ETV Bharat / state

আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 2:05 PM IST

Flood in Guwahati : "ৰুক্মিণীনগৰৰ কৃত্ৰিম বান ৷ তাত যায় দিছপুৰীয়া চৰকাৰৰ মান-সন্মান ৷ ললীপপ নালাগে, আমাক ৱাটাৰ এম্বেচান্স লাগে ৷ ভুৱা প্ৰতিশ্ৰুতি বাদ দিয়ক, আমাক কৃত্ৰিম বানৰ ক্ষতিপূৰণ দিয়ক ৷ জি এম চি হায় হায়, পি ডব্লিউ ডি হায় হায়, অশোক সিংহল মুৰ্দাবাদ, হিমন্ত বিশ্ব হায় হায়, বানমুক্ত কৰাৰ দৃষ্টান্ত দেখুৱাওক" আদি শ্ল’গানৰে প্ৰতিবাদ সাব্যস্ত মহানগৰবাসীৰ ৷ কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে মহানগৰৰ বাসিন্দাই ৷

GUWAHATI ARTIFICIAL FLOODS
মহানগৰ গুৱাহাটীত কৃত্ৰিম বান (ETV Bharat Assam)

গুৱাহাটী, 6 আগষ্ট : মঙলবাৰৰ দিনটোতো জলমগ্ন হৈ আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল ৷ মহানগৰীৰ ৰুক্মিণীনগৰ, হাতীগাঁও, সিজুবাৰী, ৰাজগড়, অনিল নগৰ আদিকে ধৰি বিভিন্ন অঞ্চল জলমগ্ন হৈ আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত জলমগ্ন ৰুক্মিণীনগৰৰ আৱাসীসকলে কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

মহানাগৰিকৰ প্ৰতিবাদ (ETV Bharat Assam)

"ৰুক্মিণীনগৰৰ কৃত্ৰিম বান, তাত যায় দিছপুৰীয়া চৰকাৰৰ মান-সন্মান, ললীপপ নালাগে, আমাক ৱাটাৰ এম্বেচান্স লাগে, ভুৱা প্ৰতিশ্ৰুতি বাদ দিয়ক, আমাক কৃত্ৰিম বানৰ ক্ষতিপূৰণ দিয়ক, জি এম চি হায় হায়, পি ডব্লিউ ডি হায় হায়, অশোক সিংহল মুৰ্দাবাদ, হিমন্ত বিশ্ব হায় হায়, বানমুক্ত কৰাৰ দৃষ্টান্ত দেখুৱাওক" আদি শ্ল’গানৰে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মহানগৰবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক: কৃত্ৰিম বানত লটিঘটি : সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ - GUWAHATI ARTIFICIAL FLOODS

আনহাতে, ৰুক্মিণীনগৰলৈ প্ৰশাসনে দিয়া সাহায্য উভতাই পঠিয়াই ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷ এছ ডি আৰ এফে নাৱৰ সহায়ত অঞ্চলটোৰ পথ উপপথবোৰত জনসাধাৰণক যাতায়াত কৰাত সুবিধা কৰি দিয়া বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, সোমবাৰে আবেলিৰ অহা এজাক ধাৰাসাৰ বৰষুণে মহানগৰীত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ লগে লগে জীৱন-জীৱিকাৰ তাড়নাত বজাৰ-সমাৰ, কর্মক্ষেত্ৰত থকা হেজাৰ হেজাৰ লোক হৈ পৰে জলবন্দী ৷ এজাক ধাৰাসাৰ বৰষুণে গুৱাহাটীৰ ৰাস্তা-ঘাট বুৰাই পেলোৱাটো এতিয়া তেনেই স্বাভাৱিক ঘটনাত পৰিণত হৈছে ৷

লগতে পঢ়ক: বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

পিছে সোমবাৰৰ বিয়লিৰ বৰষুণজাক আশংকা কৰাতকৈও যেন বেছি প্ৰবল আছিল ৷ গুৱাহাটীৰ কেইবাটাও ৰাজপথ বুৰোৱাৰ উপৰিও পদপথতো একঁকাল পর্যন্ত পানী হয় ৷ ৰাজধানী চহৰখনত মাত্ৰ দুঘণ্টাৰ বৰষুণে অভাৱনীয় কৃত্ৰিম বানৰ সৃষ্টি কৰে ৷

সোমবাৰৰ বৰষুণত পূৰ্বে কাহানিও বুৰ নোযোৱা ৰাস্তা-ঘাট, আৱাসিক এলেকা ডুব যায় ৷ ফলত ৰাজধানী চহৰখনৰ বহু পৰিয়াললৈ অকস্মাতে নামি আহে দুৰ্যোগ ৷ সন্ধিয়ালৈ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছিল যে, জলবন্দী পথচাৰীক উদ্ধাৰ কৰাৰ বাবে গুৱাহাটীৰ ৰাজপথত এছ ডি আৰ এফে নাও চলাবলগীয়া হয় ৷

গুৱাহাটীৰ কমার্চ কলেজ আৰু শ্ৰদ্ধাঞ্জলি উৰণসেতুৰ মাজৰ পথছোৱাত এছ ডি আৰ এফে পথচাৰীক ইপাৰ-সিপাৰ কৰায় ৷ ৰাজধানী চহৰখনৰ ব্যস্ত ৰাজপথসমূহ পানীত বুৰি থকাত নিশালৈকে দেখা যায় প্ৰচণ্ড যান-জঁট ৷ বিশেষকৈ স্কুল-কলেজৰ পৰা ওভতা ছাত্ৰ-ছাত্ৰী, কাৰ্যালয়ৰ পৰা ওভতা বহু লোক নিশালৈকে আৱদ্ধ হৈ থাকে ৰাজপথত ৷

লগতে পঢ়ক: ৰাজ্যত আগন্তুক পাঁচ দিনলৈ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.