্ধীৰ টুইটৰ পিচতহে সাৰ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! (ETV Bharat Assam)

নিউজ ডেস্ক, 12 জুলাই: পুনৰ এবাৰ দেশতেই অপমানিত হ’ল জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধী ৷ এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবেই উচ্ছেদ কৰা হ’ল 75 বছৰীয়া পুৰণি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৷ এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত ৷

উল্লেখ কৰা প্ৰয়োজন যে, এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবে জাতিৰ পিতাগৰাকীৰ প্ৰতিমূৰ্তি আঁতৰোৱা হ’ব বুলি চৰ্চা চলাৰ পাচতেই ঘটনাটোৱে ৰাজ্যজুৰি লাভ কৰিছিল তীব্ৰ চৰ্চা ৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছিল । অৱশ্যে সকলো প্ৰতিবাদ-দাবীক ভেঙুচালি কৰি দুদিন পূৰ্বে ডুমডুমাৰ গান্ধী চ’কত থকা 5.5 ফুট উচ্চতাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো এক্সকেভেটৰেৰে আঁতৰাই পেলোৱাৰ পিচত ৰাজ্যজুৰি এই ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

mahatma-gandhis-statue-removed-in-assam-chief-minister-says-not-aware
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

সমান্তৰালভাবে, ঘটনা সন্দৰ্ভত X যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে ৷ গান্ধীয়ে কয়, "অসমৰ বিজেপি চৰকাৰে বাপুৰ প্ৰতিমূৰ্তি থকা স্থানত ক্ল’ক টাৱাৰ স্থাপনৰ সিদ্ধান্ত লোৱাটো আচৰিত কথা নহয় । তেওঁলোকৰ দাসত্বপূৰ্ণ মনোভাৱ বৰ্তমানেও আছে ।"

তুষাৰ গান্ধীয়ে বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ পাচতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিমূৰ্তি আঁতৰোৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত নহয় বুলি X যোগে প্ৰকাশ কৰি কয়, "জিলা প্ৰশাসনে লোৱা এই সিদ্ধান্তৰ বিষয়ে মই অৱগত নহয় । তথ্যসমূহ নিৰীক্ষণ কৰিব লাগিব । মহাত্মা গান্ধীৰ ওচৰত অসম যথেষ্ট ঋণী । নেহৰুৰ নেতৃত্বত কংগ্ৰেছ দলে যেতিয়া গ্ৰুপিং প্লেনৰ অধীনত অসমক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰিব বিচাৰিছিল, তেতিয়া গান্ধীয়ে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ সৈতে দৃঢ়তাৰে থিয় দিছিল ।"

ডুমডুমা পৌৰসভাই ৰাইজৰ সৈতে কোনো আলোচনা-বিলোচনা নকৰাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাত ক্ষোভ প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ স্বাধীনতা সংগ্ৰামী এগৰাকীৰ প্ৰতি অসম বিজেপিয়ে গ্ৰহণ কৰা এই ব্যৱহাৰত ক্ষোভ প্ৰকাশ কৰে শইকীয়াই ৷ ডুমডুমা পৌৰসভাৰ এই কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে পূৰ্বৰ স্থানতেই স-সন্মানে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পত্ৰযোগে আহ্বান জনাই বিৰোধী দলপতিগৰাকীয়ে ৷

লগতে পঢ়ক: বাপুজীৰ প্ৰতিমূৰ্তি আঁতৰাই ক্লক টাৱাৰ নিৰ্মাণ : তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন বিধায়কৰ - MAHATMA GANDHI STATUE

মহাত্মা গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰি কংগ্ৰেছৰ ৰোষত প্ৰধানমন্ত্ৰী মোদী - PM remarks on Mahatma Gandhi

নিজ দেশতেই চৰম অৱমাননাৰ সন্মুখীন জাতিৰ পিতা, দুৰ্বৃত্তই ভাঙিলে গান্ধীৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.