মৰাণ, 24 মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত ৷ ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত একেলগে দেখা গ'ল ডিব্ৰুগড় ডিলাৰ লোকসভা সমষ্টিৰ বিজেপি আৰু অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈক । খোৱাঙৰ হালধিবাৰী নগৰ থানত আজি অনুষ্ঠিত হোৱা বছৰেকীয়া ৰাজহুৱা সবাহত আৰ্শীবাদ ল'বলৈ আহে দুয়োগৰাকী প্ৰাৰ্থী ।
দুয়োজন প্ৰাৰ্থীয়ে থান গৃহত পৃথকে পৃথকে আৰ্শীবাদ গ্ৰহণ কৰা পিচত থানৰ মজিয়াতে একেলগে বহি চাহৰ জুতি লয় । দুয়োগৰাকীয়ে ইজনে সিজনৰ খবৰো লয় থান গৃহৰ ভিতৰত ।
ইয়াৰ পিচতে সাংবাদিকৰ আগত সৰ্বানন্দ সোণোৱালে কয়, "এয়াই হৈছে গণতন্ত্ৰ । লুৰীণক মই আৰ্শীবাদ দিছো ।
আনহাতে লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয়, “সৰ্বা দাৰ লগত কথা পাতিলো, ৰাজ্যসভাত আপুনি আছেই লোকসভাতো মোক দিয়ক, আপুনি কৰিব নোৱাৰা কাম মই কৰি দেখুৱাম। "
উল্লেখযোগ্য যে ডিব্ৰুগড় খোৱাঙৰ ঐতিহাসিক হালধিবাৰী নগৰ থানত আজি অনুষ্ঠিত হৈছে বছৰেকীয়া ৰাজহুৱা সবাহ ১৯৬২ চনৰে পৰা প্ৰতি বছৰে ফাগুন-চ'ত মাহত দিবা-নৈশ কাৰ্যসূচীৰে আয়োজন কৰা হয় । আধ্যাত্মিকতাৰ এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে এই সবাহত । প্ৰায় অৰ্ধ শতাধিক গাঁও একত্ৰিত হৈ আয়োজন কৰা এই অনুষ্ঠান ভাগত দূৰ-দূৰণিৰ বহু ভক্তপ্ৰাণ লোকে ভাগ লোৱা দেখা পোৱা যায়।
আজি পুৱা ধৰ্মধ্বজা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হয় । শাৰী শাৰী চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ লোকৰ উপস্থিতিৰে সমগ্ৰ অঞ্চলটো জীপাল কৰি তুলিছে । এই ৰাজহুৱা সবাহত নিশালৈ টোকাৰী গীত, দিহা নামকে আদি কৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব ।
ঐতিহ্যমণ্ডিত এই ঐতিহাসিক হালধিবাৰী নগৰ থানত এই বছৰেকীয়া সবাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি। এইবাৰো তেনে এক পৰিৱেশে বিৰাজ কৰিছে । লোকবিশ্বাস অনুসৰি এই ঐতিহাসিক হালধিবাৰী নগৰ থানত সেৱা ল'লে মনৰ কামনা পূৰ্ণ হয়।
লগতে পঢ়ক: ৰাজহুৱা মঞ্চত ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই - Minister Pijush Hazarika in Titabor