ETV Bharat / state

মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৩০ কোটি টকাৰ পৰিকল্পনা প্রস্তুত - Madhupur Satra in West Bengal

Madhupur Satra in West Bengal : মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । বুঢ়া সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, বুঢ়া ভকত, অভিভাৱক সত্ৰাধিকাৰ নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য় চৰকাৰৰ ।

Madhupur Satra in Kochbihar
কোচবিহাৰৰ মধুপুৰ সত্ৰ
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 8:19 PM IST

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী: পশ্চিম বংগৰ কোচবিহাৰস্থিত মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে প্রায় ৩০ কোটি টকাৰ পৰিকল্পনা প্রস্তুত কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত‌ বিশ্ব শৰ্মাই শুক্ৰবাৰে 'এক্স" ৰ জৰিয়তে এই কথা সদৰী কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে 'এক্স"ৰ জৰিয়তে কয় ,"মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নামঘৰ, ভকতসকলৰ বাবে অতিথিশালা আদি নিৰ্মাণৰ বাবে প্ৰায় ৩০ কোটি টকাৰ এটি পৰিকল্পনা প্রস্তুত কৰিছে । "

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত মধুপুৰ সত্ৰৰ নৱগঠিত সাধাৰণ সমিতিৰ প্ৰথমখন সভা অনুষ্ঠিত হয় । এই সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে পশ্চিম বংগৰ কোচবিহাৰস্থিত শ্ৰীশ্ৰীমধুপুৰ সত্ৰৰ সৈতে মহাপুৰুষজনাৰ জীৱনৰ নিবিড় সম্পর্ক আছে । তেওঁ লগতে কয় যে তেৰাৰ জন্ম বটদ্ৰৱাত, কর্ম পাটবাউসীত আৰু মহাপ্রয়াণ হৈছিল মধুপুৰত ।

মুখ্যমন্ত্ৰী গৰাকীয়ে মধুপুৰ সত্ৰখন অসমৰ ভৌগোলিক সীমাৰ বাহিৰত অৱস্থিত হোৱা হেতু এই সত্ৰখনত প্ৰতিখন জিলাৰ প্ৰতিনিধি ৰখাৰ দিশতো গুৰুত্ব আৰোপ কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ সৈতে সংস্পর্শিত আটাইবোৰ সত্ৰ সামৰি 'শ্ৰীমন্ত শংকৰদেৱ পূণ্য তীৰ্থযাত্রা' নামেৰে এটি তীৰ্থযাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উক্ত সভাত বুঢ়া সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, বুঢ়া ভকত, অভিভাৱক সত্ৰাধিকাৰ নিযুক্তি, কাৰ্যকৰী সমিতি গঠন, নতুন সদস্য অন্তর্ভুক্তি, পৰিচালনা সমিতি আদিৰ বিষয়ে আলোচনা কৰা হয় । সভাখনত পর্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে বিভিন্ন সত্ৰৰ পদাধিকাৰ আৰু উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে ।

লগতে পঢ়ক:দিছপুৰ শূন্য কৰি দিল্লীত দুদিনৰ বাবে বিজেপিৰ মন্ত্রী-বিধায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.