ETV Bharat / state

শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰত ২৮০ বছৰে নিৰলে চলিছে পূজা-উপাসনা

Kaliabor historical Durga temple: অষ্টম-নৱম শতিকাত হাতীমূৰা পাহাৰত এটা মূৰ সদৃশ শিলত দুৰ্গাৰ মূৰ্তিটো কটাইছিল বাবে এই মন্দিৰটো হাতীমূৰীয়া দুৰ্গা মন্দিৰ নামে জনাজাত ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Kaliabor historical Durga temple
হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰ (ETV Bharat Assam)

কলিয়াবৰ, ৯ অক্টোবৰ : অষ্টম শতিকাত শালস্তম্ভ ৰজাৰ দিনত স্থাপন হৈছিল কলিয়াবৰৰ হাতীমূৰা শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰ । এই ঐতিহাসিক মন্দিৰটো পৰৱৰ্তী কালত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশত গদাধৰ তৰুণ দুৱাৰা বৰফুকনে হাতীমূৰা পাহাৰৰ থিয় মূৰ্তিত দশভূজা দুৰ্গাৰ মন্দিৰ নিৰ্মাণ কৰিছিল । এই মন্দিৰৰ দেৱীৰ প্ৰতিকৃতি শিলত খোদিত আছে ।

অৱশ্যে বৰ্তমান এই মন্দিৰত বলি-বিধান ব্যৱস্থা নাই । হাতীৰ মূৰৰ দৰে শিলটোত প্ৰমত্ত সিংহই দশভূজা দুৰ্গা মন্দিৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ দিন ধৰি এই পাহাৰ তথা অঞ্চলটোৰ নাম হাতীমূৰা বুলি খ‍্যাত হ'ল । কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষমৰ্দিনী দুৰ্গা মন্দিৰত মহাষষ্ঠী পূজাৰ আয়োজনেৰে আজিৰে আৰম্ভ হৈছে দেৱী পূজা ।

শালস্তম্ভ যুগৰ কলিয়াবৰৰ লুইতৰ পাৰৰ হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ উন্নয়নৰ বাবে তদানীন্তন প্ৰত্নতত্ত্ব আৰু স্থাপত‍্য মন্ত্ৰী কেশৱ মহন্ত তথা বিভাগৰ তিনি কোটি টকীয়া অভিলাষী আঁচনিৰে পৰ্যটনৰ আকৰ্ষণীয় স্থলৰূপে গঢ় দিয়াৰ প্ৰয়াস কৰিছিল । কিন্তু এই আঁচনিৰ সুফল কলিয়াবৰৰ পৰ্যটনৰ উন্নয়নত প্ৰভাৱ পেলাব পৰা নাই ।

লুইতৰ পাৰত অৱস্থিত কলিয়াবৰৰ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰ অন্যতম ঐতিহাসিক এই দুৰ্গা মন্দিৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ এই উৎসৱৰ সময়ে উপযুক্ত সময় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাতিদূৰৈৰ হাতীমূৰা মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ লগতে আন-আন ধৰ্মীয় সমলসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়ভাৱে গঢ়ি তুলিবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে ।

ব্ৰহ্মপুত্ৰৰ পাৰত হাতীমূৰা পাহাৰ

দূৰৈৰ পৰা হাতীৰ মূৰৰ দৰে দেখি বাবে ইয়াৰ নাম হাতীমূৰা পাহাৰ। এই পাহাৰতে অষ্টম-নৱম শতিকাত দুৰ্গাৰ মূৰ্তিটো এটা মূৰ সদৃশ শিলত কটাইছিল বাবেও ই হাতীমূৰীয়া দুৰ্গা মন্দিৰ নামে জনাজাত । উক্ত মন্দিৰ ধ্বংস হোৱাত আহোম যুগত প্ৰমত্তসিংহই পুনৰ নিৰ্মাণ কৰি এখন শিলালিপি কটাই দিয়ে । কথিত আছে যে এই ঠাইখণ্ডতে মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ দিনত এটা কোঠ আছিল । তাত চলা বৰগোহাঞি সেনাপতি আছিল ।

হাতীমূৰা নাম কিয় হ'ল ?

প্ৰমত্ত সিংহৰ দিনত আহোমৰ যুদ্ধা হাতীমূৰীয়াক এই অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল । হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই এই অঞ্চলটোক হাতীমূৰা বোলে । শালস্তম্ভ ৰজাৰ দিনত নিৰ্মিত শিলঘাটৰ কামাখ‍্যা মন্দিৰ পুনৰ নিৰ্মাণৰ বছৰতে ১৭৪৫ চনত প্ৰমত্ত সিংহই হাতীমূৰা পাহাৰৰ থিয় মূৰটোত দশভূজা দুৰ্গাৰ মন্দিৰ নিৰ্মাণ কৰি শাক্তধৰ্ম প্ৰচাৰত বৰঙণি যোগাইছিল ।

কলিয়াবৰৰ ইতিহাস প্ৰণেতা প্ৰয়াত লীলাধৰ বৰাই 'ঐতিহ‍্যমণ্ডিত কলিয়াবৰ' গ্ৰন্থত হাতীমূৰা মন্দিৰৰ এটি কিম্বদন্তিৰ মতে, এবাৰ ৰজা প্ৰমত্ত সিংহ গুৱাহাটীৰ পৰা উজাই আহি থাকোতে ভোমোৰাগুৰি পাহাৰৰ ওচৰ পাওঁতে ৰাতি হ'ল । সেই ঠাইত হঠাতে এগৰাকী সোণৰ পুতলাৰ দৰে ছোৱালী নাৱত জপিয়াই পৰিল আৰু নাও নিজে-নিজে উজাই যাবলৈ ধৰিলে । নাও আহি হাতীমূৰাৰ ঘূলীত ৰৈ গ'ল । তেতিয়া ৰজাই দেও-ভূত বুলি চমতাৰে কোবোৱাত ছোৱালীজনী ব্ৰহ্মপুত্ৰৰ সেই ঘূলীত পৰি ৰ'ল । 'গোসঁনী ডুবি' তাৰ স্বাক্ষৰ।

ৰজাক সপোনত দেখা দিছিল দেৱীয়ে

ৰজাই তাৰ পৰা গৈ কাজিৰঙাত কটাইছিল । সেই নিশাই গোসাঁনীয়ে ৰজাক সপোনত দেখা দি এই বুলি কৈছিল যে তেওঁ যি ঠাইত পৰি গৈছিল তাৰ ওচৰৰ পাহাৰতে এটা হাতীৰ মূৰৰ দৰে শিল আছে আৰু সেই শিলতে দশভূজা গোসাঁনীৰ মূৰ্তি কাটি স্থাপন কৰি এটি মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগে । সপোনৰ মতেই প্ৰমত্ত সিংহই হাতীমূৰীয়া শিলত দশভূজা গোসাঁনীৰ মূৰ্তি কটাই দুৰ্গা মন্দিৰ প্ৰতিষ্ঠা কৰিছিল । সেইদিন ধৰি সেই পাহাৰৰ নাম তথা অঞ্চলটিৰ নাম হাতীমূৰা বুলি খ‍্যাত হ'ল ।

লগতে পঢ়ক:এই পূজা মণ্ডপত প্ৰৱেশ কৰিলে পঢ়িব লাগিব কুঁহিপাঠ ! - Tinsukia Unique Puja Pandal

Dibrugarh exceptional Puja: আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালৰ পৰাই পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ আয়োজন ডিব্ৰুগড়ৰ বকুলত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.