ETV Bharat / state

মহা অম্বুবাচীত লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:48 PM IST

Ambubachi Mela 2024: ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলা । ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । লগে লগে তিনিদিনৰ বাবে বন্ধ হৈ পৰিব কামাখ্যা ধামৰ মন্দিৰ মূল দুৱাৰ । ২৬ জুনত পুনৰ খোলা হ'ব মন্দিৰৰ মূল দুৱাৰ ।

Maha Ambubachi Mela at Kamakhyadham from June 22 to 26
২২ জুনৰ পৰা ২৬ জুনলৈ মহা অম্বুবাচী মেলা (ETV Bharat Assam)

গুৱাহাটী,২৯ মে': উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচল পাহাৰত । কিয়নো দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ ক্ষণ মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটিমান দিন বাকী । ইতিমধ্য়ে লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মাঁ কামাখ্যা ধাম কৰ্তৃপক্ষ । ঘোষণা হ'ল অম্বুবাচী মেলাৰ দিন । ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মাঁ কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা ।

২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ড অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিন ধৰি বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ । দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মাঁ কামাখ্যা ধাম । কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাত প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্ন্যাসী তথা ভক্তগণৰ ।

অম্বুবাচীৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচললৈ আগমন ঘটে বহু সাধু-সন্ন্যাসীৰ । প্ৰতিবর্ষৰ দৰে এইবর্ষও অম্বুবাচী উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটা লাখ লাখ ভক্ত তথা সাধু-সন্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ । কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি অম্বুবাচীৰ আয়োজনক লৈ ইতিমধ্যে ৰাজ্যৰ পৰ্যটন বিভাগৰ সৈতে মন্দিৰ কৰ্তৃপক্ষৰ আলোচনা অনুষ্ঠিত হৈছে । এই বৈঠকত কামৰূপ জিলা প্ৰশাসনৰ লগতে, অন্যান্য বিভাগ সমূহৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।

অম্বুবাচী মেলাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত মন্দিৰ কৰ্তৃপক্ষই গঠন কৰিছে পৰিচালনা সমিতি ।

উল্লেখযোগ্য যে, ২০১২ চনৰ পৰা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে অম্বুবাচীৰ ভক্তৰ আগমনৰ সংখ্যা । বিগত বর্ষত অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটিছিল প্ৰায় ২৫ লাখ ভক্তৰ । পূৰ্বতকৈ এইবর্ষ ভক্তৰ সংখ্যা বাঢ়িব বুলি আশা মন্দিৰ কৰ্তৃপক্ষৰ । ইফালে নিৰাপত্তাৰ দিশটোতো যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে মন্দিৰ কৰ্তৃপক্ষই । ভক্তসকল যাতে অসুবিধাত নপৰে তাৰ বাবে স্বেচ্ছাসেৱক তথা আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ'ব কামাখ্যা ধামত ।

লগতে পঢ়ক: SI Junmoni Rabha Death Case: ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আৰু বিশ্বাস নাই অসমীয়া যুৱ মঞ্চৰ

Number Of Devotees At The Ambubachi Mela:পূৰ্বৰ তুলনাত অম্বুবাচী মেলাত বৃদ্ধি পাইছে ভক্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.