ETV Bharat / state

স্মাৰ্ট মিটাৰ স্থাপন কৰি চৰকাৰে সাধাৰণ ৰাইজৰ টেঁটু চেপি ধৰিছে : লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on APDCL

Lurinjyoti Gogoi on smart meters: স্মাৰ্ট মিটাৰ স্থাপন কৰি চৰকাৰে সাধাৰণ ৰাইজৰ টেঁটু চেপি চৰকাৰ চলাবলৈ বিচৰা মানসিকতা বন্ধ কৰাৰ আহ্বান অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ ৰাজ্যত স্মাৰ্ট মিটাৰৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছে গগৈয়ে ।

Lurinjyoti Gogoi reactions on excessive-power-charges-on-smart-meters
মৰাণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 2:00 PM IST

মৰাণ, 19 আগষ্ট: অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ APDCL ৰ স্মাৰ্ট মিটাৰে ত্ৰাহি মধুসূদন সোঁৱৰাইছে ৰাজ্যৰ বিদ্যুতৰ গ্ৰাহকক । যাৰ বাবে এই স্মাৰ্ট মিটাৰ সৰ্বসাধাৰণৰ বাবে একপ্ৰকাৰ অভিশাপ স্বৰূপ হৈ পৰা পৰিলক্ষিত হৈছে । কিয়নো এই স্মাৰ্ট মিটাৰত অহা অত্যধিক হাৰৰ বিদ্যুৎ মাচুলে কোঙা কৰি পেলাইছে দৰিদ্ৰ জনসাধাৰণক । ফলত বিৰোধী নেতাৰ লগতে ৰাইজেও এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে ।

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat)

স্মাৰ্ট মিটাৰক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে স্মাৰ্ট মিটাৰ স্থাপনৰ সন্দৰ্ভত দেওবাৰৰ নিশা ডিব্ৰুগড় জিলাৰ মৰাণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয়, "কেৱল স্মাৰ্ট মিটাৰ বুলিয়েই নহয় প্ৰতিবিধ অত্যাৱশকীয় সামগ্ৰী, জীৱনদায়িনী ঐষধ, ঘৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী আদি সকলোৰে দাম বৃদ্ধি হৈছে ৷ স্মাৰ্ট মিটাৰ স্থাপন কৰি চৰকাৰে সাধাৰণ ৰাইজৰ টেঁটু চেপি পেলাব বিচাৰিছে । স্মাৰ্ট মিটাৰ স্থাপনৰ ফলত চৰকাৰে বিদ্যুতৰ বিল 3/4 গুণ পৰ্যন্ত বৃদ্ধি কৰিছে । এয়া সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ । ৰাজ্যৰ অৰ্থনীতি কোঙা হোৱাৰ লগতে ৰাইজৰ আয়ৰ উৎস হ্ৰাস হোৱাৰ সময়ত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰি সৰ্বসাধাৰণক সৰ্বস্বান্ত কৰি পেলাইছে ৷ যিটো সময়ত আন ৰাজ্যত বিদ্যুৎ সেৱা প্ৰদানৰ বিনামূলীয়া ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়ত এই চৰকাৰে স্মাৰ্ট মিটাৰ স্থাপন কৰি ৰাইজক কোঙা কৰিছে ।"

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বন্ধ কৰিবলৈ লুৰীণজ্যোতি গগৈয়ে চৰকাৰক দাবী তোলে । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ 24 ঘন্টা বিদ্যুৎ যোগান ধৰাৰ কথা ঘোষণা কৰিছিল যদিও ৰাইজে নিয়মীয়া বিদ্যুৎ যোগান লাভৰ পৰা বঞ্চিত হৈছে ৷ ইফালে স্মাৰ্ট মিটাৰ স্থাপনৰ ফলত অত্যাধিক মাচুল ভৰিব লগাত পৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈ আহিছে ।

লগতে পঢ়ক: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU Protest

গ্ৰাহকক সৰিয়হ ফুল দেখুৱাইছে APDCL এ - Excessive electricity bill

তলাবন্ধ গেটৰ ওপৰেদি বগাই গৃহস্থ নথকা অৱস্থাতে স্মাৰ্ট মিটাৰ সংযোগ বিদ্যুৎ বিভাগৰ - APDCL SMART METERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.