ETV Bharat / state

আতচবাজীৰ বজাৰত দপদপনি নলবাৰীৰ শতবৰ্ষীয় 'মা আইকণ'ৰ - DIWALI 2024

ৰাজ্যত দীপাৱলীৰ বজাৰ দখল কৰিছে নলবাৰীৰ মা আইকণ উদ্যোগে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰি অহা থলুৱা আতচবাজীয়ে ।

Maa Aikan firecracker industry
আতচবাজীৰ বজাৰত দপদপনি নলবাৰীৰ শতবৰ্ষীয় 'মা আইকণ'ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 3:47 PM IST

নলবাৰী : সমাগত পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলী বা দ্বীপান্বিতালৈ মাজত মাথোঁ কেইটামান দিন বাকী । কাতি মাহৰ অমৱস্যাৰ নিশা পোহৰৰ উৎসৱৰূপে দীপাৱলী পালন কৰিবলৈ সাজু ৰাজ্যবাসী ।

ইয়াৰ সমান্তৰালকৈ আতচবাজী উদ্যোগসমূহতো দেখা গৈছে সীমাহীন ব্যস্ততা । নলবাৰীৰ নিজবাহজানীৰ মা আইকণ আতচবাজী উদ্যোগতো এতিয়া ব্যস্ততাপূৰ্ণ পৰিৱেশ । কিয়নো দীপাৱলীলৈ মাজত মাত্ৰ ৫ টা দিন বাকী থকা অৱস্থাত ইয়াত বিধে বিধে নিৰ্মাণ কৰা হৈছে আতচবাজী ।

আতচবাজীৰ বজাৰত দপদপনি নলবাৰীৰ শতবৰ্ষীয় 'মা আইকণ'ৰ (ETV Bharat Assam)

দীপাৱলীৰ প্ৰাকক্ষণত মা আইকণ আতচবাজী উদ্যোগে দিনে-নিশাই ব্যস্ত হৈ নিৰ্মাণ কৰি উলিয়াইছে হাজাৰ হাজাৰ ভিন্ন প্ৰকাৰৰ ফটকা-ফুলজাৰি । কৰ্মচাৰীসকলৰ এতিয়া যেন খাৱন-শোৱনৰো সময় নোহোৱা হৈছে । প্ৰায় ২০ গৰাকী পুৰুষ-মহিলা কৰ্মচাৰী ব্যস্ত কেৱল আতচবাজী নিৰ্মাণত ।

মহিলা কৰ্মচাৰীসকলে যদি ঢেঁকীশালত বাখৰ খুন্দিছে, পুৰুষ কৰ্মচাৰীসকলে আকৌ ফুলজাৰিত বাখৰ ভৰাইছে । আন কোনোৱে আকৌ সেইসমূহ আতচবাজীত অন্তিম পৰশ দি বজাৰলৈ উলিয়াই দিয়া কামত ব্যস্ত । মুঠৰ ওপৰত সকলোৰে সীমাহীন ব্যস্ততা ।

উল্লেখ্য যে নলবাৰীৰ নিজবাহজানীৰ এই মা আইকণ আতচবাজী উদ্যোগটো সাতামপুৰুষীয়া । শত বছৰ গৰকা এই উদ্যোগটোৰ জৰিয়তে পৰম্পৰাগতভাৱে থলুৱা আতচবাজী নিৰ্মাণৰ ককা-আজোককাৰ যি বৃত্তি সেয়া নাতি-আজোনাতিয়ে ধৰি ৰাখিছে । এই উদ্যোগটোৰ পৰা প্ৰতিবছৰে নলবাৰী জিলাৰ লগতে অসমৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি আহিছে হাজাৰ হাজাৰ আতচবাজী ।

অইনবাৰৰ দৰে এইবাৰো তেওঁলোকে ইতিমধ্যে অসমৰ কেইবাখনো জিলালৈ ৰপ্তানি কৰিছে তেওঁলোকে নিৰ্মাণ কৰি উলিওৱা আতচবাজী । অৱশ্যে বৰ্তমান চাহিদা অনুযায়ী কেঁচামালৰ অভাৱ আৰু কিছু পৰিমাণে থলুৱা আতচবাজীৰ চাহিদা তথা বিক্ৰী কমি যোৱাৰ বাবে তেওঁলোক সমস্যাত পৰিছে ।

কিন্তু ইয়াৰ মাজতো উদ্যোগটোত নিয়োজিত ২০ গৰাকী কৰ্মচাৰীৰ পৰিয়াল পোহপালত সহায়ক হৈ আহিছে নিজবাহজানীৰ এইটো উদ্যোগ । গ্ৰামাঞ্চলৰ এই উদ্যোগটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালক নিযুক্তি দি এক আদৰ্শও প্ৰতিষ্ঠা পৰিছে ।

এই ব্যৱসায় সন্দৰ্ভত উদ্যোগটোৰ স্বত্বাধিকাৰীয়ে কয়, "এই উদ্যোগটোৱে প্ৰায় এশ বছৰ অতিক্ৰম কৰিছে । আমি পুৰুষানুক্ৰমে ইয়াত জড়িত হৈ আছো । এইবাৰ হাজাৰ হাজাৰ আতচবাজী নিৰ্মাণ কৰা হৈছে । গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই আতচবাজী যায় । বতৰে বাধা-বিঘিনি নিদিলে পূৰ্বতকৈ এইবাৰ বিক্ৰীৰ চাহিদা যথেষ্ট হ'ব ।"

লগতে পঢ়ক :দীপাৱলীত আপোনাৰ ঘৰ পোহৰাবলৈ চেষ্টা কৰাসকলৰ ঘৰতো এগছি চাকি জ্বলোৱাৰ অৱকাশ দিয়ক এনেকৈ...
লগতে পঢ়ক :আহোম ৰজাই স্থাপন কৰা গাঁওখনৰ আলোকময় যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.