ETV Bharat / state

বাৰিষাকালত বুঢ়ালুইতৰ ৰুদ্ৰৰূপ; মাংগলিক কাৰ্যসূচীৰে সন্তুষ্ট কৰাৰ চেষ্টা ভকত-আইমাতৃৰ - EROSION IN SAIKHOWA

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:32 AM IST

Brahmaputra River Erosion : ছৈখোৱাত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৷ নিজৰ ভেঁটি-মাটি উছন হোৱাৰ ভয়ত নৈপৰীয়া ভকত বৈষ্ণৱ, আই মাতৃ আৰু স্থানীয় লোকসকলে পূজা-অৰ্চনাৰে ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ পঢ়ক সবিশেষ...

EROSION IN SAIKHOWA
ছৈখোৱাত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া (ETV Bharat Assam)

তিনিচুকীয়া, 21 জুন : ৰাজ্যত বাৰিষাৰ দ্বিতীয়টো বানে প্লাৱিত কৰিছে প্ৰায় 19 খনকৈ জিলা ৷ য’ত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় দুই লক্ষাধিক জনসাধাৰণ ৷ বান-খহনীয়াই ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজক ৷ প্ৰাপ্ত তথ্য় অনুসৰি, যি কোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ভাঙিব পাৰে ছৈখোৱাৰ মূল সুৰক্ষা বান্ধ ৷ ইয়াকে লৈ আতংকিত হৈ পৰিছে সেই অঞ্চলৰ বাসিন্দাসকল ৷

খহনীয়া ৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ (ETV Bharat Assam)

নিজৰ ভেঁটি-মাটি উছন হোৱাৰ ভয়ত নৈপৰীয়া ভকত বৈষ্ণৱ, আই মাতৃ আৰু স্থানীয় অঞ্চলৰ লোকসকলে আৰম্ভ কৰিছে পূজা-অৰ্চনা ৷ তেওঁলোকৰ মনোভাৱ- কিজানিবা পূজা-অৰ্চনা কৰিলে সন্তুষ্ট হয়েই মহাবাহু ব্ৰহ্মপুত্ৰ ৷ তেতিয়া উছন হোৱাৰ পৰা ৰক্ষা পৰিব তেওঁলোকৰ সপোনৰ ঘৰখন ৷

লগতে পঢ়ক: গছ বগৰাই ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া ৰোধৰ চেষ্টা নৈপৰীয়া ৰাইজৰ - Massive erosion in Nalbari

পূজা-পাতলৰ সমান্তৰালকৈ স্থানীয় ৰাইজে যুদ্ধকালীন প্ৰস্তুতিৰে মথাউৰি নিৰ্মাণ কৰাও দেখিবলৈ পোৱা যায় ৷ কাৰণ অঞ্চলটোত থকা পশ্চিম ছৈখোৱা হাতীঘূলী ফেলাই-নাওকটা মথাউৰিটোৰ প্ৰায়খিনি অংশই খহাই পেলাইছে ব্ৰহ্মপুত্ৰই ৷ সেয়ে দিনে-নিশাই স্থানীয় ৰাইজে হাতে-কামে লাগিছে মথাউৰিটো ৰক্ষা কৰিবলৈ ৷

লগতে পঢ়ক: নিৰ্মাণৰ এবছৰ নৌহওঁতেই কপিলীৰ কোটিটকীয়া শৈলবান্ধত প্ৰৱল খহনীয়া - Erosion of Kapili River

আনহাতে, জলসম্পদ বিভাগে জিঅ’ বেগত বালি ভৰাই, পাৰ্কুপাইনৰ সহায়ত খহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ পুৰণা মথাউৰিৰ গাতে নতুনকৈ মথাউৰি নিৰ্মাণ কৰিছে জলসম্পদ বিভাগে ৷ আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিঅ’ বেগত ভৰাবলৈ নাটনি হৈছে বালিৰ ৷ সমান্তৰালকৈ প্ৰতিকুল বতৰেও বাধা প্ৰদান কৰিছে মথাউৰিটোৰ নিৰ্মাণত ৷ যদিহে উক্ত মথাউৰিটো ব্ৰহ্মপুত্ৰই খহাই নিয়ে, তেন্তে বৃহত্তৰ ছৈখোৱাৰ বহু অঞ্চল বানত প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য় যে, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ জনোৱা মতে কৰিমগঞ্জ আৰু নলবাৰীত বানে অধিক জটিল ৰূপ ধাৰণ কৰিছে ৷

লগতে পঢ়ক: সোৱনশিৰিৰ খহনীয়াই বিপদ মাতিছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজলৈ - Assam River Bank Erosion Problem

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.