ETV Bharat / state

ধিংকন্যাক ন্যায় দিয়ক : আন দুই অভিযুক্তক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ হুংকাৰ ধিঙৰ সংগঠনৰ - Dhing Rape Case

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 5:53 PM IST

Protest over Dhing gangrape case : ধিংকাণ্ডক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য ৷ ঘটনা সংঘটিত হোৱা পাঁচটা দিনৰ পাছতো এতিয়াও কৰায়ত্ত হোৱা নাই আন দুই অভিযুক্ত ৷ মূল অভিযুক্ত তফাজ্জুলৰ আন দুই সহযোগীক কৰায়ত্ত কৰিবলৈ আৰক্ষী তথা প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিছে ছাত্ৰ সন্থাৰ লগতে মহিলা সমিতি, ব্যৱসায়ী সন্থা ইত্যাদি দল-সংগঠনে ৷

Protest over Dhing gangrape case
ধিংকাণ্ড বিৰোধী প্ৰতিবাদ (ETV Bharat)

ধিং, 27 আগষ্ট : ধিংকাণ্ডই আজি পঞ্চমটো দিনত ভৰি দিলে ৷ পঞ্চম দিনাও শান্ত হোৱা নাই ধিঙৰ পৰিৱেশ ৷ ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷

ধিংকাণ্ড বিৰোধী প্ৰতিবাদ (ETV Bharat)

ঘটনা সংঘটিত হোৱা পাঁচটা দিন অতিক্ৰম কৰাৰ পাছতো এই জঘন্যকাণ্ডত জড়িত আন দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাৰ মূল অভিযুক্ত তফাজ্জুলৰ পানীত জাপ দিয়াৰ ফলত মৃত্যু হ’ল যদিও এতিয়া আন দুই অভিযুক্ত মুকলি আকাশৰ তলতে ঘূৰি আছে ৷ এই দুই অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰি আনুষ্ঠানিকভাৱে শাস্তি প্ৰদান কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনাইছে ৷

লগতে পঢ়ক : ধিংকাণ্ডৰ বিৰুদ্ধে ৩০ টা সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ, মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছৰ - Dhing Rape Case

ইফালে ধিঙৰ প্ৰতিবাদী নাৰী সমাজে প্ৰয়োজনত কালী বা দুৰ্গা দেৱীৰ ৰূপ ধাৰণ কৰিব বুলিও একপ্ৰকাৰে অসম আৰক্ষীক সকীয়নি প্ৰদান কৰে ৷ আনহাতে, দুই নৰপিশাচক গ্ৰেপ্তাৰ নকৰালৈকে ধিঙত প্ৰতিবাদ অব্যাহত থাকিব বুলিও ধিং ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ আগত হুংকাৰ প্ৰদান কৰে । লগতে প্ৰতিবাদস্থলীৰ পৰাই ধিং ছাত্ৰ সন্থাই ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামকো ঘটনা সন্দৰ্ভত তেওঁৰ স্থিতিৰ বাবে একপ্ৰকাৰে সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য যে, ধিঙত সংঘটিত হোৱা নাৰকীয় ঘটনাক লৈ জ্বলি আছে ৰাজ্য ৷ নাবালিকাগৰাকীক ন্যায় দিয়াৰ স্বাৰ্থত মঙলবাৰেও হাতে হাতে বিভিন্ন দাবীসম্বলিত প্লে-কাৰ্ড লৈ হাজাৰ হাজাৰ লোকে ধিঙৰ ৰাজপথত সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে পঢ়ক : ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ - Dhing rape case

এই বিশাল সমদলে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, নাৰীক সুৰক্ষা প্ৰদান কৰক আদি শ্ল’গান দি আকাশ বতাহ কঁপাই তোলে ৷ ধিং অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি বহু ছাত্ৰ-ছাত্ৰীৰ লগতে ধিংবাসীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ ধিং আঞ্চলিক কমিটীৰ উদ্যোগত আৰু ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ব্যাৱসায়ী সন্থা আৰু সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত ধিং টাউনৰ বজাৰৰ পৰা আৰম্ভ কৰা হয় এই বিশাল সমদল ৷ ধিং বজাৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ দীঘল এই প্ৰতিবাদী সমদলটোৱে ধিং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক : তদন্ত সঠিক দিশত আগবাঢ়িছে, অভিযুক্তৰ পৰা লাভ কৰা হৈছে তথ্য : ধিঙত জি পি সিং - Dhing Rape Case

আনহাতে, এই জঘন্য ঘটনাক লৈ ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ ধিঙত বন্ধ ঘোষণা কৰিছিল ৷ কিন্তু ব্যৱসায়ীসকলৰ লগতে ৰাইজৰ দাবীত এই বন্ধৰ কাৰ্যসূচী বাতিল কৰা হৈছিল । ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এক বিশাল বাহিনী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সদা সষ্টম হৈ আছে । প্ৰকৃত ধৰ্ষণকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ধিঙৰ জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে কৰিব: পীযুষ হাজৰীকা - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.