ETV Bharat / state

প্ৰেমে ল’লে কালৰূপ: পিতৃৰ সৈতে থকা প্ৰেমৰ বাবেই শুকুৰীক হত্যা কৰিছিল মুক্ৰাঙে - Shukuri Tisopi sensational murder

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 6:03 PM IST

Young girl murder: কাৰ্বি আংলঙত সংঘটিত শুকুৰী তিচ’পীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ প্ৰেম তথা পাৰিবাৰিক সংঘাত এই হত্যাকাণ্ডৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে ৷ তদন্তৰ খাতিৰত কিছু তথ্য গোপনে ৰাখিছে আৰক্ষীয়ে ৷

Young girl murder
Shukuri Tisopi sensational murder (ETV Bharat Assam)

ডিফু, 18 জুন: ক্ৰমাৎ পৰ্দা দাং খাইছে কাৰ্বি আংলঙৰ আৰ্তংলাংচ’ত সংঘটিত শুকুৰী তিচ’পীৰ হত্যাকাণ্ডৰ ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ প্ৰেম তথা পাৰিবাৰিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

কুৰী তিচ’পীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰৰ তথ্য (ETV Bharat Assam)

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেবাজনো অভিযুক্তক আটক কৰিছে ৷ প্ৰাৰম্ভিক সোধ-পোচত জানিব পৰা মতে শুকুৰী তিচ’পীৰ প্ৰেম আছিল এজন ব্যক্তিৰ সৈতে ৷ যাক লৈ দীৰ্ঘদিন ধৰি লোকজনৰ ঘৰত চলি আছিল পাৰিবাৰিক সংঘাত ৷ আৰক্ষীয়ে আটক কৰা মুক্ৰাং তেৰাং নামৰ যুৱকজনৰ পিতৃৰ সৈতে প্ৰেম আছিল শুকুৰীৰ ৷ যাৰ বাবে যুৱতীগৰাকীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল মুক্ৰাঙে ৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত ৰাংছিনা ৰংপি আৰু প্ৰবীণ ৰংপি নামৰ আন দুজন যুৱককো আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক - Diphu murder case

পূব কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই জনোৱা মতে, ঘটনা সংঘটিত হোৱাৰ এঘণ্টা পাচতেই অতিৰিক্ত আৰক্ষী অধীক্ষক সহিতে তেওঁ ঘটনীস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ৷ হত্যাকাণ্ড সন্দৰ্ভত মুক্ৰাং তেৰাং আৰু ৰাংছিনা ৰংপি নামৰ দুজন যুৱকক কৰায়ত্ব কৰা হয় ৷ তেওঁলোকৰ তথ্যৰ ভিত্তিত প্ৰৱীণ ৰংপি নামৰ আন এজন যুৱকক আটক কৰা হয় ৷ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো এখন বাৰীত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৷

তিনিওজনকে সোধ-পোচ কৰাৰ পিচত মুক্ৰাং তেৰাঙে আন দুজন সতীৰ্থৰ সৈতে এই হত্যাকাণ্ড সংঘটিত কৰাটো পোহৰলৈ আহে ৷ এই ঘটনাত জড়িত সকলোকে চিনাক্ত কৰা বুলি ব্যক্ত কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে যে হত্যাকাৰীয়ে মুঠ তিনিজাঁই গুলীচালনা কৰিছিল ৷ ইয়াৰে দুটা গুলী লক্ষ্যভ্ৰস্ত হৈছিল আৰু সেই দুটা গুলী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে তৃতীয়টো গুলী, যিটোৱে তিচ’পীৰ শৰীৰত আঘাত কৰিছিল, তাৰো খালি কাৰ্টিজ উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক: বিবাহিত আছিল নৃশংসতাৰ বলি কাৰ্বি পাহাৰৰ যুৱতীগৰাকী : নেপথ্যৰ কাৰণ কি ? - young girl shot dead in Diphu

প্ৰাৰম্ভিক তদন্তত মুক্ৰাঙৰ পিতৃৰ লগত যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে আৰু পাৰিবাৰিক অশান্তিৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ মুক্ৰাং তেৰাঙে ধন খৰচ কৰি 7.65 পিষ্টলটো ডিমাপুৰৰ পৰা ক্ৰয় কৰিছিল বুলি আৰক্ষী অধীক্ষকে সাংবাদিকক জানিবলৈ দিয়ে ৷ তদন্তৰ খাতিৰত বৰ্তমান এই তদন্তৰ সবিশেষ প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী ৷

উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডিফু-লামডিং পথৰ আৰ্তংলাংচত যোৱা 10 জুনৰ নিশা ঘৰত প্ৰৱেশ কৰি বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে শুকুৰী তিচ’পীক । নিহত যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে নিশা প্ৰায় 1 বজাত এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছিল ।

লগতে পঢ়ক: মাটি খান্দি ঘৰৰ ভিতৰত সোমাই যুৱতীক হত্যা; দুজনক গ্ৰেপ্তাৰ - YOUNG GIRL SHOT DEAD IN DIPHU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.