ETV Bharat / state

কাণসাৰ নাই চৰকাৰৰ; উপায়বিহীন জনতাই মেৰামতি কৰিলে ৰঙিয়াৰ বিধ্বস্ত পথ - Pathetic Road Condition

Poor road communication: চৰকাৰে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুৱালে । ৰঙিয়াৰ ধেপাৰগাঁৱত ৰাইজে মেৰামতি কৰিলে ২০০ মিটাৰ দৈৰ্ঘৰ পথ ।

Poor road communication
ৰাইজে মেৰামতি কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্যৰ পথ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:51 PM IST

Updated : Mar 11, 2024, 2:05 PM IST

ৰাইজে মেৰামতি কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্যৰ পথ

ৰঙিয়া, ১১ মাৰ্চ : চৰকাৰে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুৱালে । ৰঙিয়াৰ ধেপাৰগাঁৱত ৰাইজে মেৰামতি কৰিলে ধেপাৰগাঁও-কুমাজান পথ । যাতায়তৰ সমস্যাত জুৰুলা ধেপাৰগাঁৱৰ ৰাইজে দিনে-নিশাই শ্ৰমদান কৰি যাতায়তৰ বাবে প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণ কৰি উলিয়ালে । যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা লোকসকলে বানে খহাই নিয়া পথটো নিৰ্মাণ কৰি উলিওৱাৰ পিচত আনন্দত উৎফুল্লিত হৈ পৰে ।

উল্লেখ্য় যে দুবছৰ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল । তাৰ পিচতে ধেপাৰগাঁও-কুমা জান সংযোগী পথৰ প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ পথ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল । ফলত একপ্ৰকাৰ যাতায়ত বন্ধ হৈ আছিল । গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ধেপাৰগাঁও অঞ্চলৰ মূল পথটো বানে খহাই নিয়াৰ দুবছৰ পিচতো মেৰামতি নকৰিলে চৰকাৰে । যাৰ বাবে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈ আহিছিল ।

এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ নামত যমৰ যাতনা ভুগিব লগা হৈছে । বিশেষকৈ অঞ্চলটোলৈ এম্বুলেঞ্চ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈ আহিছে । উপায় বিহীন হৈ অৱশেষত ৰাইজে ওলাই আহি পথ মেৰামতিৰ কাম কৰে । ৰাইজে গাঁঠিৰ ধন ভাঙি বৃহৎ পথটো নিৰ্মাণ কৰে ।

ইফালে বানৰ পিচতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চিএল এ পবিত্ৰ বড়োয়ে নতুনকৈ পথ মেৰামতিৰ আশ্বাস দিছিল । কিন্তু আজিকোপতি পথ মেৰামতিৰ কাম হাতত নোলোৱাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চিএল এ পবিত্ৰ বড়ো আৰু ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে ।

লগতে পঢ়ক : জোনাইত পথ নিৰ্মাণৰ দাবীত ক্ষুব্ধ ৰাইজে দাহ কৰিলে ভূৱন পেগু-প্ৰদান বৰুৱাৰ পুত্তলিকা

Last Updated : Mar 11, 2024, 2:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.