ETV Bharat / state

মীন পালনৰে কিদৰে লাভান্বিত হ'ব পাৰি ?

Self Reliant : মাছৰ পোনা উৎপাদনেৰে ৰাজ্যৰ লগত বহিঃৰাজ্যৰ বজাৰ দখল এজন অসমীয়াৰ । নাহৰকটীয়া চাচনীৰ এগৰাকী মীন পালকৰ কথাৰে এই প্ৰতিবেদন ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Lilakanta Saikia of Naharkatia has become self-sufficient in fisheries
মীন পালনৰে কিদৰে লাভান্বিত হ'ব পাৰি ? (ETV Bharat Assam)

মৰাণ: প্ৰৱল ইচ্ছাশক্তি আৰু আগ্ৰহ থাকিলে কৰ্ম-সংস্কৃতিৰ দ্বাৰা জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰি । হেজাৰ প্ৰত্যাহ্বানকো নেওচি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা কৃষিকৰ্মৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰি বহুজনে সফলতাৰ বাট বুলিবলৈ সক্ষম হৈছে । যাৰ কৰ্মই বহুলোকক উৎসাহ আৰু প্ৰেৰণা যোগাইছে । তেনে এজন আদৰ্শ অসমীয়াই মাছৰ পোনা উৎপাদনেৰে ৰাজ্যৰ লগত বহিঃৰাজ্য বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰি চৰকাৰী চাকৰিৰ সলনি ৰাজ্যত কৰ্ম-সংস্কৃতি গঢ় দিবলৈ চেষ্টা কৰা সময়ত ডিব্ৰুগড়ত এজন অসমীয়াই কৰ্ম-সংস্কৃতিৰে দিছে আশাৰ বতৰা । ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনীৰ লীলাকান্ত শইকীয়াই মৎস্য উৎপাদনৰ জৰিয়তে দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন । নিজৰ লগতে আন কেইবাজনকো সংস্থাপন দিয়াৰ লক্ষ্যৰে ২০০০ চনৰ পৰা চাচনীৰ লীলাকান্ত শইকীয়াই আৰম্ভ কৰিছিল মৎস্য পালন । ক্ৰমাগতভাৱে এই মৎস্য পালনেৰে আগবঢ়াই নিছিল নিজৰ উৎপাদন ।

বৰ্তমান ১৮ বিঘা মাটিত থকা পুখুৰীত মাছৰ পোনা উৎপাদন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে লীলাকান্ত শইকীয়াই । মাছৰ পোনাসমূহ বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডলৈ ৰপ্তানি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী মৎস্য পালক লীলাকান্ত শইকীয়া । মাছৰ পোনা উৎপাদন কৰি বছৰি ১৩ লাখ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা লীলাকান্ত শইকীয়াই মৎস্য পালন আৰু মাছৰ পোনা উৎপাদন এক লাভ জনক ব্যৱসায় বুলি জানিবলৈ দিয়ে ।

মাছৰ পোনা উৎপাদনৰ সম্পৰ্কত কি কয় মীন পালকগৰাকীয়ে:

এই সন্দৰ্ভত লীলাকান্ত শইকীয়াই কয়, "মই ২০০০ চনৰ পৰাই মৎস্য উৎপাদনৰ লগত জড়িত হৈ আছো । প্ৰথম অৱস্থাত এই বিষয়ত ইমান অভিজ্ঞতা নাছিল ৷ কিন্তু মীন বিভাগৰ সৈতে যোগাযোগ কৰি বিভিন্ন ক্ষেত্ৰৰ পৰা পৰামৰ্শ লৈ বৰ্তমান ১৮ বিঘাৰ মাটিৰ পুখুৰীত মাছৰ পোনা উৎপাদন কৰিব পৰা হৈছোঁ । ৰাজ্য চৰকাৰৰ মীন বিভাগে অনুষ্ঠিত কৰা বিভিন্ন প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছোঁ । শেহতীয়াকৈ ২০২৩ চনত ভাৰত চৰকাৰৰ উদ্যোগত বাংলাদেশত ১৫ দিন প্ৰশিক্ষণ গ্ৰহণ কৰিছো ।"

ক'ত ক'ত মাছৰ পোনা বিক্ৰী কৰে:

মীন পালক শইকীয়াই কয়, "আমি মাছৰ পোনাৰ গুণাগুণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছোঁ । প্ৰথম মাছৰ পোনা বিক্ৰী স্থানীয়ভাৱে কৰিছিলো । কিন্তু আমাৰ উৎপাদিত পোনাৰ গুণাগুণ ভাল বুলি জানিব পাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মীন পালকসকলে পোনা নিবলৈ আহে । অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজিৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডলৈ ৰপ্তানি কৰা হৈছে মাছৰ পোনা । মীন পালক সকলে নিজেই আহি পোনা লৈ যায় ।"

১৮ বিঘাৰ পুখুৰীত মাছৰ পোনা উৎপাদ কৰি কিমান লাভান্বিত হৈছে লীলাকান্ত শইকীয়া:

১৮ বিঘাৰ পুখুৰীত মাছৰ পোনা উৎপাদন কৰি লীলাকান্ত শইকীয়াই বছৰি ১৩ লাখৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে । ইয়াৰ সমান্তৰালভাৱে কেইবাজনো ব্যক্তিক সংস্থাপন দিবলৈ সক্ষম হৈছে । মাছৰ পোনা উৎপাদন কৰাটো বিজ্ঞান ভিত্তিক প্ৰক্ৰিয়া সেয়ে উৎপাদনৰ ক্ষেত্ৰত খৰচো যথেষ্ট হয় বুলি জানিবলৈ দিয়ে ।

নতুন প্ৰজন্মলৈ কি পৰামৰ্শ মীন পালকগৰাকীৰ:

এই সন্দৰ্ভত তেওঁ কয়, "বৰ্তমান সময়ত মীন পালন এক লাভজনক ব্যৱসায় । মীন পালনৰ লগত বহু কেইটা উৎপাদন কৰি লাভান্বিত হ'ব পাৰি । মাছ পালন কৰা পুখুৰীৰ পাৰত নেমু, তামোল খেতি কৰি লাভান্বিত হ'ব পাৰি । লগতে হাঁহ ব্ৰয়লাৰ আৰু গাহৰি পালন কৰিও মীন পালক এজনে অধিক লাভ আদায় কৰিব পাৰিব ।

লগতে পঢ়ক: শ বিঘাৰ প্ৰাকৃতিক জলাশয়ত মীন পালনেৰে দেখুৱাইছে আদৰ্শ - Self Reliant By Fish Farming

অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য় চৰকাৰৰ: কেশৱ মহন্ত - NATIONAL FISH FARMERS DAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.