ETV Bharat / state

চৰকাৰলৈ বাট চাই চাই ভাগৰিল ! মথাউৰি মেৰামতিত হাতে-কামে লাগিল ৰাইজ - Assam Flood

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 5:09 PM IST

Public Repair Embankment : দুৰ্বল মথাউৰিক লৈ শংকিত পশ্চিম নলবাৰীৰ গান্ধীবস্তি, কেন্দুবাৰীৰ ৰাইজ । চৰকাৰলৈ বাট নাচাই অৱশেষত মথাউৰি মেৰামতিত হাতে-কামে লাগিল ৰাইজ । প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰো সহযোগ ।

PUBLIC REPAIR DEMAGE EMBANKMENT
মথাউৰি মেৰামতিত লাগিল ৰাইজ (ETV BHARAT ASSAM)

নলবাৰী, 10 জুন : চৰকাৰে নকৰাত হাতে-কামে লাগিল শংকিত ৰাইজ ৷ চৰকাৰে মেৰামতি নকৰাত বানৰ পৰা ৰক্ষা পাবলৈ নিজেই মথাউৰি মেৰামতিত লাগিল ৰাইজ ৷ ৰাইজৰ লগত সহযোগ কৰিলে প্ৰাক্তন বিধায়কেও ৷

ৰাইজে মেৰামতি কৰিলে মথাউৰি (ETV BHARAT ASSAM)

চৰকাৰলৈ বাট নাচায় বুঢ়াদিয়া নদীৰ মথাউৰি মেৰামতিত হাতে-কামে লাগিল নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ গান্ধী বস্তি, কেন্দুবাৰীৰ ৰাইজ ৷ ৰাইজৰ লগত সহযোগ আগবঢ়াই বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই ৷

উল্লেখ্য যে বাৰিষা আগমণৰ লগে লগে দুৰ্বল মথাউৰিক লৈ শংকিত হৈ পৰিছে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কেন্দুবাৰী, গান্ধীবস্তিকে ধৰি কেইবাখনো গাঁৱৰ নৈ পৰীয়া ৰাইজ ৷ প্ৰতি বছৰে বানপানীয়ে জুৰুলা কৰি আহিছে গাঁও কেইখনক ৷ বাৰিষা বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে বিভিন্ন ঠাইত মথাউৰি চিঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি আহিছে ৷ কৃষি প্ৰধান অঞ্চলটোৰ কৃষি ভূমি বুঢ়াদিয়াৰ বানে ধ্বংস কৰি অহাত কৃষকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে ৷ ইয়াকে লৈ স্থানীয় লোক তথা কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে ৷

বুঢ়াদিয়া নদীৰ দক্ষিণ পাৰৰ মথাউৰি কিছু মেৰামতি কৰা হৈছে যদিও উত্তৰ পাৰৰ মথাউৰি আজিলৈকে মেৰামতি কৰা নাই ৷ ফলত বিগত বৰ্ষৰ বানত উত্তৰ ফালৰ মথাউৰি বিভিন্ন ঠাইত চিগি বহুকেইখন গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰিছিল । যাতায়তৰ একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰা এই মথাউৰিটো মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যবস্থা নোলোৱাত দেওবাৰে অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি মথাউৰি মেৰামতি কৰিবলৈ হাতে-কামে লগা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : ৰাজ্যত ৮ হাজাৰ বিঘা মাটিত মাকৈ খেতিৰে কৃষি বিপ্লৱৰ সূচনা - Agricultural Revolution In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.